লুচি কুৰিয়েন
| লুচি কুৰিয়েন | |
|---|---|
ভগ্নী লুচি কুৰিয়েন (বাওঁফালে) | |
| জন্ম | ০১ জুন, ১৯৫৬ (৬৯ বছৰ) কলয়ড, কান্নুৰ, কেৰালা, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | সামাজিক কৰ্মীer, মহিলা অধিকাৰ কৰ্মী, কেথলিক নন |
| জনা যায় | মাহেৰ (এন জি অ')ৰ প্ৰতিষ্ঠাপক।
Founder of Interfaith Association for Service to Humanity and Nature |
| পিতৃ-মাতৃ | বাখাচালিল কুৰিয়েন (পিতৃ)
Maria Kutty (mother) |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | নাৰী শক্তি বঁটা
Paul Harris Fellow - Rotary International Vanitha Woman of the Year 2016 Global Women's Leadership Award 2011 |
লুচি কুৰিয়েন ইংৰাজী: : Lucy Kurien হৈছে মহেৰৰ প্ৰতিষ্ঠাপক আৰু নিৰ্দেশক, যি ভাৰতৰ পুণেত অৱস্থিত এটা সমাজ আৰু আন্ত-ধৰ্মীয় সংগঠন, যি নির্যাতিত আৰু অনাথ মহিলা আৰু শিশুৰ কল্যাণৰ বাবে কাম কৰে।[1]
জীৱন দক্ষিণ ভাৰতৰ কেৰালা প্ৰদেশত লুচি জন্মগ্ৰহণ কৰে। বাৰ বছৰ বয়সত উন্নত শিক্ষা লাভৰ বাবে তেওঁ মুম্বাইলৈ গুচি যায়। লুচিয়ে দৰিদ্ৰ অৱস্থাৰ লোকৰ সৈতে প্ৰথম পৰিচয় হৈছিল চহৰৰ বস্তি অঞ্চলৰ লোক সকলক দেখি। ঊনৈশ বছৰ বয়সত তেওঁ ধৰ্মীয় ভগ্নী হ'ব বিচৰাৰ সিদ্ধান্ত লয় আৰু শিক্ষকতা আৰু নাৰ্চিংৰ ওপৰত গুৰুত্ব আৰোপ কৰা হলি ক্ৰছ অৰ্ডাৰত যোগদান কৰে।[2]
কিন্তু মাদাৰ টেৰেছাৰ কামৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ নিজকে অসহায় লোকসকলৰ ওচৰত থিয়দিবলৈ আহ্বান জনোৱা যেন অনুভৱ কৰিলে, য’ত দুখীয়াৰ জীৱনক প্ৰত্যক্ষভাৱে স্পৰ্শ কৰিব পাৰি। ১৯৮৯ চনত তেওঁ হলি ক্ৰছ কনভেণ্টৰ ছিনিয়ৰ ন’ইলাইন পিণ্টোৱে নিৰ্যাতিত মহিলাসকলক সহায় কৰিবলৈ প্ৰতিষ্ঠা কৰা HOPE সংস্থাত যোগদান কৰে। ১৯৯১ চনত হোপত কাম কৰি থকাৰ সময়তে তেওঁৰ এনে এক ঘটনাৰ মুখামুখি হৈছিল, যিয়ে তেওঁৰ জীৱনৰ কৰ্ম পদ্ধতিত অনুপ্ৰাণিত কৰিব পাৰিছিল। ঘটনাটো আছিল, এদিন এগৰাকী গৰ্ভৱতী মহিলা লুচিৰ ওচৰলৈ আহিছিল তাইৰ মদ্যপায়ী স্বামীৰ অত্যাচাৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয় বিচাৰি । কিন্তু কনভেণ্টত সাধাৰণ মানুহ ৰখাৰ ব্যৱস্থা নথকাৰ বাবে ভনীয়েক লুচিয়ে তাইক ঘুৰাই পঠিয়ালে আৰু পিছদিনা সহায় কৰাৰ প্ৰতিশ্ৰুতি দিলে। কিন্তু সেইদিনা সন্ধিয়া মহিলাগৰাকীৰ মদ্যপায়ী স্বামীয়ে মহিলাগৰাকীৰ গাত জুই লগাই দিয়ে। মহিলা আৰু কেঁচুৱা দুয়োৰে মৃত্যু হয়।[2]
ঘটনাটোত লুচি একেবাৰে বিধ্বস্ত হৈ পৰিছিল। ছবছৰ ধৰি তাই এই জঘন্য কাণ্ডটোৰ সৈতে সহমতত উপনীত হ’বলৈ সংগ্ৰাম কৰিব লগা হৈছিল যে কেনেকৈ তাই মহিলা গৰাকীক সহায় কৰিব নোৱাৰিলে আৰু মৃত্য়ুৰ মুখলৈ ঠেলি দিলে। লুচিয়ে উপলব্ধি কৰিলে যে তাই এনে মহিলাৰ বাবে কিবা এটা কৰিব লাগিব, তাৰ ফলত ১৯৯৭ চনত মহাৰাষ্ট্ৰৰ পুনেত মাহেৰ প্ৰতিষ্ঠা হ’ল। কাৰো পৰা সমৰ্থন নোপোৱাৰ বাবে তাই এককভাৱে মাহেৰক আৰম্ভ কৰিবলগীয়া হৈছিল। এজন বন্ধু ফ্ৰা. ফ্ৰান্সিছ ডি’ছা, তেওঁক পৰামৰ্শ দি সহায় কৰিছিল আৰু লগতে অখ্ৰীষ্টান সংগঠন এটা আৰম্ভ কৰিবলৈ কিছুমান দাতা বিচাৰি উলিওৱাত সহায় কৰিছিল। মাহেৰ ১০০% ধৰ্মনিৰপেক্ষ। আৰম্ভণিৰে পৰাই মাহেৰে নিৰ্যাতন, অনাহাৰে বা অৱহেলাত ভুগি থকা মহিলাসকলক নিৰাপদ আশ্ৰয় আৰু পুনৰ্বাসনৰ ব্যৱস্থা কৰি আহিছে।
