লী য়ন
| লী য়ন | |
|---|---|
লী য়ন | |
| স্থানীয় নাম | 이연 |
| জন্ম | ২৭ ফেব্ৰুৱাৰী, ১৯৯৫ (৩১ বছৰ) দক্ষিণ কোৰিয়া |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ২০১৮–বৰ্তমান |
| অভিকৰ্তা | ইকো গ্লবেল গ্ৰুপ |
লী য়ন (কোৰিয়ান: 이연; জন্ম: ২৭ ফেব্ৰুৱাৰী ১৯৯৫)[1] হৈছে এগৰাকী দক্ষিণ কোৰিয়ান অভিনেত্ৰী। তেওঁ ২০২২ চনত নেটফ্লিক্সত প্ৰচাৰিত দক্ষিণ কোৰিয়ান নাটক জুভেনাইল জাষ্টিছত বেক চং-উ নামৰ পুৰুষ চৰিত্ৰটো ৰূপায়ণ কৰাৰ বাবে বিশেষভাৱে পৰিচিত।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]লী য়নে ২০১৮ চনত দক্ষিণ কোৰিয়ান চলচ্চিত্ৰ এননিমাছ-ৰ জৰিয়তে অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে। তেওঁ কেইবাখনো চলচ্চিত্ৰ আৰু দূৰদৰ্শন ধাৰাবাহিকত অভিনয় কৰিছে, যাৰ ভিতৰত ২০২১ চনৰ দক্ষিণ কোৰিয়ান নেটফ্লিক্স নাটক ডি.পি.ত মুখ্য অভিনেতা জং হে-ইন অভিনীত চৰিত্ৰটোৰ কনিষ্ঠ ভগ্নীৰ ভূমিকাত এটি কেমিঅ’ উপস্থিতিও অন্তৰ্ভুক্ত।[3][4]
তেওঁৰ গুৰুত্বপূৰ্ণ সফলতা আহে ২০২২ চনৰ নেটফ্লিক্স নাটক জুভেনাইল জাষ্টিছৰ জৰিয়তে, য’ত তেওঁ ১৩বছৰীয়া কিশোৰ বেক চং-উৰ চৰিত্ৰত অভিনয় কৰে, যিজন নাটকখনৰ প্ৰথম দুটা খণ্ডত এজন বিদ্যালয়ৰ ছাত্ৰক হত্যা কৰাৰ অভিযোগত অভিযুক্ত হয়। মহিলা হোৱা সত্বেও আৰু সেই সময়ছোৱাত তেওঁৰ কোৰিয়ান বয়স ২৮ বছৰ হোৱা সত্বেও, সুস্থ-মগজুৰ হত্যাকাৰীৰ ৰূপত তেওঁৰ অভিনয় আৰু ৰূপান্তৰণ দৰ্শক আৰু সমালোচকৰপৰা প্ৰশংসা লাভ কৰে।[5][6] জুভেনাইল জাষ্টিছ-ত তেওঁৰ অভিনয়ৰ ফলস্বৰূপে তেওঁ ৫৮ সংখ্যক বেকছাং কলা বঁটাত "শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী" বঁটা লাভৰ বাবে মনোনয়ন লাভ কৰে, যদিও শেষত বঁটাখন কিম হ্যে-জুন-ক প্ৰদান কৰা হয়।[7][8] লী য়নে বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰি নিজৰ বহুমুখী প্ৰতিভাৰ শক্তিশালী আৰু প্ৰশংসনীয় পৰিচয় দিছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Lee Yeon (이연)". HanCinema. https://www.hancinema.net/korean_Lee_Yeon.php। আহৰণ কৰা হৈছে: April 14, 2022.
- ↑ Moon Ji-yeon (17 March 2022). "Error: no
|title=specified when using {{Cite web}}" (ko ভাষাত). Sports Chosun. Daum. https://entertain.v.daum.net/v/20220317110201490। আহৰণ কৰা হৈছে: 13 April 2022. - ↑ Do Hye-min (28 February 2022). "আৰ্কাইভ কপি" (ko ভাষাত). 허프포스트코리아. Huffington Post. Archived from the original on 13 April 2022. https://web.archive.org/web/20220413124905/https://www.huffingtonpost.kr/entry/lee-yeon_kr_621b9109e4b0d1388f16498e। আহৰণ কৰা হৈছে: 13 April 2022.
- ↑ "《少年法庭》13歲少年犯是27歲女演員「李妍」!本人IG曝光曾出演《D.P:逃兵追緝令》" (zh ভাষাত). Yahoo News. 27 February 2022. https://movies.yahoo.com.tw/news/%E3%80%8A%E5%B0%91%E5%B9%B4%E6%B3%95%E5%BA%AD%E3%80%8B-13-%E6%AD%B2%E5%B0%91%E5%B9%B4%E7%8A%AF%E6%98%AF-27-%E6%AD%B2%E5%A5%B3%E6%BC%94%E5%93%A1%E3%80%8C%E6%9D%8E%E5%A6%8D%E3%80%8D%EF%BC%81%E6%9C%AC%E4%BA%BAig%E6%9B%9D%E5%85%89%E6%9B%BE%E5%87%BA%E6%BC%94%E3%80%8Adp%EF%BC%9A%E9%80%83%E5%85%B5%E8%BF%BD%E7%B7%9D%E4%BB%A4%E3%80%8B-054713282.html। আহৰণ কৰা হৈছে: 13 April 2022.
- ↑ "《少年法庭》從第一集就吸引觀眾目光的是她!27歲女演員李妍超反轉!劇中變身未滿14歲的觸法少年" (zh ভাষাত). KSD Korea Star Daily. 1 March 2022. https://www.koreastardaily.com/tc/news/140103। আহৰণ কৰা হৈছে: 13 April 2022.
- ↑ Pierce Conran (2 March 2022). "Review: K-drama review: Juvenile Justice on Netflix – Kim Hye-soo proves an indomitable force amid series' legal thrills and strong cast" (en ভাষাত). South China Morning Post. https://www.scmp.com/lifestyle/k-pop/k-drama/article/3168896/k-drama-review-juvenile-justice-netflix-kim-hye-soo-proves। আহৰণ কৰা হৈছে: 13 April 2022.
- ↑ "'All of Us Are Dead,' 'The Red Sleeve,' 'Squid Game' bag 58th Baeksang Arts Awards nominations". Manila Bulletin. 12 April 2022. https://mb.com.ph/2022/04/12/all-of-us-are-dead-the-red-sleeve-squid-game-bag-baeksang-arts-awards-nominations/.
- ↑ "Netflix A Noticeable Presence In 58th Baeksang Arts Award Nominations". Forbes. 11 April 2022. https://www.forbes.com/sites/joanmacdonald/2022/04/11/netflix-a-noticeable-presence-in-58th-baeksang-arts-award-nominations/?sh=6cc2854548b0.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত লী য়ন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |