সমললৈ যাওক

লুচি ওমমেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লুচি ওমমেন
জন্ম কেৰালা, ভাৰত
মৃত্যু ২০০২ চনৰ মাৰ্চ মাহ
পেচা স্ত্ৰীৰোগ বিশেষজ্ঞ
সক্ৰিয় হৈ থকা সময় ১৯৪২-১৯৮৮
জনা যায় চিকিৎসা প্ৰশাসন
পিতৃ-মাতৃ পি কে ওমমেন
কোচননাম্মা
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী

লুচি ওমমেন (ইংৰাজী: Lucy Oommen) হ'ল এগৰাকী ভাৰতীয় স্ত্ৰী ৰোগ বিশেষজ্ঞ আৰু দিল্লীৰ ছেইণ্ট ষ্টিফেনছ চিকিৎসালয়ৰ ভাৰতীয় মূলৰ প্ৰথমজন চিকিৎসা সঞ্চালক।[1][2] দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যত পি.কে.ওমমেন আৰু কোচনাম্মাৰ ঘৰত জন্মগ্ৰহণ কৰা জেকব ওমমেন আৰু এলিছৰ ভগ্নী, তেওঁ ভেলোৰৰ খ্ৰীষ্টান মেডিকেল কলেজ এণ্ড হস্পিতালৰ পৰা চিকিৎসা বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৪২ চনত ছেইণ্ট ষ্টিফেনছ হাস্পতাল দিল্লীত অস্ত্ৰোপচাৰ বিশেষজ্ঞ হিচাপে যোগদান কৰে।[3][4][5] তাৰ পিছত তেওঁ ড° মৰিছৰ পৰা অধীক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰে।[6]

তেওঁ প্ৰতিষ্ঠানটোত পৰিচালকৰ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়, আৰু ১৯৮৮ চনত অৱসৰ লোৱালৈকে এই পদত অধিষ্ঠিত হয়।[5] ১৯৭৭ চনত ভাৰত চৰকাৰে তেওঁক চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰিছিল।[7] ছেইণ্ট ষ্টিফেনছ হাস্পতালে ২০০৫ চনত মাতৃ আৰু শিশুৰ যত্নৰ ক্ষেত্ৰত উৎকৃষ্টতাক স্বীকৃতি দিয়াৰ বাবে ডাঃ লুচি ওমেন বঁটা প্ৰতিষ্ঠা কৰে, এই বঁটাসমূহৰ ভিতৰত প্ৰথমটো ২০০৮ চনত নতুন দিল্লীত থকা এগৰাকী পৰিচিত স্ত্ৰীৰোগ বিশেষজ্ঞ শৰ্দা জৈনক দিয়া হয়।[8][2][9] তেওঁ আৰম্ভ কৰা সামাজিক কামকে ধৰি প্ৰসূতি আৰু স্ত্ৰীৰোগ বিজ্ঞানৰ কামৰ বাবে বঁটা লাভ কৰে।[8] ড° লুচি‍ তেওঁৰ মহাবিদ্যালয়ৰ সময়ছোৱাত বছৰটোৰ শ্ৰেষ্ঠ স্বৰ্ণ পদক বিজয়ী আছিল। তেখেতৰ মৃত্যুৰ পাছত, ছেইণ্ট ষ্টিফেনছ চিকিৎসালয়ে চিকিৎসালয়খনৰ এটা শাখাত তেখেতৰ নাম যোগ কৰে, যাক এতিয়া ড° লুচি ওমমেন, মাদৰ এণ্ড চাইল্ড ব্লক বুলি কোৱা হয়।[10]

অৱদানসমূহ

[সম্পাদনা কৰক]

ড° লুচিয়ে কৰা কামৰ পিছত ছেইণ্ট ষ্টিফেন হাস্পতালে ১৪০খন বিছনাৰে গঠিত প্ৰসূতি চিকিৎসালয়ৰ পৰা ৪৫০খন বিছনাৰে গঠিত সাধাৰণ চিকিৎসালয়লৈ বৃদ্ধি হোৱাটো উপলব্ধি কৰে। তেওঁ ৰোগী কল্যাণ সমিতি নামৰ এটা প্ৰতিষ্ঠানও গঠন কৰিছিল, যিটো হৈছে এক গোট যি ৰোগীসকলক বিনামূলীয়াকৈ সহায় কৰে।[10] তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ব্যক্তিগত চিকিৎসক আছিল।[11]

ওমমেন কেতিয়াও বিবাহপাশত আৱদ্ধ হোৱা নাছিল। [4] ২০০২ চনৰ মাৰ্চ মাহত বৃদ্ধ বয়সৰ পাৰ্কেন্সিস ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।[12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "The Indian Missionary in Zimbabwe". Praise the Almighty. 2015. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304025720/http://www.praisethealmighty.com/apr_16_2010/the_indian_missionary_in_zimbabwe.php আহৰণ কৰা হৈছে: June 23, 2015.
  2. 1 2 . 16 April 2008. http://www.thehindu.com/todays-paper/tp-national/tp-newdelhi/lucy-oommen-award-conferred/article1239952.ece.
  3. "P. K. Oommen". Genealogy. 2015. http://www.genealogy.com/ftm/t/h/o/Roy-P-Thomas-IL/WEBSITE-0001/UHP-0965.html আহৰণ কৰা হৈছে: June 23, 2015.
  4. 1 2 "Lucy Kizhakkevedu". Genealogy. 2015. http://www.genealogy.com/ftm/t/h/o/Roy-P-Thomas-IL/WEBSITE-0001/UHP-0970.html আহৰণ কৰা হৈছে: June 23, 2015.
  5. 1 2 "Dates, Personalities and Events". St. Stephen's Hospital. 2015. Archived from the original on 6 April 2017. https://web.archive.org/web/20170406201111/http://www.ststephenshospital.org/about.php আহৰণ কৰা হৈছে: June 23, 2015.
  6. ". St.Stephen's Hospital - History .". www.ststephenshospital.org. Archived from the original on 6 April 2017. https://web.archive.org/web/20170406201111/http://www.ststephenshospital.org/about.php আহৰণ কৰা হৈছে: 2019-01-19.
  7. "Padma Shri". Padma Shri. 2015. Archived from the original on October 15, 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf আহৰণ কৰা হৈছে: June 18, 2015.
  8. 1 2 "The First Lucy Oommen Award". St. Stephens News. 2015. Archived from the original on 22 August 2017. https://web.archive.org/web/20170822085546/http://www.ststephenshospital.org/images/pdf/nl-July08.pdf আহৰণ কৰা হৈছে: June 23, 2015.
  9. "Archive Achievements of Alumni". Lady Hardinge Medical College Alumni Association. 2015. Archived from the original on 23 June 2015. https://web.archive.org/web/20150623210911/http://www.hardinge.org/achive_2008.asp আহৰণ কৰা হৈছে: June 23, 2015.
  10. 1 2 "Dr. A.P.J. Abdul Kalam: Former President of India". abdulkalam.nic.in. http://abdulkalam.nic.in/sp271005.html আহৰণ কৰা হৈছে: 2019-01-19.
  11. "Roy-P-Thomas-IL - User Trees - Genealogy.com". www.genealogy.com. https://www.genealogy.com/ftm/t/h/o/Roy-P-Thomas-IL/WEBSITE-0001/UHP-0970.html আহৰণ কৰা হৈছে: 2019-01-19.
  12. "LUCY OOMMEN" (en-US ভাষাত). geni_family_tree. 30 January 2015. https://www.geni.com/people/LUCY-OOMMEN/6000000009876046340 আহৰণ কৰা হৈছে: 2019-01-19.