মাহেৰৰ প্ৰতিষ্ঠা
[সম্পাদনা কৰক]ভগ্নী লুচিয়ে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে নিঃস্ব মহিলাসকলক সহায় কৰিবলৈ মাহেৰক প্ৰতিষ্ঠা কৰিছিল। প্রয়োজনীয় সহযোগিতা পাবলৈ প্রায় সাত বছৰ সময় লাগিছিল যদিও ১৯৯৭ চনত পুনেৰ উপকণ্ঠ অঞ্চলৰ বাধু বুদৰুক নামৰ সৰু গাঁওখনত প্রথম মাহেৰ় ঘৰ খোল খালে ৷ বৰ্তমান মাহেৰেৰ ভাৰতৰ ঝাৰখণ্ড, কেৰালা, আৰু মহাৰাষ্ট্ৰ ৰাজ্যত ৪৬টা অল্পকালীন আৰু দীৰ্ঘদিনীয়া ঘৰ আছে।[3] তেওঁৰ সেৱাৰ স্বীকৃতি স্বৰূপে ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে ভগ্নী লুচি কুৰিয়ানক ২০১৬ চনৰ ৮ মাৰ্চত, নতুন দিল্লীত নাৰী শক্তিপুৰস্কাৰ (মহিলা সবলীকৰণ) বঁটাৰে সন্মানিত কৰে।[4] ভগ্নী লুচিয়ে বিভিন্ন অনুষ্ঠানত পোপ ফ্ৰান্সিছ, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনৰ সৈতে সাক্ষাৎ কৰাৰ সুযোগ লাভ কৰিছে।
ইন্টাৰফেথ এছ'চিয়েচন ফৰ চাৰ্ভিচ টু হিউমেনিটি এণ্ড নেচাৰ
[সম্পাদনা কৰক]২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত ভগ্নী লুচি কুৰিয়েনে ভাৰতৰ পুনেত ইন্টাৰফেথ এছ’চিয়েশ্যন ফৰ চাৰ্ভিচ টু হিউমেনিটি এণ্ড নেচাৰ প্ৰতিষ্ঠা কৰে।
২০১৭ চনৰ অক্টোবৰ মাহলৈকে এই নতুন সম্প্ৰদায়টোৰ ৮খন দেশৰ পৰা ২২০ জন সদস্য আছে।
সন্মান
[সম্পাদনা কৰক]- ২০১৮: নীৰজা ভানোট বঁটা
- ২০১৮: জিজাবাই এচিভাৰ্ছ বঁটা
- ২০১৭: মানৱ উৎকৃষ্টতাৰ বাবে শ্ৰী সত্য সাই বঁটা - 'Unity Of Religions'।
- ২০১৬: নাৰী শক্তি বঁটা
- ২০১৬: বছৰৰ শ্ৰেষ্ঠ মহিলা ভেনিথা
- ২০১১: নেতৃত্ব বঁটা, গ্ল’বেল উইমেনছ ছামিট
- পল হেৰিছ ফেলো, ৰটাৰী ইণ্টাৰনেশ্যনেল
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ Mascarenhas, Anuradha (28 February 2013). "Maher away from home for abandoned mental patients" (en-gb ভাষাত). The Indian Express. http://archive.indianexpress.com/news/maher-away-from-home-for-abandoned-mental-patients/1080832/.
- ↑ 2.0 2.1 Hillstrom, Christa. "After This Indian Nun Witnessed a Woman's Murder, She Saved Thousands More from Domestic Violence" (en ভাষাত). YES! Magazine. http://www.yesmagazine.org/peace-justice/after-this-indian-nun-witnessed-a-womans-murder-she-saved-thousands-more-from-domestic-violence.
- ↑ "India's Sister Lucy Kurien: a life of self-less service - ucanews.com" (en-US ভাষাত). ucanews.com. http://www.ucanews.com/news/indias-sister-lucy-kurien-a-life-of-self-less-service-/75444.
- ↑ "Nari Shakti awards for women achievers - Times of India". The Times of India. http://timesofindia.indiatimes.com/city/delhi/Nari-Shakti-awards-for-women-achievers/articleshow/51316364.cms.