সমললৈ যাওক

লীলা নাইডু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লীলা নাইডু

ভাৰতীয় ডাকটিকটত নাইডু
জন্ম ১৯৪০[1]
বোম্বে, ব্ৰিটিছ ভাৰত
মৃত্যু ২৮ জুলাই ২০০৯ (৬৯ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৬০- ১৯৯২
দাম্পত্যসঙ্গী
  • তিলক ৰাজ ওবেৰয় (বি. ১৯৫৬)
  • ডম মৰিছ (বি. ১৯৬৯)
বঁটা, সন্মান, পুৰস্কাৰ আদি ফেমিনা মিছ ইণ্ডিয়া


লীলা নাইডু (ইংৰাজী: Leela Naidu ; ১৯৪০ – ২৮ জুলাই ২০০৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। তেওঁ বাস্তৱ জীৱনৰ নানাৱতী গোচৰৰ আধাৰত নিৰ্মিত য়ে ৰাষ্টে হ্যায় প্যাৰ কে (১৯৬৩) আৰু মাৰ্চেণ্ট আইভৰি প্ৰডাকচনৰ প্ৰথমখন ছবি দ্য হাউছহোল্ডাৰকে ধৰি কম সংখ্যক হিন্দী আৰু ইংৰাজী ছবিত অভিনয় কৰিছিল। ১৯৫৪ চনত ফেমিনা মিছ ইণ্ডিয়া হিচাপে পৰিগণিত হৈছিল আৰু মহাৰাণী গায়ত্ৰী দেৱীৰ সৈতে Vogue আলোচনীত "বিশ্বৰ দহগৰাকী আটাইতকৈ ধুনীয়া মহিলা"ৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল, যিখন তালিকা ১৯৫০ দশকৰ পৰা ১৯৬০ দশকলৈকে বিশ্বৰ বিশিষ্ট ফেশ্বন আলোচনীসমূহত তেওঁক অবিৰতভাৱে অন্তৰ্ভুক্ত হৈছে। ধ্ৰুপদী সৌন্দৰ্য্য আৰু সূক্ষ্ম অভিনয় শৈলীৰ বাবে তেওঁক স্মৰণ কৰা হয়।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

লীলা নাইডুৰ ভাৰতৰ বম্বেত (বৰ্তমান মুম্বাই) জন্ম হৈছিল । তেওঁৰ পিতৃ অন্ধ্ৰপ্ৰদেশৰ চিট্টুৰ জিলাৰ মদনাপল্লেৰ ড° পট্টিপতি ৰমাইয়া নাইডু, এজন সুপৰিচিত পাৰমাণৱিক পদাৰ্থবিজ্ঞানী আৰু পেৰিছত ডক্টৰেট ডিগ্ৰীৰ থিছিছৰ বাবে নোবেল বঁটা বিজয়ী মেৰী কুৰীৰ তত্বাৱধানত কাম কৰিছিল। পেৰিছত মেডাম কিউৰীৰ এটা লেব তেওঁ চলাইছিল। তেওঁ দক্ষিণ-পূব এছিয়াৰ বাবে ইউনেস্ক’ৰ বৈজ্ঞানিক উপদেষ্টা আছিল, আৰু পিছলৈ টাটা গ্ৰুপৰ উপদেষ্টা হৈছিল। তেওঁৰ মাতৃ সাংবাদিক আৰু ইণ্ড'লজিষ্ট, দক্ষিণ-ফ্ৰান্সৰ পণ্ট ডি এভিগননৰ ড° মাৰ্থে মাংগে নাইডু, চুইছ-ফ্ৰান্স মূলৰ আছিল আৰু ছ’ৰবনৰ পৰা পি এইচ ডি লাভ কৰিছিল।[2][3][4] মাৰ্থেৰ ৭টা গৰ্ভপাত হোৱাৰ বাবে আঠটা গৰ্ভাৱস্থাৰ ভিতৰত লীলা নাইডু আছিল একমাত্ৰ জীয়াই থকা সন্তান।

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
  • অনুৰাধা (১৯৬২)
  • উমিদ (১৯৬২)
  • য়ে ৰাস্তে হ্যায় প্যাৰ কে (১৯৬৩)
  • গৃহস্থ (১৯৬৩)
  • বাঘী (১৯৬৪)
  • আব্ৰু (১৯৬৮) .
  • গুৰু (১৯৬৯)
  • ত্ৰিকাল (১৯৮৫)
  • ইলেক্ট্ৰিক মুন (১৯৯২) ..

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Leela Naidu: Miss India of 1954 who went on to forge a career as an". The Independent. 21 September 2009. https://www.independent.co.uk/news/obituaries/leela-naidu-miss-india-of-1954-who-went-on-to-forge-a-career-as-an-actress-with-a-touch-of-western-1790753.html। আহৰণ কৰা হৈছে: 2 September 2017. 
  2. Profile Lata Khubchandani, Prevention Today (India Today)."French Mother"
  3. "The Art Of Being Radiant". Outlook. 17 August 2009. http://www.outlookindia.com/article/the-art-of-being-radiant/261179। আহৰণ কৰা হৈছে: 30 July 2015. 
  4. Pinto, Jerry (6 May 2010) (en ভাষাত). LEELA: A PATCHWORK LIFE. Penguin UK. ISBN 9788184752540. https://books.google.com/books?id=w9RSMrolEucC&q=dali। আহৰণ কৰা হৈছে: 21 October 2020. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]