সমললৈ যাওক

লীলাৱতী সিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Lilavati Singh, Indian college professor, from a 1909 publication

লীলাৱতী সিং (ইংৰাজী: Lilavati Singh; জন্ম:১৪ ডিচেম্বৰ ১৮৬৮ - মৃত্যু: ৯ মে ১৯০৯) যাক লিলিৱতী সিং নামেৰেও জনা যায়। তেওঁ এগৰাকী শিক্ষয়িত্ৰী আৰু লক্ষ্ণৌৰ ইছাবেলা থোবাৰ্ন কলেজৰ সাহিত্য আৰু দৰ্শনৰ অধ্যাপিকা আছিল।

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

লীলাৱতী সিঙৰ গোৰখপুৰত খ্ৰীষ্টান পৰিয়ালৰ ঘৰত জন্ম হৈছিল, বাপ্তিস্মৰ নাম "এথেল ৰাফেল।" [1] তেখেতে ছোৱালী অৱস্থাত লুইছা মে এলকটৰ লিটিল উইমেন পঢ়িছিল আৰু উপন্যাসখনত চিত্ৰিত সহায়ৰ অনুভূতি অনুভৱ কৰিছিল।[2]

যুৱতী হিচাপে আনুষ্ঠানিকভাৱে ভাৰতীয় নামটো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। ছোৱালী হিচাপে মিছ থ'বাৰ্নৰ বৰ্ডিং স্কুলত পঢ়িছিল আৰু ১৮৯৫ চনত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত ডিগ্ৰী লাভ কৰিছিল,[1] সেই প্ৰতিষ্ঠানৰ পৰা ডিগ্ৰী লাভ কৰা প্ৰথম দুগৰাকী মহিলাৰ ভিতৰত অন্যতম।[3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ইছাবেলা থোবাৰ্নে নিজৰ বিদ্যালয়ৰ কলেজীয়া অংশ খুলিছিল আৰু ১৮৯২ চনত তেওঁ প্ৰাক্তন ছাত্ৰী লীলাৱতী সিংক শিক্ষক হিচাপে নিযুক্তি দিছিল, যিগৰাকী অনুষদৰ একমাত্ৰ ভাৰতীয় শিক্ষয়িত্ৰী আছিল। ইছাবেলা থোবাৰ্ন কলেজৰ সাহিত্য আৰু দৰ্শনৰ অধ্যাপক হয় সিং। ১৯০২ চনত ইছাবেলা থ’বাৰ্নৰ মৃত্যুৰ পিছত তেওঁক বিদ্যালয়খনৰ ভাইচ প্ৰিন্সিপাল হিচাপে নিযুক্তি দিয়া হয়।[1]

১৮৯৯ আৰু ১৯০০ চনত মহিলা বিদেশী মিছনেৰী ছ'চাইটিৰ তত্ত্বাৱধানত[4] আমেৰিকা ভ্ৰমণৰ সময়ত সিঙে কথা কয় আৰু গান গাইছিল,[5] কাৰ্নেগী হলত ৰৈছিল, য'ত তেওঁ প্ৰাৰম্ভিক লেখিকা ইছাবেলা বাৰ্ড বিচপ আৰু প্ৰিচিলা ব্ৰাইট মেকলেৰেনৰ সৈতে এক অনুষ্ঠানত আছিল।[6] ১৯০৯ চনত তেওঁ ভাৰতীয় মহিলাৰ জীৱনৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে আমেৰিকাত আন এক বক্তৃতা ভ্ৰমণ কৰে, আৰু ৰেডক্লিফ কলেজত স্নাতক অধ্যয়ন কৰাৰ উদ্দেশ্যেও।[7]

তেওঁ বিশ্ব ছাত্ৰ খ্ৰীষ্টান ফেডাৰেচনৰ মহিলা সমিতিৰ অধ্যক্ষ আছিল, আৰু ১৯০৭ চনত টকিঅ’ত সেই সংস্থাৰ সন্মিলনত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।[8] ১৯০৮ চনত ইউৰোপ আৰু ইংলেণ্ডত আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰে। সিঙে মহিলা কাকত ৰফিক-ই-নিছৱান সম্পাদনা কৰিছিল আৰু বুকাৰ টি ৱাশ্বিংটনৰ জীৱনী অনুবাদ কৰিছিল, যাক তেওঁ প্ৰশংসা কৰিছিল।[1]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯০৯ চনত আমেৰিকাত বক্তৃতা ভ্ৰমণৰ সময়ত চিকাগোৰ এখন চিকিৎসালয়ত জৰুৰীকালীন অস্ত্ৰোপচাৰৰ ফলত হোৱা জটিলতাৰ বাবে সিঙৰ মৃত্যু হয়। তেওঁৰ বয়স আছিল ৪০ বছৰ। ইলিনয়ৰ এলগিনৰ এটা গীৰ্জাৰ চোতালত তেওঁৰ মৃতদেহ সমাধিস্থ কৰা হয়। তেওঁৰ কবৰৰ শিলত লিখা আছিল, "ঈশ্বৰৰ শান্তি তেওঁৰ মুখত আছিল।" [9]ইছাবেলা থ'বাৰ্ন কলেজত এটা লীলাৱতী সিঙৰ ছাত্ৰাবাস স্মৃতিচাৰণ অনুদানৰে নিৰ্মাণ কৰা হৈছিল,[10] আৰু তেওঁৰ স্মৃতিত নামকৰণ কৰা হৈছিল।[11]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 Florence L. Nichols, Lilavati Singh: A Sketch (Woman's Foreign Missionary Society 1909).
  2. George S. M'Dowell, "Items, Ideas, Ideals in the Home Field" Journal and Messenger (20 June 1918): 18.
  3. "To Honor Miss Lilavati Singh" Boston Evening Transcript (16 September 1908): 5.
  4. "An East Indian Visitor" Indianapolis News (19 October 1899): 9. via Newspapers.comopen access publication – free to read
  5. "Woman's Life in Darkest India" Philadelphia Times (15 January 1900): 7. via Newspapers.comopen access publication – free to read
  6. "Toil For Fellow Women" New York Tribune (27 April 1900): 2. via Newspapers.comopen access publication – free to read
  7. "College Woman from India Here to Make Addresses" Washington Post (4 April 1909): 9. via Newspapers.comopen access publication – free to read
  8. G. H. C., "Lilivati Singh in China and Japan" Life and Light for Woman 38(February 1908): 50-51.
  9. "Editorial: Lilavati Singh" Woman's Missionary Friend (June 1909): 201-202.
  10. "Cornerstone Laying at Lucknow" The Christian Advocate 86 (16 February 1911): 228.
  11. Flora L. Robinson, "College Leaders of Yesterday and To-Day" The North American Student (1916): 353-354.