লুনা ব্লেইজ
| লুনা ব্লেইজ | |
|---|---|
ব্লেইজ, ২০১৬ চনত | |
| জন্ম | লুনা ব্লেইজ বয়েড ০১ অক্টোবৰ, ২০০১ (২৪ বছৰ) লছ এঞ্জেলেছ, কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ[1] |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ২০০৭–বৰ্তমান |
লুনা ব্লেইজ বয়েড (জন্ম: ১ অক্টোবৰ, ২০০১) এগৰাকী আমেৰিকান অভিনেত্ৰী। ২০১৫ চনত তেওঁ চলচ্চিত্ৰ মেম'ৰিয়াৰ জৰিয়তে চলচ্চিত্ৰ জগতত অভিষেক কৰে। তাৰ পিছত তেওঁ ছিটকম ফ্ৰেশ অৱ দ্য বট (২০১৫–২০১৮) আৰু অতিপ্ৰাকৃতিক নাট্যধাৰা মানিফেষ্ট (২০১৮–২০২৩)-ত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰে।
২০২৫ চনত তেওঁ বিজ্ঞান-কল্পকাহিনীমূলক চলচ্চিত্ৰ জুৰাছিক ৱৰ্ল্ড ৰিবাৰ্থত অভিনয় কৰে, যিখনে তেওঁক অধিক জনপ্ৰিয়তা প্ৰদান কৰে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ব্লেইজ লছ এঞ্জেলেছ,কেলিফৰ্ণিয়া-ত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ হৈছে পল বয়েড, যি স্কটলেণ্ডৰ গ্লাছগোৰ এজন পৰিচালক, আৰু মাতৃ হৈছে এঞ্জেলিনা মাৰ্টিনেজ-বয়েড, যি টেক্সাছৰ চেন এণ্টোনিঅ'ৰ দ্বিতীয় প্ৰজন্মৰ মেক্সিকান-আমেৰিকান অভিনেত্ৰী।[2][3][4][5]
কৰ্মজীৱন
[সম্পাদনা কৰক]প্ৰাৰম্ভিক ভূমিকা আৰু স্বীকৃতি
[সম্পাদনা কৰক]ব্লেইজে ছয় বছৰ বয়সত ২০০৮ চনৰ চলচ্চিত্ৰ ভিচিয়াছ চাৰ্কল-ত এটা ক্ষুদ্ৰ উপস্থিতিৰ জৰিয়তে অভিনয় আৰম্ভ কৰে। ২০১৩ চনত তেওঁ ইণ্ডি আৰ্ট চলচ্চিত্ৰ মেমোৰিয়া-ত যুৱা নীনা চৰিত্ৰত অভিনয় কৰে। চলচ্চিত্ৰখন জেমছ ফ্ৰাঙ্কো কাৰ্যনিৰ্বাহী প্ৰযোজনা কৰিছিল আৰু তেওঁ নিজেও ইয়াত অভিনয় কৰিছিল।
২০১৪ চনত ব্লেইজে এবিচি টেলিভিছন ধাৰাবাহিক ফ্ৰেছ অফ দ্য বোট-ত নিকোল চৰিত্ৰত পুনৰাবৃত্ত ভূমিকা লাভ কৰে,[6] য'ত ৰেণ্ডেল পাৰ্ক আৰু কনষ্টেন্স ৱু লুইচ আৰু জেছিকা হুৱাং চৰিত্ৰত অভিনয় কৰিছিল। ধাৰাবাহিকখনৰ চিত্ৰগ্ৰহণ আৰম্ভ হোৱাৰ সময়ত তেওঁ ১৩ বছৰ বয়সীয়া আছিল, আৰু ই আছিল তেওঁৰ প্ৰথম গুৰুত্বপূৰ্ণ ভূমিকা।[7] এই ভূমিকা বাবে তেওঁ ২০১৬ চনৰ ইয়ং আৰ্টিষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ পুনৰাবৃত্ত কিশোৰী অভিনেত্ৰী বঁটা লাভ কৰে।[8]
২০১৬ চনৰ জুন মাহত ব্লেইজে জেকব সাৰ্তোৰিয়াছৰ অভিষেক গীত সুইটশাৰ্ট-ৰ সংগীত ভিডিঅ’ত অভিনয় কৰে।[9] ২০২৫ চনত তেওঁ জুৰাছিক ৱৰ্ল্ড ৰিবাৰ্থ চলচ্চিত্ৰত অভিনয় কৰে।[10]
