লী ক'ৰবাজিয়ে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লী ক'ৰবাজিয়ে

লী ক'ৰবাজিয়ে
নাম Charles-Édouard Jeanneret
জন্ম অক্টোবৰ ৬, ১৮৮৭
La Chaux-de-Fonds, Switzerland
মৃত্যু আগষ্ট ২৭, ১৯৬৫ (৭৭ বছৰ)
Roquebrune-Cap-Martin, France
দেশ Swiss / French (from 1930)
বঁটা AIA Gold Medal (1961)

চাৰ্লছ-এডৱাৰ্ড জিয়েনেৰেট-গ্ৰীজ (ইংৰাজী: Charles-Édouard Jeanneret-Gris),যাক প্ৰধানকৈ লী ক'ৰবাজিয়ে (ইংৰাজী: Le Corbusier) (French: [lə kɔʁbyzje];৬ অক্টোবৰ, ১৮৮৭– ২৭ আগষ্ট, ১৯৬৫) নামেৰে জনা যায়, এগৰাকী খ্যাতনাম স্থপতিবিদ, শিল্পী আৰু লেখক৷ তেওঁক আধুনিক স্থপতিবিদ্যাৰ জনকসকলৰ মাজত অন্যতম বুলি গণ্য কৰা হয়৷ ইউৰোপ, ভাৰত, আমেৰিকাৰ বিভিন্ন অঞ্চলত সিঁচৰিত হৈ থকা বিভিন্ন অট্টালিকাসমূহ তেওঁৰ পাঁচটা দশক জোৰা স্থপতিবিদ্যাৰ নিদৰ্শন৷

জীৱন[সম্পাদনা কৰক]

লী ক'ৰবাজিয়েৰ জন্ম হৈছিল ৬ অক্টোবৰ, ১৮৮৭ চনত ছুইজাৰলেণ্ডৰ এখন সৰু চহৰত ৷ শৈশৱৰে পৰা তেওঁ স্থপতিবিদ্যাত আগ্ৰহী হৈ উঠিছিল৷ তেওঁ বুডাপেষ্ট আৰু পেৰিছত উচ্চশিক্ষা লাভ কৰে৷ ১৯০৮ চনত তেওঁ ভিয়েনাত স্থপতিবিদ্যা অধ্যয়ন কৰে৷ ১৯১০-১৯১১ তলী ক'ৰবাজিয়েই বাৰ্লিনত প্ৰখ্যাত স্থপতিবিদ পিটাৰ বেহৰেনছ (Peter Behrens)ৰ অধীনত কাম কৰিবলৈ লয়৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ চাৰিবছৰ জুৰি ছুইজাৰলেণ্ডত আধুনিক স্থপতিবিদ্যাৰ অধ্যয়ন কৰে৷ [1] পৰৱৰ্ত্তীকালত তেওঁ স্বাধীনভাৱে কাম কৰিবলৈ লয়৷

১৯১৮ চনত তেওঁ চিত্ৰশিল্পী 'Amédée Ozenfant' সৈতে মিলি কাম আৰম্ভ কৰে 'Purism' নামৰ এটা নতুন চিত্ৰশিল্পৰ আন্দোলনৰ জন্ম দিয়ে৷ ১৯২০ চনত তেওঁ পেৰিছৰ শিল্পীসকলৰ মাজত প্ৰচলিত জনপ্ৰিয় ট্ৰেণ্ড অনুসৰি নিজৰ নামটো লী ক'ৰবাজিয়ে লৈ সলনি কৰে৷

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

লী ক'ৰবাজিয়েই 'Yvonne Gallis' নামৰ এগৰাকী ফেশ্বন মডেলৰ স'তে বিবাহ পাশত আবদ্ধ হয়৷ কিন্তু ১৯৫৭ চনত তেওঁৰ মৃত্যু হয়৷ বিবাহ-বৰ্ইভূতভাৱে লী ক'ৰবাজিয়েৰ 'Marguerite Tjader Harris' নামৰ এগৰাকী মহিলাৰ সৈতে বহুদিনিয়া সম্পৰ্ক থকাৰ কথা জনা যায়৷

১৯৩০ চনত লী ক'ৰবাজিয়েই ফ্ৰান্সৰ নাগৰিকত্ব গ্ৰহণ কৰে৷[1]

১৯৬৫ চনৰ ২৭ আগষ্ট তাৰিখে ক'ৰাবজিয়ে ডাক্তৰৰ পৰামৰ্শ আওকাণ কৰি সাগৰলৈ সাঁতুৰিবলৈ যায়৷ সিদিনাই সাগৰৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ হয়৷ হৃদযন্ত্ৰ বিকল হৈ তেওঁৰ মৃত্যু হ'ল বুলি ধাৰণা কৰা হয়৷

