সমললৈ যাওক

লেইলা ওতাদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লেইলা ওতাদী
স্থানীয় নাম لیلا اوتادی
জন্ম ০৫ আগষ্ট, ১৯৮৩ (৪৩ বছৰ)
তেহৰান, ইৰান
শিক্ষা তেহৰান আৰ্ট ইউনিভাৰ্চিটি - স্থাপত্য
পেচা
  • অভিনেত্ৰী
  • কবি
  • স্থপতিবিদ
সক্ৰিয় হৈ থকা সময় ২০০২–বৰ্তমান

লেইলা ওতাদী (ফাৰ্চী: لیلا اوتادی) হৈছে এগৰাকী ইৰানী অভিনেত্ৰী, কবি আৰু স্থপতিবিদ।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

লেইলাৰ জন্ম তেহৰান বা শ্বেমিৰানত হৈছিল। ৭ বছৰ বয়সতে তেওঁ চলচ্চিত্ৰত অভিনয় আৰম্ভ কৰাৰ এটা সুযোগ লাভ কৰিছিল। অৱশ্যে সেই সময়ত তেওঁ আৰু তেওঁৰ পৰিয়ালে অভিনয়তকৈ বিদ্যালয়ৰ শিক্ষাক অধিক গুৰুত্বপূৰ্ণ বুলি গণ্য কৰিছিল। ১৮ বছৰ বয়সত তেওঁক মঞ্চ অভিনয়ৰ সৈতে চিনাকি কৰাই দিয়া হয়। ইৰাজ কাদেৰিৰ ব্লেক আইজ নামৰ চলচ্চিত্ৰখনেৰে লেইলাই ছবি জগতত আত্মপ্ৰকাশ কৰে। তেতিয়াৰেপৰা তেওঁ বহুকেইখন চলচ্চিত্ৰত অভিনয় কৰিছে আৰু অলপতে ইৰানৰ আটাইতকৈ বেছি পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী হৈ পৰিছে। তেওঁ ফাৰ্চী আৰু তুৰ্কী ভাষা সাৱলীলভাৱে ক'ব পাৰে আৰু টেনিছ খেলাৰ উপৰি ঘোঁৰা চালন আৰু আন বহুতো ক্ৰীড়া ভাল পায়।[1]

তেওঁ তেহৰান আৰ্ট ইউনিভাৰ্চিটিৰপৰা ইণ্টেৰিয়ৰ আৰ্কিটেকচাৰ অৰ্থাৎ অভ্যন্তৰীণ স্থপতি্যা বিষয়ত এছ’চিয়েট ডিগ্ৰী লাভ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

কেৰিয়াৰ

[সম্পাদনা কৰক]

ইৰাজ কাদেৰিৰদ্বাৰা পৰিচালিত দ্য ব্লেক আইজ (২০০২) আছিল তেওঁৰ প্ৰথম চলচ্চিত্ৰ।

ওতাদীয়ে কেইবাখনো টেলিভিছন ধাৰাবাহিকত অংশগ্ৰহণ কৰিছে, যাৰ ভিতৰত ট্ৰুথ ৰিভিল্ড (২০০৪), টিয়েৰ্ছ এণ্ড স্মাইলছ (২০০৮), ব্লাড মানি (২০১০) আৰু দ্য উণ্ড (২০১৪) অন্যতম।

ইয়াৰ উপৰি তেওঁ উইলো ট্ৰী (২০০৪), লেফ্ট-হেণ্ডেড (২০০৫), ইনভিটেশ্বন (২০০৮), লুকিং ফৰ হেপিনেছ (২০০৯), দ্য আউটকাষ্টছ ৩ (২০১০), মেছড আপ (২০১১), লালেহ (২০১৩) আৰু দ্য ষ্ট্ৰ' ডগছ (২০১৩) নামৰ চলচ্চিত্ৰসমূহতো অভিনয় কৰিছে।

১৭ বছৰ বয়সৰেপৰা তেওঁ কবিতা আবৃত্তি আৰু ৰচনা কৰিবলৈ আৰম্ভ কৰে। ২০১৪ চনত তেওঁৰ প্ৰথমখন কবিতা পুথি ইন হেভেন দেয়াৰ ইজ ন' ক্ৰ', নৰ স্কেয়াৰক্ৰ' প্ৰকাশ পায়। এইখন ফাৰ্চী আৰু ইংৰাজী দুয়োটা ভাষাতে উপলব্ধ কবিতা সংগ্ৰহ।

ৰাজনৈতিক বিতৰ্ক

[সম্পাদনা কৰক]

২০১০ চনৰ নৱেম্বৰ মাহত প্ৰকাশিত এক প্ৰতিৱেদন অনুসৰি ২০০৯ চনত তেহৰানৰ ৰাজপথত নেদা আঘা চুলতান কেনেকৈ নিহত হৈছিল সেই সন্দৰ্ভত নিৰ্মাণ হ’বলগীয়া এখন ৰাজনৈতিক চলচ্চিত্ৰত তেওঁ অভিনয় কৰাৰ কথা আছিল।[2] যিহেতু এই চলচ্চিত্ৰখনৰ বাবে ইৰান চৰকাৰে পুঁজি যোগান ধৰিছিল, সেয়েহে তেওঁৰ এই সিদ্ধান্তই ইৰান আৰু বিদেশত তেওঁৰ বিৰুদ্ধে তীব্ৰ নেতিবাচক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ইয়াৰ পিছতে তেওঁৰ ব্যক্তিগত ৱেবছাইটত এটা সফল চাইবাৰ আক্ৰমণ চলোৱা হয়, যাৰ উদ্দেশ্য আছিল তেওঁৰ ছবিসমূহৰ সলনি তেজৰে লুতুৰি-পুতুৰি হৈ থকা নেদা আঘা চুলতানৰ শেষ মুহূৰ্তৰ কিছুমান ফটো আপলোড কৰা। অৱশ্যে ১১ নৱেম্বৰত ফাৰ্চ নিউজ এজেন্সীয়ে এই বাতৰি অস্বীকাৰ কৰে।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]