সমললৈ যাওক

লেইছাংথেম টোনথোইংগাম্বী দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টোনথোই

৫৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বঁটা লাভ কৰা টনথোই
জন্ম ১৭ অক্টোবৰ
ছিংখু, খুন্দ্ৰকপাম, মণিপুৰ
পেচা অভিনেত্ৰী
দাম্পত্যসঙ্গী থোকচোম দীপক
পিতৃ-মাতৃ লেইছাংথেম ইবুংগোমাচা সিং
লেইছাংথেম অংবি লেইবাক্লেই দেৱী
বঁটা, সন্মান, পুৰস্কাৰ আদি শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০১১)


টোনথোইংগাম্বr লেইছাংথেম (ইংৰাজী: Kavitha Manoranjini) এগৰাকী ভাৰতীয় অভিনেত্ৰী; জনপ্ৰিয়ভাৱে টোনথোই নামেৰে পৰিচিত।[1] তেওঁ মণিপুৰী চলচ্চিত্ৰত কেৰিয়াৰ গঢ়ি তুলিছে আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

লেইছাংথেমে পূৰ্ণদৈৰ্ঘ্য ছবি, দূৰদৰ্শন ধাৰাবাহিক আৰু আই.এছ.টি.ভি. ধাৰাবাহিকত অভিনয় কৰিছে।[3]

তেওঁৰ প্ৰথমখন ছবি হৈছে নাংনা থাৱাইনী, য’ত তেওঁ নায়িকাৰ বান্ধৱীৰ ৰূপত, কমলা আৰু গুঙৰ সৈতে সহযোগী চৰিত্ৰত অভিনয় কৰিছিল, । ইয়াৰ পিছত তেওঁ কেইবাখনো মণিপুৰী ছবি কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হৈছে- ল'ইবাটায়াৰে টা ৰাজু, থোইচা, আমাম্বা ছায়ন, ইপাকটুডা দ্য লেক, লেইপাক্লেই, নুংছিবি কাবাউ ভেলী, বেৰাগী বোম্ব, পলেপফাম আৰু ফিজিগী মণি[4]

তেওঁ ভাতৃৰ সৈতে চিংখুৰাকপা আৰ্টছৰ বেনাৰত বেৰাগী বোম্ব নামৰ এখন মণিপুৰী ছবিও নিৰ্মাণ কৰিছে। হেবিটেট চলচ্চিত্ৰ মহোৎসৱৰ দশম সংস্কৰণত তেওঁৰ মণিপুৰী ছবি পল্লেপফাম আৰু তেওঁৰ অসমীয়া ছবি বৰ্ষাৰণ্যই প্ৰৱেশ লাভ কৰে। অসমীয়া ছবি ইশ্বুত অভিনয় কৰি ২০১৭ চনত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।

২০১৯ চনত তেওঁৰ ছবি আইগি ক'নাই মণিপুৰী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৬৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[5] তেওঁ ছবিখনত সহযোগী চৰিত্ৰত অভিনয় কৰিছিল।

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।[6] ২০১১ চনৰ ৫৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ফিজিগী মণি ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বঁটা লাভ কৰে, য'ত তেওঁ ছবিখনত য়াইফাবীৰ চৰিত্ৰত অভিনয় কৰিছিল।[7]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Interview with Tonthoi". kanglaonline.com. Archived from the original on 2023-05-28. https://web.archive.org/web/20230528085518/http://kanglaonline.com/2012/10/interview-with-tonthoi/। আহৰণ কৰা হৈছে: 2025-03-29. 
  2. "Winners of Film Awards named – Manipur News". Manipur.org. 2018-11-30. http://www.manipur.org/news/2018/11/30/winners-of-film-awards-named-2/। আহৰণ কৰা হৈছে: 2019-11-07. 
  3. "Golden Jubilee of Manipuri Cinema: Renowned actors share experiences and challenges". www.nenow.in. https://www.nenow.in/north-east-news/manipur/golden-jubilee-of-manipuri-cinema-renowned-actors-share-experiences-challenges.html. 
  4. "'Pallepfam' to open 3-day Northeast film festival". www.sentinelassam.com. https://www.sentinelassam.com/news/pallepfam-to-open-3-day-northeast-film-festival/. 
  5. "‘Eigi Kona’ receives Rajat Kamal for best regional Manipuri feature film". Archived from the original on 2024-09-28. https://web.archive.org/web/20240928121850/https://www.ifp.co.in/10562/eigi-kona-receives-rajat-kamal-for-best-regional-manipuri-feature-film। আহৰণ কৰা হৈছে: 2025-03-29. 
  6. "National Film Award for Manipuri Actress". www.easternpanorama.in. http://www.easternpanorama.in/index.php/tidbits/89-2012/april-2012/1924-national-film-award-for-manipuri-actress. 
  7. "Regional films rule at National awards, Vidya Balan gets best actress". www.thehindubusinessline.com. https://www.thehindubusinessline.com/news/variety/regional-films-rule-at-national-awards-vidya-balan-gets-best-actress/article23066818.ece. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]