লুই পাৰ্ট্ৰিজ
| লুই পাৰ্ট্ৰিজ | |
|---|---|
২০২৪ চনত পাৰ্ট্ৰিজ | |
| জন্ম | লুই পেট্ৰিক জেমছ পাৰ্ট্ৰিজ ৩ জুন, ২০০৩ (২৩ বছৰ) ৱাণ্ডছৱৰ্থ, লণ্ডন, ইংলেণ্ড |
| পেচা | অভিনেতা |
| সক্ৰিয় হৈ থকা সময় | ২০১৪ – বৰ্তমান |
লুই পেট্ৰিক জেমছ পাৰ্ট্ৰিজ (ইংৰাজী: Louis Patrick James Partridge, জন্ম: ৩ জুন ২০০৩) এগৰাকী ইংৰাজ অভিনেতা। তেওঁ এগৰাকী শিশু অভিনেতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পেন (২০১৫) আৰু পেডিংটন ২ (২০১৭) নামৰ ফেণ্টাছী চলচ্চিত্ৰত সৰু চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ ঐতিহাসিক ড্ৰামা ধাৰাবাহিক মেডিচিত (২০১৯) পিয়েৰো দ্য আনফৰ্চুনেটৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু নেটফ্লিক্সৰ ৰহস্যধৰ্মী চলচ্চিত্ৰ এনোল হোমছ (২০২০) আৰু ইয়াৰ পৰৱৰ্তী খণ্ডসমূহৰ জৰিয়তে বিশেষ জনপ্ৰিয়তা লাভ কৰে। ইয়াৰ পিছত পাৰ্ট্ৰিজে এফএক্সৰ মিনি-ধাৰাবাহিক পিষ্টল (২০২২), এপল টিভিৰ মিনি-ধাৰাবাহিক ডিস্ক্লেমাৰ (২০২৪) আৰু নেটফ্লিক্সৰ ঐতিহাসিক ড্ৰামা ধাৰাবাহিক হাউচ অৱ গিনেছত (২০২৫) অভিনয় কৰিছে।
প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০০৩ চনৰ ৩ জুনত লণ্ডনৰ ৱাণ্ডছৱৰ্থত জেমছ আৰু লিজ পাৰ্ট্ৰিজৰ ঔৰসত পাৰ্ট্ৰিজৰ জন্ম হৈছিল।[1] তেওঁৰ ইছি নামৰ এগৰাকী ডাঙৰ ভগ্নী আৰু মিলি নামৰ এগৰাকী সৰু ভগ্নী আছে।[2]
পাৰ্ট্ৰিজে দক্ষিণ-পূব লণ্ডনৰ ল’ৰাৰ ব্যক্তিগত বিদ্যালয় ডুলইচ প্ৰিপেৰেটৰী স্কুলত পঢ়িছিল আৰু বাটাৰ্চী আইৰনচাইডছ স্পৰ্টছ ক্লাবৰ সৈতে ৰাগবী খেলিছিল।[3] ইয়াৰ পিছত তেওঁ ডুলইচৰ সহ-শিক্ষামূলক ব্যক্তিগত বিদ্যালয় এলেনছ স্কুলত মাধ্যমিক শিক্ষা গ্ৰহণ কৰে আৰু তাত টাইছন হাউচৰ সদস্য আছিল। তেওঁ ২০২১ চনত ফৰাচী, ইংৰাজী আৰু চলচ্চিত্ৰ অধ্যয়ন বিষয়ত এ-গ্ৰেড লাভ কৰি এ-লেভেল সম্পূৰ্ণ কৰে।[4]
২০২৩ চনৰপৰা ২০২৫ চনৰ শেষলৈকে পাৰ্ট্ৰিজ আমেৰিকান গায়ক-গীতিকাৰ অলিভিয়া ৰড্ৰিগোৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল।[5]
কৰ্মজীৱন
[সম্পাদনা কৰক]পাৰ্ট্ৰিজে ২০১৪ চনত বিনীথ ৱাটাৰ নামৰ চুটি ছবিখনৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰে।[6] ইয়াৰ উপৰি তেওঁ ৰয়েল নেচনেল থিয়েটাৰত এমিল এণ্ড দ্য ডিটেকটিভছ নাটকত অতিৰিক্ত শিল্পী হিচাপে অভিনয় কৰিছিল।[7][8][9] টুয়িকেনহাম ষ্টেডিয়ামত অনুষ্ঠিত ২০১৫ চনৰ ৰাগবী বিশ্বকাপৰ ৱেলছৰ বিৰুদ্ধে খেলা মেচখনত পাৰ্ট্ৰিজ ইংলেণ্ড দলৰ এজন মেছকট আছিল[3]

পাৰ্ট্ৰিজে আৰম্ভণিতে পেন (২০১৫) আৰু পেডিংটন ২ (২০১৭) চলচ্চিত্ৰত সৰু চৰিত্ৰত অভিনয় কৰে আৰু পৰৱৰ্তী সময়ত মেডিচি (২০১৯) নামৰ দূৰদৰ্শন ধাৰাবাহিকখনত পিয়েৰো দ্য আনফৰ্চুনেটৰ চৰিত্ৰত অভিনয় কৰে।[10] মিলি ববি ব্ৰাউন আৰু হেনৰী কেভিল অভিনীত নেটফ্লিক্সৰ চলচ্চিত্ৰ এনোলা হোমছত (২০২০) মুখ্য চৰিত্ৰৰ প্ৰেমিক ভিস্কাউণ্ট টিউকেচবেৰীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ ব্যাপক জনপ্ৰিয়তা লাভ কৰে।[11][12] 'এম্পায়াৰ' আলোচনীৰ ইলা কেম্পে তেওঁৰ অভিনয়ক "আকৰ্ষণীয়" বুলি অভিহিত কৰিছিল।[13] ২০২২ চনত মুক্তি পোৱা ছবিখনৰ পৰৱৰ্তী খণ্ড এনোলা হোমছ ২তো তেওঁ একেটা চৰিত্ৰতে অভিনয় কৰিছিল।[14]
