লুইচ কনৰিং
লুইচ মাৰ্টিন লৰেট কনৰিং (ইংৰাজী: Louise Martine Laurette Conring; ১ মাৰ্চ ১৮২৪ – ১ এপ্ৰিল ১৮৯১) এগৰাকী ডেনিছ অধীক্ষক, হাস্পতাল পৰিদৰ্শক, ডিকনেছ আৰু নাৰ্ছ আছিল। ডেনমাৰ্কত এটা ডিকনেছ প্ৰতিষ্ঠান গঢ়ি তোলাৰ লক্ষ্যৰে জাৰ্মানী, ছুইডেন আৰু ফ্ৰান্সৰ ডিকনেছ প্ৰতিষ্ঠানসমূহৰ বিষয়ে অনুসন্ধান কৰিবলৈ ৰাজকুমাৰী লুইচে তেওঁক দায়িত্ব দিছিল। কনৰিং আছিল নাৰ্ছিঙৰ প্ৰশিক্ষণ লোৱা প্ৰথমগৰাকী ডেনিছ মহিলা আৰু ১৮৬৩ চনৰ পৰা তেওঁ ক'পেনহেগেনৰ ডিকনেছ ইনষ্টিটিউটৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1][2]
জীৱনী
[সম্পাদনা কৰক]১৮২৪ চনৰ ১ মাৰ্চত হৰ্ছহম পৌৰসভাৰ ৰুংষ্টেডত কনৰিং জন্মগ্ৰহণ কৰিছিল। তেওঁ আগষ্ট জৰ্জ কাৰ্ল কনৰিং আৰু হান্নে খ্ৰীষ্টিয়ানে ব্ৰেমৰ কন্যা আছিল। তেওঁ সৰুৰে পৰা দুৰ্বল আছিল আৰু শৈশৱৰ বেছিভাগ সময় বিচনাত পৰিয়েই অতিবাহিত কৰিছিল। তেওঁৰ দেউতাক এজন সীমা শুল্ক বিষয়া আছিল। শাৰীৰিক অসুস্থতাৰ বাবে কনৰিঙে স্কুললৈ যোৱাৰ সুযোগ কমকৈ পাইছিল, সেয়েহে তেওঁ মাক আৰু ঘৰুৱা শিক্ষকৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল।[2]
১৩ বছৰ বয়সৰ পৰাই তেওঁ নিয়মীয়াকৈ গীৰ্জালৈ গৈছিল আৰু ১৮৩৯ চনত মাকৰ মৃত্যুৰ পিছত তেওঁ অধিক ধৰ্মপৰায়ণ হৈ পৰিছিল। প্ৰথম শ্লেছৱিগ যুদ্ধৰ সময়ত ১৮৪৮ চনৰ পৰা ১৮৫১ চনলৈকে তেওঁ ক'পেনহেগেনত কেইবা বছৰো অতিবাহিত কৰিছিল আৰু তাতেই তেওঁক দান-বৰঙণি তথা সমাজসেৱামূলক কামত অংশ ল’বলৈ উৎসাহিত কৰা হৈছিল। তেওঁ ৰাণী কেৰোলিন আমালিৰ নাৰ্ছিং আৰু শিশু যত্ন সংস্থাত যোগদান কৰে। পাছলৈ তেওঁ ক'পেনহেগেনলৈ উভতি আহে আৰু ৪০০তকৈও অধিক শিশুৰ দায়িত্ব থকা শিশু যত্ন সংস্থাৰ পৰিদৰ্শক বা সঞ্চালক হিচাপে নিৰ্বাচিত হয়। এনে পদত নিৰ্বাচিত হোৱা তেওঁ আছিল ডেনমাৰ্কৰ প্ৰথমগৰাকী মহিলা। এই কাম সহজ নাছিল আৰু ইয়াৰ বাবে তেওঁ বিভিন্ন মহলৰ সহায় লৈছিল, যাৰ জৰিয়তে তেওঁ ৰাজকুমাৰী (পিছলৈ ৰাণী) লুইচৰ সংস্পৰ্শলৈ আহে।[2]