সংগীত অভিষেক আৰু মেনিফেষ্ট
[সম্পাদনা কৰক]২০১৭ চনৰ আৰম্ভণিতে ব্লেইজে নিজৰ প্ৰথম গীত “অ’ভাৰ ইউ” মুক্তি দিয়ে আৰু একে বছৰৰ ডিচেম্বৰ মাহত নতুন বছৰত নতুন সংগীত মুকলি কৰাৰ কথা ঘোষণা কৰে। ২০১৮ চনৰ শেষৰফালে তেওঁ দ্বিতীয় গীত “সিক্ৰেটছ” মুক্তি কৰে।[11]
২০১৮ চনত ব্লেইজে NBC-ৰ অতিপ্ৰাকৃতিক নাট্যধাৰা মেনিফেষ্টত অলিভ ষ্টোন চৰিত্ৰত অভিনয় কৰে।[12] তিনিটা ঋতুৰ পিছত ধাৰাবাহিকখন বাতিল কৰা হৈছিল, কিন্তু নেটফ্লিক্সত সংযোজন কৰাৰ পাছত ইয়াৰ জনপ্ৰিয়তা বাঢ়ি যায় আৰু চতুৰ্থ তথা অন্তিম ঋতু নিৰ্মাণ কৰা হয়, যি ২০২৩ চনৰ জুন মাহত সমাপ্ত হয়। সমালোচকসকলৰপৰা ধাৰাবাহিকখনে মিশ্ৰ প্ৰতিক্ৰিয়া লাভ কৰে।
২০২৩ চনত ব্লেইজে স্বতন্ত্ৰ চলচ্চিত্ৰ অ্যাৰিষ্টটল আৰু ডাৰ্টি ডিছকভাৰ দ্য ছিক্ৰেটছ অৱ দ্য ইউনিভাৰ্চ-ত সহায়ক চৰিত্ৰত অভিনয় কৰে। ২০২৫ চনত তেওঁ গেৰেথ এডৱাৰ্ডছ পৰিচালিত বিজ্ঞান-কল্পকাহিনীমূলক চলচ্চিত্ৰ জুৰাছিক ৱৰ্ল্ড ৰিবাৰ্থ-ত অভিনয় কৰে,[13] য'ত স্কাৰলেট জ'হানছন, মাহাৰ্ষলা আলী আৰু জনাথন বেইলী সহ-অভিনয় কৰে। চলচ্চিত্ৰখনে বিশ্বজুৰি ৮৬৯.১ মিলিয়ন ডলাৰৰ অধিক আয় কৰে,[14][15] যদিও সমালোচকসকলৰপৰা মিশ্ৰ সমালোচনা লাভ কৰে। ই আছিল তেওঁৰ প্ৰথম বক্স অফিচ সফলতা আৰু একাডেমী এৱাৰ্ড স্বীকৃতিও লাভ কৰে।[16]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Go Away With ... Luna Blaise". Los Angeles Times. February 27, 2018. https://www.latimes.com/travel/cruises/sns-201802270002--tms--celebtrvctnct-a20180227-20180227-story.html। আহৰণ কৰা হৈছে: July 1, 2024.
- ↑ Blaise, Luna (September 29, 2017). "How a Lack of Latinx Representation Impacted My Mother and Gave Me a Mission". Popsugar. https://www.popsugar.com/latina/Luna-Blaise-Hispanic-Heritage-Month-Essay-43998293। আহৰণ কৰা হৈছে: November 27, 2019.
- ↑ "Meet the Cast & Crew" (en ভাষাত). Ari & Dante Universe. Archived from the original on 2025-06-15. https://web.archive.org/web/20250615154157/https://www.arianddanteuniverse.com/cast-crew। আহৰণ কৰা হৈছে: 2025-07-06.