২০২২ চনত পাৰ্ট্ৰিজে অমৰ ল’ৰা পিটাৰ পেনৰ চৰিত্ৰত দ্য লষ্ট গাৰ্লছ নামৰ চলচ্চিত্ৰখনত অভিনয় কৰে।[15][16] ২০২২ চনত মে’ মাহত তেওঁ এফএক্সৰ মিনি-ধাৰাবাহিক পিষ্টলত চেক্স পিষ্টলছ বেণ্ডৰ বেছ বাদক চিড ভিচিয়াছৰ চৰিত্ৰত অভিনয় কৰে।[17][18]
২০২৪ চনত পাৰ্ট্ৰিজে ডিটেক ভিত্তিক ছবি আৰ্গাইলত হেনৰী কেভিলে অভিনয় কৰা মূল চৰিত্ৰটোৰ কিশোৰ কালৰ ৰূপত এটা কেমিঅ' অভিনয় কৰে।[19] লগতে তেওঁ জে কেলী নামৰ ছবিখনত টিমোথী গেলিগান চৰিত্ৰৰ কিশোৰ ৰূপত অভিনয়ৰ বাবে নিৰ্বাচিত হয়।[20] সেই একে বছৰতে পাৰ্ট্ৰিজে এপল টিভিৰ মিনি-ধাৰাবাহিক ডিছক্লেমাৰত জোনাথান ব্ৰিগষ্টক চৰিত্ৰত ৰূপদান কৰে।
২০২৫ চনত পাৰ্ট্ৰিজে নেটফ্লিক্সৰ ঐতিহাসিক ড্ৰামা ধাৰাবাহিক হাউচ অৱ গিনেছত এডৱাৰ্ড গিনেছৰ চৰিত্ৰত অভিনয় কৰে।[21] ২০২৬ চনত পাৰ্ট্ৰিজে নেটফ্লিক্সৰ চলচ্চিত্ৰ এনোলা হোমছ ৩ ত ভিস্কাউণ্ট টিউকেচবেৰীৰ চৰিত্ৰত পুনৰ অভিনয় কৰে।[22]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Kipling, Ella (2020-09-23). "What age is Louis Partridge? Meet the Enola Holmes actor!" (en-GB ভাষাত). HITC. Archived from the original on 2020-09-25. https://web.archive.org/web/20200925042548/https://www.hitc.com/en-gb/2020/09/23/what-age-is-louis-partridge-meet-the-enola-holmes-actor/। আহৰণ কৰা হৈছে: 2022-05-05.
- ↑ McLean, Craig (2022-05-31). "Louis Partridge: the Enola Holmes actor on playing Sid Vicious" (en-gb ভাষাত). The Face. Archived from the original on 2022-06-07. https://web.archive.org/web/20220607073413/https://theface.com/culture/louis-partridge-interview-sid-vicious-sex-pistols-danny-boyle-enola-holmes-iris-law-millie-bobby-brown। আহৰণ কৰা হৈছে: 2022-06-07.
- 1 2 Moodey, Graham (28 September 2015). "Rugby World Cup 2015: Battersea Ironsides youngster enjoys his moment in the Twickenham spotlight". SW Londoner. https://www.swlondoner.co.uk/sport/28092015-rugby-world-cup-2015-battersea-ironsides-youngster-enjoys-his-moment-in-the-twickenham-spotlight। আহৰণ কৰা হৈছে: 23 January 2023.
- ↑ "Going great Guns, Louis Partridge (Tyson's 2021) stars in Pistol". Alleyn's. 27 May 2022. Archived from the original on 23 January 2023. https://web.archive.org/web/20230123085017/https://www.alleyns.org.uk/alumni-development/news-events/news-detail/~board/alumni-and-development/post/alleyns-alumnus-is-sid-vicious। আহৰণ কৰা হৈছে: 23 January 2023.