নিউষ্টেডত থকাৰ সময়ত কনৰিঙে সমাজহিতৈষী আমালি চিভিকিঙক হামবুৰ্গৰ দৰিদ্ৰ লোকসকলৰ বাবে কৰা কামত সহায় কৰিছিল। তেওঁ ডাচেলডৰ্ফৰ ওচৰৰ কাইজাৰছৱাৰ্থত থকা ডিকনেছ হাউছো ভ্ৰমণ কৰিছিল যিটো ১৮৩৬ চনত থিয়ডৰ ফ্লীডনাৰ আৰু তেওঁৰ পত্নী ফ্ৰিডৰিকে স্থাপন কৰিছিল। তেওঁ ডিকনেছ দৃষ্টিভংগীৰ প্ৰতি আকৰ্ষিত হৈছিল যিয়ে মহিলাসকলক ধৰ্মতত্ত্ব আৰু নাৰ্ছিং কৌশল দুয়োটা শিকি ৰোগীৰ যত্ন লোৱাৰ সুযোগ দিছিল। ১৮৬১ চনত ৰাজকুমাৰী লুইচে ডেনমাৰ্কত এটা ডিকনেছ প্ৰতিষ্ঠান চলাব পৰা এগৰাকী ডেনিছ মহিলাৰ সন্ধান কৰিবলৈ আৰম্ভ কৰে। ক'পেনহেগেনৰ গেৰিচন চাৰ্চৰ পাষ্টৰ নিকোলাই গটলিব ব্লেডেলৰ পৰামৰ্শ মতে তেওঁ কনৰিঙক নিৰ্বাচিত কৰে। ১৮৬৩ চনৰ মাৰ্চ মাহত তেওঁ প্ৰথম ডেনিছ ডিকনেছ হিচাপে পৰিগণিত হয়।

কনৰিংৰ নেতৃত্বত ১৮৬৩ চনৰ ২৬ মে’ত ফ্ৰেডেৰিকচবাৰ্গৰ স্মালেগাডেত ডেনমাৰ্কৰ প্ৰথমটো ডিকনেছ ইনষ্টিটিউট মুকলি কৰা হয়। আৰম্ভণিতে ইয়াত মাত্ৰ চাৰিগৰাকী নাৰ্ছ আছিল যদিও প্ৰতিষ্ঠানটো অতি সোনকালে বৃদ্ধি পায় আৰু প্ৰথম দুবছৰতে ইয়াত ৬৩ জন ৰোগী আৰু ১৭ গৰাকী নাৰ্ছৰ বাবে ঠাই হয়।[3] ১৮৭৩ চনত বৰ্তমানৰ ডিকনেছ ইনষ্টিটিউটৰ ভৱনটো মুকলি কৰা হয়। কনৰিঙে প্ৰতিষ্ঠানটো চলোৱাৰ ক্ষেত্ৰত এক কঠোৰ আৰু পুৰণি ধৰণৰ দৃষ্টিভংগী গ্ৰহণ কৰিছিল। অৱশ্যে ৰাণী লুইচৰ পৰামৰ্শ মতে তেওঁ পিছলৈ নিজৰ দৃষ্টিভংগী কিছু শিথিল কৰিছিল।[1]
লুইচ কনৰিং ১৮৯১ চনৰ ১ এপ্ৰিলত মৃত্যুবৰণ কৰে। তেওঁৰ পিছত ছফি জহৰ্টমেন উত্তৰাধিকাৰী হিচাপে নিৰ্বাচিত হয়। কনৰিঙে নিজৰ পিছত এক সমৃদ্ধিশালী প্ৰতিষ্ঠান এৰি থৈ যায় যিয়ে সমগ্ৰ দেশজুৰি সমৰ্থন লাভ কৰিছিল।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Louise Conring". Den Store Danske (in Danish). Retrieved 19 September 2016.
- ↑ 2.0 2.1 2.2 2.3 Hilden, Adda (2003). "Louise Conring (1824 - 1891)" (Danish ভাষাত). Kvinfo. http://www.kvinfo.dk। আহৰণ কৰা হৈছে: 19 September 2016.
- ↑ Dock, Lavinia L. (1912). A history of nursing; the evolution of nursing systems from the earliest times to the foundation of the first English and American training schools for nurses: Volume III. New York Public Library. ISBN 978-1294102984. https://archive.org। আহৰণ কৰা হৈছে: 19 September 2016.