- ↑ Escalante, Ana (2025-07-01). "Inside Luna Blaise's Rapid Rise to Blockbuster Status" (en ভাষাত). Who What Wear. https://www.whowhatwear.com/fashion/celebrity/luna-blaise-interview। আহৰণ কৰা হৈছে: 2025-07-06.
- ↑ Kamaraj, Chandana (2021-04-20). "Glass interviews upcoming actor Luna Blaise - The Glass Magazine" (en-GB ভাষাত). theglassmagazine.com. https://theglassmagazine.com/glass-interviews-upcoming-actor-luna-blaise/। আহৰণ কৰা হৈছে: 2025-07-06.
- ↑ Yamato, Jen (January 21, 2015). "'Ben-Hur' Adds Moises Arias; Luna Blaise Joins James Franco's 'Memoria'". Deadline Hollywood. https://deadline.com/2015/01/ben-hur-moises-arias-luna-blaise-james-franco-fresh-off-the-boat-1201354312/। আহৰণ কৰা হৈছে: 11 July 2016.
- ↑ "Exclusive: Stars Luna Blaise & Athena Karkanis Talk New Show 'Manifest' - The Knockturnal" (en-US ভাষাত). The Knockturnal. 2018-09-22. https://theknockturnal.com/exclusive-stars-luna-blaise-athena-karkanis-talk-new-show-manifest/.
- ↑ Busekroos, Matt (14 March 2016). "ABC and Nickelodeon Actors Lead Winners at Young Artist Awards". backstage.com. http://www.backstage.com/news/abc-and-nickelodeon-actors-lead-winners-young-artist-awards-57653/। আহৰণ কৰা হৈছে: 11 July 2016.
- ↑ "Jacob Sartorius: Sweatshirt (Music Video 2016) ⭐ 1.1 | Music". IMDb. https://www.imdb.com/title/tt5754540/। আহৰণ কৰা হৈছে: July 16, 2024.
- ↑ Jurassic World Rebirth (2025) | Action, Adventure, Sci-Fi (in ইংৰাজী). Retrieved 2024-11-16 – via m.imdb.com.
- ↑ Kaplan, Ilana (2018-10-11). "Luna Blaise Debuts Music Video for "Secrets," an Electropop Track That'll Get You Dancing" (en-US ভাষাত). Teen Vogue. https://www.teenvogue.com/story/luna-blaise-secrets-music-video। আহৰণ কৰা হৈছে: 2024-07-16.
- ↑ Petski, Denise (March 9, 2018). "'Main Justice' Casts Deborah Ayorinde; Luna Blaise Joins 'Manifest'". Deadline Hollywood. https://deadline.com/2018/03/main-justice-cast-deborah-ayorinde-luna-blaise-manifest-1202324517/। আহৰণ কৰা হৈছে: May 28, 2018.
- ↑ Kroll, Justin (May 31, 2024). "'Jurassic World': Luna Blaise Lands Key Role In New Film From Universal And Amblin". Deadline Hollywood. https://deadline.com/2024/05/jurassic-world-luna-blaiser-1235945500/। আহৰণ কৰা হৈছে: May 31, 2024.
- ↑ "Jurassic World Rebirth". Nash Information Services, LLCThe Numbers. https://www.the-numbers.com। আহৰণ কৰা হৈছে: November 30, 2025.Missing or empty |id=
- ↑ "Jurassic World Rebirth". IMDbBox Office Mojo. https://www.boxofficemojo.com/title/nm2399046/। আহৰণ কৰা হৈছে: November 30, 2025.

- ↑ Wiseman, Andreas; Hipes, Patrick (January 22, 2026). "Oscar Nominations: 'Sinners' Leads The Way With Record 16, 'One Battle' Next With 13 (Full List Of Winners)". Deadline Hollywood. https://deadline.com/lists/2026-oscar-nominations-list/। আহৰণ কৰা হৈছে: January 22, 2026.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- লুনা ব্লেইজ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।