- ↑ Ventura, Alejandro (2025-12-23). "Olivia Rodrigo and Louis Partridge reportedly end their relationship after nearly two years" (en-US ভাষাত). HIGHXTAR.. https://highxtar.com/en/olivia-rodrigo-and-louis-partridge-reportedly-end-their-relationship-after-nearly-two-years/। আহৰণ কৰা হৈছে: 2026-05-26.
- ↑ Sharp, Tori (2020-01-28). "Rising star Louis Partridge is a young actor to watch" (en-GB ভাষাত). Wonderland. https://wonderlandmagazine.com। আহৰণ কৰা হৈছে: 2022-05-06.
- ↑ "The Queen meets War Horse star as National Theatre turns 50". BBC News. 22 October 2013. https://bbc.co.uk। আহৰণ কৰা হৈছে: 7 April 2021.
- ↑ "Emil and the Detectives Record". National Theatre Archives. 20 March 2014. http://nationaltheatre.org.uk। আহৰণ কৰা হৈছে: 6 October 2023.
- ↑ "Emil & The Detectives – Full Cast and Crew". TV Guide. 20 March 2014. https://tvguide.com। আহৰণ কৰা হৈছে: 6 October 2023.
- ↑ Cohen, Sam (9 November 2021). "Louis Partridge". 1883 Magazine. https://1883magazine.com। আহৰণ কৰা হৈছে: 9 November 2021.
- ↑ Smith, Josh (29 September 2020). "'I'd be filming with Millie Bobby Brown & go to school the next day with people taking the piss': Enola Holmes' Louis Partridge on overnight fame". Glamour UK. https://glamourmagazine.co.uk। আহৰণ কৰা হৈছে: 6 May 2022. "I did about four or five auditions."
- ↑ Verhoeven, Beatrice (2020-04-21). "Netflix Acquires Millie Bobby Brown's 'Enola Holmes' From Legendary" (en-US ভাষাত). https://thewrap.com। আহৰণ কৰা হৈছে: 2022-05-06.
- ↑ Ella Kemp (7 September 2020). "Enola Holmes". Empire. https://empireonline.com.
- ↑ Peters, Fletcher (2021-09-25). "'Enola Holmes 2': Get Your First Look At Millie Bobby Brown's Netflix Sequel" (en-US ভাষাত). Decider. https://decider.com। আহৰণ কৰা হৈছে: 2022-05-06.
- ↑ Kay, Jeremy (2020-09-09). "Myriad completes UK shoot on TIFF sales title 'The Lost Girls' (exclusive)" (en ভাষাত). Screen. https://screendaily.com। আহৰণ কৰা হৈছে: 2022-05-07.
- ↑ Devore, Britta (2022-05-05). "'The Lost Girls' Trailer Reveals Four Generations Trying to Shake the Influence of Peter Pan" (en-US ভাষাত). Collider. https://collider.com। আহৰণ কৰা হৈছে: 2022-05-07.
- ↑ Kanter, Jake (2021-01-11). "Danny Boyle To Direct FX Limited Series On Sex Pistols Guitarist Steve Jones; Maisie Williams & Toby Wallace Among Cast" (en-US ভাষাত). Deadline. https://deadline.com। আহৰণ কৰা হৈছে: 2022-05-06.
- ↑ Porter, Rick (2021-01-11). "Sex Pistols Limited Series From Danny Boyle a Go at FX" (en-US ভাষাত). The Hollywood Reporter. https://hollywoodreporter.com। আহৰণ কৰা হৈছে: 2022-05-06.
- ↑ Ford, Lucy (1 February 2024). "Unpacking that deranged, universe-expanding Argylle post-credits scene". GQ Magazine. https://gq-magazine.co.uk। আহৰণ কৰা হৈছে: 1 February 2024.
- ↑ Kroll, Justin (2024-03-14). "Greta Gerwig, Eve Hewson & Others Join All-Star Ensemble For Noah Baumbach's Next Film At Netflix" (en-US ভাষাত). Deadline. https://deadline.com। আহৰণ কৰা হৈছে: 2024-11-10.
- ↑ "Anthony Boyle, Louis Partridge, James Norton lead cast for Netflix series 'House Of Guinness'" (en ভাষাত). Screendaily. https://www.screendaily.com/news/anthony-boyle-louis-partridge-james-norton-lead-cast-for-netflix-series-house-of-guinness/5195761.article। আহৰণ কৰা হৈছে: 2024-11-10.
- ↑ "'Enola Holmes 3' Cast Announced & Production Begins" (en ভাষাত). What's on Netflix. 2025-04-22. https://www.whats-on-netflix.com/news/enola-holmes-3-cast-announced-production-begins/। আহৰণ কৰা হৈছে: 2026-06-29.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- লুই পাৰ্ট্ৰিজ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
