লুনা (দেৱী)
লুনা | |
---|---|
চন্দ্ৰৰ দেৱী | |
![]() লুনা (১৫০–২০০ খ্ৰীষ্টাব্দ, Musée d'Art et d'Histoire de Genève) | |
গ্ৰহ | চন্দ্ৰ[1] |
প্ৰতীক | ৰথ, অৰ্দ্ধ চন্দ্ৰ |
বাৰ | সোমবাৰ (dies Lunae) |
সহোদৰ | ছল, অৰোৰা |
গ্ৰীক সমাৰ্থক | ছেলেনে |
লুনা (ইংৰাজী: Luna) ছাবাইন আৰু প্ৰাচীন ৰোমান ধৰ্ম আৰু শ্ৰুতিকথাত চন্দ্ৰৰ ঐশ্বৰিক মূৰ্তি বুলি অভিহিত কৰা দেৱী৷ তেওঁক প্ৰায়ে সূৰ্য দেৱতা ছলৰ (Sol) পৰিপূৰক হিচাপে কল্পনা আৰু উপস্থাপন কৰা হয়। ডায়েনা আৰু প্ৰ'ছাৰপিনা বা হেকেটৰ সৈতে লুনাক কেতিয়াবা ৰোমান ত্ৰিদেৱী (ডিভা ট্ৰাইফৰ্মিছ) হিচাপেও প্ৰতিনিধিত্ব কৰা হয়। লুনাক কেতিয়াবা সুকীয়া দেৱীৰ সলনি দেৱীৰ বিশেষত্ব প্ৰকাশ কৰা উপনাম হিচাপেও গণ্য কৰা হয়, কিয়নো কিংবদন্তি সমূহত ডায়েনা আৰু জুনো দুয়োকে চন্দ্ৰ দেৱী হিচাপে উপস্থাপন কৰা হয়।[2]
ৰোমান শিল্পত অৰ্ধচন্দ্ৰ তথা দুটা ঘোঁৰাই টনা ৰথৰ সৈতে উপস্থাপন কৰা হয়। খ্ৰীষ্টপূৰ্ব ১৭ চনত পৰিবেশিত কাৰ্মেন চেকুলাৰত হৰেচে তেওঁক "তৰাৰ দুটা শিংযুক্ত ৰাণী" (siderum regina bicornis) বুলি আমন্ত্ৰণ জনাইছে আৰু এপ'ল'ই ল'ৰাবোৰৰ কথা শুনি থকাৰ সময়ত ছোৱালীবোৰে গোৱা গান শুনিবলৈ নিৰ্দেশ দিছে।[3]
প্ৰাচীন ৰোমান কবি ভাৰোৱে (Varro) লুনা আৰু ছলক নেপচুন আদি অদৃশ্য দেৱতাৰ পৰা পৃথক আৰু হাৰকিউলিছৰ দৰে মৰ্ত্যলোকৰ দেৱতাৰ নিচিনাকৈ গঢ়ি তুলিছিল।[4] মেক্ৰ'বিয়াছে ৰোমৰ গোপন তত্বাৱধায়ক হিচাপে প্ৰস্তাৱ কৰা দেৱতাসকলৰ ভিতৰত তেওঁ অন্যতম আছিল।[5] ইম্পেৰিয়েল কাল্টত ছল আৰু লুনাই শান্তিৰ নিশ্চয়তা প্ৰদান কৰাৰ লক্ষ্যৰে বিশ্বৰ ওপৰত ৰোমান শাসনৰ পৰিসৰক প্ৰতিনিধিত্ব কৰিব পাৰে।[6]
লুনাৰ গ্ৰীক সমকক্ষ আছিল ছেলেনে। ৰোমান শিল্প আৰু সাহিত্যত ছেলেনেৰ লোককথাবোৰ লুনা নামেৰে অভিযোজিত কৰা হয়। উদাহৰণস্বৰূপে এণ্ডিমিয়নৰ লোককথা ৰোমান দেৱাল চিত্ৰকলাৰ বাবে জনপ্ৰিয় বিষয় আছিল।[7]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Evans, James (1998). The History and Practice of Ancient Astronomy. Oxford University Press. পৃষ্ঠা. 296–7. ISBN 978-0-19-509539-5. https://books.google.com/books?id=nS51_7qbEWsC&pg=PA17। আহৰণ কৰা হৈছে: 4 February 2008.
- ↑ C.M.C. Green, Roman Religion and the Cult of Diana at Aricia (Cambridge University Press, 2007), p. 73.
- ↑ Horace, Carmen Saeculare, lines 33–36.
- ↑ Varro, frg. 23 (Cardauns) = Tertullian, Ad nationes 2.2.14–2-; Attilio Mastrocinque, "Creating One's Own Religion: Intellectual Choices," in A Companion to Roman Religion, p. 383.
- ↑ Jörg Rüpke, Religion of the Romans, p. 133.
- ↑ William Van Andringa, "Religion and the Integration of Cities in the Empire in the Second Century AD: The Creation of a Common Religious Language," in A Companion to Roman Religion (Blackwell, 2007), p. 94.
- ↑ Annemarie Kaufmann-Heinimann, "Religion in the House", in A Companion to Roman Religion, p. 188.