লুম্বিনী ডেভেলপমেণ্ট ট্ৰাষ্ট
নেপাল চৰকাৰৰ মাষ্টাৰ প্লেনৰ অধীনত লুম্বিনী বন পুনৰুদ্ধাৰ কৰাৰ উদ্দেশ্যে লুম্বিনী ডেভেলপমেণ্ট ট্ৰাষ্ট (১৯৮৫) (लुम्बिनी बिकाश कोष) প্ৰতিষ্ঠা কৰা হৈছিল।[1][2][3] খ্ৰীষ্টপূৰ্ব সপ্তম বা ষষ্ঠ শতিকাত জন্মগ্ৰহণ কৰা বৌদ্ধ ধৰ্মৰ প্ৰতিষ্থাপক গৌতম বুদ্ধৰ জন্মস্থান লুম্বিনী। বৌদ্ধ পৰম্পৰা অনুসৰি খ্ৰীষ্টপূৰ্ব ৬২৩ চনত মে’ মাহত মায়া দেৱীয়ে দেৱদাহস্থিত পিতৃ-মাতৃৰ ঘৰলৈ যোৱাৰ পথত বুদ্ধক জন্ম দিছিল। প্ৰসৱ বেদনাৰ আৰম্ভণি অনুভৱ কৰি তেওঁ ছায়া গছৰ ডাল ধৰি সিদ্ধাৰ্থ গৌতম, ভৱিষ্যতৰ বুদ্ধক জন্ম দিয়ে। বুদ্ধই জগতত প্ৰৱেশ কৰাৰ লগে লগে "এয়া মোৰ অন্তিম পুনৰ্জন্ম" বুলি ঘোষণা কৰিছিল বুলি কোৱা হয়। বৌদ্ধ পৰম্পৰাত এইটোও কোৱা হৈছে যে, বুদ্ধই জন্মৰ লগে লগে খোজ কাঢ়িছিল আৰু সাতটা খোজ দিছিল, তেওঁৰ প্ৰতিটো খোজৰ তলত পদুম ফুল ফুলিছিল। খ্ৰীষ্টপূৰ্ব ২৪৯ চনত বৌদ্ধ ধৰ্মান্তৰিত সম্ৰাট অশোকে লুম্বিনী ভ্ৰমণ কৰি চাৰিটা স্তুপ আৰু এটা শিলৰ স্তম্ভ নিৰ্মাণ কৰে। অশোকৰ স্তম্ভত এটা শিলালিপি আছে যাৰ অনুবাদ হ'ল: "দেৱতাৰ প্ৰিয় ৰজা পিয়াদাসী (অশোক) ৰাজ অভিষেকৰ ২০ বছৰত নিজেই ৰাজ ভ্ৰমণ কৰিছিল, ইয়াত বুদ্ধ শাক্যমুনিৰ জন্ম হৈছিল, ইয়াত শিলৰ ৰেলিং নিৰ্মাণ কৰা হৈছিল আৰু ইয়াত ভগৱান ["ধন্যজন"]ৰ বাবে শিলৰ স্তম্ভ স্থাপন কৰা হৈছিল। লুম্বিনি গাঁৱৰ কৰ হ্ৰাস কৰা হৈছিল আৰু কেৱল আঠ অংশৰ অধিকাৰী আছিল।" [1]
মাষ্টাৰ প্লেন
[সম্পাদনা কৰক]ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীয়ে লুম্বিনীৰ উন্নয়নৰ বাবে মাষ্টাৰ প্লেন প্ৰস্তুতৰ বাবে প্ৰায় ১০ লাখ ডলাৰ বৰঙনি আগবঢ়াইছিল, য’ত অসংখ্য অভিযান্ত্ৰিক আৰু প্ৰত্নতাত্ত্বিক অধ্যয়নও আছিল। ১৯৭৮ চনত সম্পূৰ্ণ হোৱা এই পৰিকল্পনাৰ লক্ষ্য হৈছে লুম্বিনী বন আৰু অশোক স্তম্ভক কেন্দ্ৰ কৰি প্ৰায় ৭.৭ কিলোমিটাৰ বৰ্গক্ষেত্ৰৰ এলেকা পুনৰুদ্ধাৰ কৰা, যাক লুম্বিনী বন বুলি জনা যায়, ইয়াৰ সমৰ্থনত ৬৪.৫ কিলোমিটাৰ বৰ্গক্ষেত্ৰৰ অতিৰিক্ত এলেকা উন্নয়ন কৰা হ'ব।[4]
লুম্বিনি বনৰ উন্নয়নৰ পৰিকল্পনাৰ ভিতৰত তিনিটা মূল উপাদান আছে:
১/ নতুন লুম্বিনী গাঁও
২/ সাংস্কৃতিক কেন্দ্ৰ/মঠ অঞ্চল
3. পৱিত্ৰ উদ্যান ডিজাইন উত্তৰ-দক্ষিণ অভিমুখী, লুম্বিনী গাঁও আৰু সাংস্কৃতিক কেন্দ্ৰ উত্তৰ, আৰু ডিজাইনৰ কেন্দ্ৰবিন্দু – পৱিত্ৰ উদ্যান – দক্ষিণ দিশত।
অক্ষৰ দুয়োকাষে ইয়াৰ দক্ষিণ মূৰৰফালে মঠৰ এনক্লেভ আছে। সমগ্ৰ পৰোকল্পনাটো এটা খোজকাঢ়ি যোৱা পথ আৰু এটা নলাৰে গঠিত এটা কেন্দ্ৰীয় সংযোগৰদ্বাৰা বান্ধ খাই আছে। এই কেন্দ্ৰীয় সংযোগে পৱিত্ৰ উদ্যানৰ নিঃসংগতা আৰু পৱিত্ৰতা প্ৰতিষ্ঠা কৰে, ইয়াৰ স্তম্ভ আৰু হিমালয়ৰ দৰ্শনীয় পেনোৰামাৰ সৈতে আৰু তীৰ্থযাত্ৰীসকলক পৱিত্ৰ উদ্যানৰ কাষ চাপি অহাৰ লগে লগে নিজকে প্ৰস্তুত কৰিবলৈ সময় আৰু স্থান প্ৰদান কৰে।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Lumbini Development Trust: Restoring the Lumbini Garden". www.lumbinitrust.org. Archived from the original on 2009-02-28. https://web.archive.org/web/20090228105452/http://www.lumbinitrust.org/। আহৰণ কৰা হৈছে: 2025-10-03.
- ↑ "Read online latest news and articles from Nepal.". http://www.ekantipur.com/2011/05/06/top-story/in-search-of-buddhas-maternal-home/333606.html.
- ↑ "Read online latest news and articles from Nepal.". http://www.ekantipur.com/2011/08/19/top-story/unido-disowns-us3-b-lumbini-pact-with-apecf/339390.html.
- ↑ 4.0 4.1 "Lumbini Development Trust- Birthplace of Buddha, Historical Place of Nepal, The World Heritage SiteLumbini Development Trust". lumbinidevtrust.gov.np. Archived from the original on 2021-08-17. https://web.archive.org/web/20210817233308/https://lumbinidevtrust.gov.np/en/। আহৰণ কৰা হৈছে: 2021-07-31.