সমললৈ যাওক

লীলা ৰায় ঘোষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

লীলা ৰায় ঘোষ (ইংৰাজী: Leela Roy Ghosh ; ১৯৪৭ বা ১৯৪৮ – ১১ মে' ২০১২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে কণ্ঠ ডাবিঙৰ পাৰদৰ্শী আছিল। তেওঁ হিন্দী, বাংলা, ইংৰাজী, মাৰাঠী আৰু উৰ্দু ভাষাত ডাবিং কৰিছিল।[1] তেওঁ এগৰাকী ডাবিং পৰিচালকও আছিল। তেওঁৰ কন্যা মোনা ঘোষ শ্বেট্টি এগৰাকী কণ্ঠ অভিনেত্ৰী আৰু গায়িকা।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ঘোষে হয়তো মুম্বাই চহৰৰ আন্ধেৰীত অৱস্থিত ডাবিং ষ্টুডিঅ’ ছাউণ্ড এণ্ড ভিজন ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ হিচাপে পৰিচিত আছিল। তেওঁৰ ছোৱালী মোনাই তেওঁক সহায় কৰিছিল আৰু ১৯৯০ চনৰ আৰম্ভণিৰ পৰা লীলাৰ মৃত্যুলৈকে তেওঁলোকে একেলগে কোম্পানীটোৰ বাবে ব্যৱসায় কৰিছিল। কোম্পানীটোৱে হলিউডৰ প্ৰডাকচন হাউছ যেনে পেৰামাউণ্ট পিকচাৰ্ছ, ইউনিভাৰ্চেল ষ্টুডিঅ’ আৰু চ’নী পিকচাৰ্ছ এণ্টাৰটেইনমেণ্টে নিৰ্মাণ কৰা চিনেমাৰ বাবে ভাৰতীয় ভইচ-ডাব (বেছিভাগেই হিন্দী) চম্ভালে। ২০১৩ চনলৈকে ডাবিং ষ্টুডিঅ'টোৱে ৩০০ৰো অধিক বিদেশী ছবি আৰু হাজাৰৰো অধিক বিদেশী টিভি অনুষ্ঠান ডাবিং কৰিছে।[3][4]

২০১২ চনৰ ১১ মে'ত ৬৪ বছৰ বয়সত যকৃত প্ৰতিস্থাপন অস্ত্ৰোপচাৰৰ জটিলতাৰ বাবে ঘোষৰ মৃত্যু হয়।[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "The New Wordsmiths". The Indian Express. 30 January 2012. http://www.indianexpress.com/news/the-new-wordsmiths/905490/। আহৰণ কৰা হৈছে: 21 May 2012. 
  2. Nikhil, Menon (7 March 2010). "Making their mark behind the celluloid screen - Economic Times". The Economic Times. Archived from the original on 30 March 2016. https://web.archive.org/web/20160330073815/http://articles.economictimes.indiatimes.com/2010-03-07/news/28492124_1_women-directors-younger-women-editing। আহৰণ কৰা হৈছে: 21 May 2012. 
  3. "Cartoon Voice Dubbing". Cartoon Voice Talent. 7 August 2008. Archived from the original on 22 August 2015. https://web.archive.org/web/20150822221229/http://www.cartoonvoicetalent.com/dubbing-cartoon-voices/। আহৰণ কৰা হৈছে: 21 May 2012. 
  4. Dandavate, Rohini (1 May 2013). "Leela Roy Ghosh: A Guardian Angel". https://www.scribd.com/doc/128130293/Leela-Roy-Ghosh-A-Guardian-Angel। আহৰণ কৰা হৈছে: 9 July 2013. 
  5. "Leela Ghosh, Directory, Biography, Encyclopedia, Telephone Number, Address". Bollywoodchaska.com. Archived from the original on 4 May 2012. https://web.archive.org/web/20120504170030/http://bollywoodchaska.com/directory/7082-Leela-Ghosh.html। আহৰণ কৰা হৈছে: 21 May 2012.