অৱদান[সম্পাদনা কৰক]

চণ্ডীগড়ৰ বিধানসভা
চণ্ডীগড়ৰ সচিবালয়
  • ১৯২৩: Villa La Roche, পেৰিছ
  • ১৯২৫: Villa Jeanneret, পেৰিছ
  • ১৯২৮: Villa Savoye, Poissy-sur-Seine, ফ্ৰান্স
  • ১৯২৯: Cité du Refuge, Armée du Salut,পেৰিছ
  • ১৯৩১: Palace of the Soviets, মস্কো
  • ১৯৩১: Immeuble Clarté, ছুইজাৰলেণ্ড
  • ১৯৩৩: Tsentrosoyuz, মস্কো
  • ১৯৪৭: Unité d'Habitation, ,ফ্ৰান্স
  • ১৯৪৯-১৯৫২: United Nations headquarters, নিউয়ৰ্ক
  • ১৯৫০-১৯৫৪: Chapelle Notre Dame du Haut, ফ্ৰান্স
  • ১৯৫১: Maisons Jaoul, Neuilly-sur-Seine, ফ্ৰান্স
  • ১৯৫১: আহমেদাবাদৰ বিভিন্ন অট্টালিকা
    • ১৯৫১: Sanskar Kendra Museum,আহমেদাবাদ
    • ১৯৫১: ATMA House
    • ১৯৫১: Villa Sarabhai, আহমেদাবাদ
    • ১৯৫১: Villa Shodhan, আহমেদাবাদ
  • ১৯৫২: Unité d'Habitation of Nantes-Rezé, ফ্ৰান্স
  • ১৯৫২-৫৯: চণ্ডীগড়ৰ বিভিন্ন অট্টালিকা
    • ১৯৫২: Punjab and Haryana High Court
    • ১৯৫২: Government Museum and Art Gallery
    • ১৯৫৩:Secretariat Building (Chandigarh)
    • ১৯৫৩:Governor's Palace (Chandigarh)
    • ১৯৫৫: Palace of Assembly (Chandigarh)
    • ১৯৫৯: Government College of Art (GCA) and the Chandigarh College of Architecture
  • ১৯৫৭: Maison du Brésil,পেৰিছ
  • ১৯৫৭-১৯৬০: Sainte Marie de La Tourette, ফ্ৰান্স
  • ১৯৫৭: Unité d'Habitation of Berlin-Charlottenburg,বাৰ্লিন
  • ১৯৬৪-১৯৬৭: Patrimoine Le Corbusier de Firminy-Vert
    • ১৯৬৪: Unité d'Habitation of Firminy, ফ্ৰান্স
    • ১৯৬৫: Maison de la culture de Firminy-Vert
  • ১৯৬৭: Heidi Weber Museum ছুইজাৰলেণ্ড

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Choay, Françoise, le corbusier (1960), pp. 10-11. George Braziller, Inc. ISBN 0-8076-0104-7.
  • Behrens, Roy R. (2005). Cook Book: Gertrude Stein, William Cook and Le Corbusier. Dysart, Iowa: Bobolink Books. ISBN 0-9713244-1-7.
  • Brooks, H. Allen (1999) Le Corbusier's Formative Years: Charles-Edouard Jeanneret at La Chaux-de-Fonds, Paperback Edition, University of Chicago Press, ISBN 0-226-07582-6
  • Eliel, Carol S. (2002). L'Esprit Nouveau: Purism in Paris, 1918 - 1925. New York: Harry N. Abrams, Inc. ISBN 0-8109-6727-8
  • Curtis, William J.R. (1994) Le Corbusier: Ideas and Forms, Phaidon, ISBN 978-0-7148-2790-2
  • Frampton, Kenneth. (2001). Le Corbusier, London, Thames and Hudson.
  • Jencks, Charles (2000) Le Corbusier and the Continual Revolution in Architecture, The Monacelli Press, ISBN 978-1-58093-077-2
  • Jornod, Naïma and Jornod, Jean-Pierre (2005) Le Corbusier (Charles Edouard Jeanneret), catalogue raisonné de l’oeuvre peint, Skira, ISBN 88-7624-203-1
  • Von Moos, Stanislaus (2009) Le Corbusier: Elements of A Synthesis, Rotterdam, 010 Publishers.
  • Weber, Nicholas Fox (2008) Le Corbusier: A Life, Alfred A. Knopf, ISBN 0-375-41043-0

বাহ্যিক সংযোগ[সম্পাদনা কৰক]