লেইলা চুদোৰী
| লেইলা ছালিখা চুদোৰী | |
|---|---|
২০১২ চনত চুদোৰী | |
| জন্ম | ১২ ডিচেম্বৰ, ১৯৬২ (৬৩ বছৰ) জাকাৰ্টা |
| ৰাষ্ট্ৰীয়তা | ইণ্ডোনেছিয়া |
| পেচা | লেখিকা, সাংবাদিক |
| উল্লেখযোগ্য কৰ্ম |
|
| সন্তান | ৰেইন চুদোৰী |
লেইলা ছালিখা চুদোৰী (ইংৰাজী: Leila Salikha Chudori; জন্ম: ১২ ডিচেম্বৰ, ১৯৬২) এগৰাকী ইণ্ডোনেছিয়ান সাংবাদিক, লেখিকা আৰু চলচ্চিত্ৰ সমালোচক।[1][2] তেওঁৰ নাম চুটিগল্প, উপন্যাস আৰু টেলিভিছন নাটকৰ বাবে জনাজাত।[3] লেইলা শিশু অৱস্থাতেই সাহিত্যিক হিচাপে তেওঁৰ যাত্ৰা আৰম্ভ কৰিছিল। ২০২০ চনত তেওঁ দক্ষিণ-পূব এছিয়ান লেখক বঁটা লাভ কৰে।[4] চুদোৰীয়ে তেওঁৰ কন্যা ৰেইন চুদোৰীৰ সৈতে মিলি পেৰন হাউচ[5] প্ৰকাশন কোম্পানী প্ৰতিষ্ঠা কৰে, যিয়ে ২০২৩ চনত উবুদ ৰাইটাৰ্ছ এণ্ড ৰিডাৰ্ছ ফেষ্টিভেলত আত্মপ্ৰকাশ কৰে।
জীৱনী
[সম্পাদনা কৰক]লেইলা ছালিখা চুদোৰীৰ জন্ম জাকাৰ্টাত ১২ ডিচেম্বৰ ১৯৬২ চনত হৈছিল। তেওঁ সাংবাদিক মুহাম্মদ চুদোৰীৰ কন্যা।[6] জাকাৰ্টাতেই তেওঁ শৈশৱৰ দিন কটাইছিল। শৈশৱ কালত তেওঁ সাহিত্যৰ সৈতে পৰিচিত হয় আৰু ১২ বছৰ বয়সতে শিশু-পত্ৰিকা ‘‘Si Kuncung’’, ‘‘Kawanku’’ আৰু ‘‘Hai’’–ত তেওঁৰ প্ৰথম গল্পসমূহ প্ৰকাশিত হয়।[1]
চুদোৰীয়ে শিক্ষা লাভৰ লক্ষ্যৰে কানাডালৈ গৈ ভিক্টৰিয়াত অৱস্থিত ‘‘Lester B. Pearson College of the Pacific (United World Colleges)’’–ত অধ্যয়ন কৰে। তাৰ পিছত তেওঁ ট্ৰেণ্ট বিশ্ববিদ্যালয়ৰ ‘‘ৰাজনীতি বিজ্ঞান’’ আৰু ‘‘তুলনামূলক উন্নয়ন অধ্যয়ন’’ শাখাত অধ্যয়ন সমাপ্ত কৰি ১৯৮৮ চনত স্নাতক ডিগ্ৰী লাভ কৰে।[7]
১৯৮৯ চনৰপৰা চুদোৰীয়ে সংবাদপত্ৰিকা ‘‘টেম্প’'’’ত সাংবাদিক হিচাপে কাম আৰম্ভ কৰে। ‘‘টেম্প’’ক প্ৰেছিডেণ্ট চুহাৰ্টোৰ ‘‘নিউ’ অ’ৰ্ডাৰ’’ শাসনে ১৯৯৪ চনত নিষিদ্ধ কৰিছিল।[8][9] তেওঁৰ সাংবাদিকতাৰ আৰম্ভণিৰ বছৰত চুদোৰীক মূলতঃ আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহ—বিশেষকৈ ফিলিপাইনৰ ৰাজনীতি ক'ভাৰ কৰিবলৈ দায়িত্ব দিয়া হৈছিল। এই সময়ছোৱাত তেওঁ ১৯৮৯ আৰু ১৯৯১ চনত ক’ৰি আক্বিনোৰ সাক্ষাৎকাৰ লয়; ১৯৯২ চনত ফাং লিজি, ফিডেল ৰামোচ, মাহাথিৰ মোহাম্মদ, য়াছাৰ আৰাফাট, নেলছন মেণ্ডেলাৰ সাক্ষাৎকাৰো ল’বলৈ সক্ষম হয়; লগতে ২০০৩ চনত ৰ’বাৰ্ট মুগাবে]ৰো সাক্ষাৎকাৰ লয়।[10]
চুদোৰীৰ সাহিত্যৰ পৃষ্ঠভূমিত সততা, বিশ্বাস, সংকল্প, নৈতিকতা, আত্মত্যাগ আদিৰ এইবোৰ থিম সদায় প্ৰধান স্থান লাভ কৰে। তেওঁৰ লেখনি বহু প্ৰকাৰ সাহিত্যপ্ৰৱাহৰদ্বাৰা প্ৰভাবিত, বিশেষকৈ কাফ্কা, দোস্ত’য়েভচিক, ডি এইছ ল'ৰেন্স, জেম্চ জয়ছ। তেওঁ নিজৰ লেখনিৰ সৃষ্টি-প্ৰক্ৰিয়াত ‘‘Stream of Consciousness’’ পদ্ধতি অনুসৰণ কৰাৰ কথা কৈছে, যাৰ ধাৰণাৰ সৈতে ফ্ৰয়েড, এৰিখ ফ্ৰ’ম আদিৰ সম্পৃক্ততা আছে।[11]
ইয়াৰ উপৰি চুদোৰীৰ লেখন শৈলীত কল্পনাময়তা, সময়-স্থান ভেদে বৰ্ণনামূলক, আৰু বহু কাহিনীৰ আখ্যান সমান্তৰালভাৱে চলিবলৈ সক্ষম হোৱা দেখা যায়। তেওঁ ব্যক্তিগত অনুভৱ, দৰ্শন, পৌৰাণিকতা, আৰু সামাজিক বাস্তৱৰ এক সমন্বিত বয়ন সৃষ্টি কৰে। ধ্ৰুপদী সাহিত্য যেনে ‘‘ৰামায়ণ’’ আৰু ‘‘মহাভাৰত’’ৰ প্ৰচলিত আখ্যানো তেওঁৰ সাহিত্যচিন্তাক প্ৰভাবিত কৰিছে। চুদোৰীৰ গল্পত প্ৰচলিত সমাজত ‘‘টেবুল’’ বুলি ধৰা বিষয়সমূহো স্পষ্টভাৱে প্ৰকাশ পাইছে।[12]
গ্ৰন্থসমূহ
[সম্পাদনা কৰক]- কেলোপাক-কেলোপাক য়াং বেৰগুগুৰান (১৯৮৪)
- মালাম তেৰাখিৰ: কুমপুলান চেৰপেন'' (শেষ ৰাতি), চুটিগল্প (১৯৮৯)[8] — ২০০৯ চনত KPG দ্বাৰা পুনঃপ্ৰকাশিত
- মেনাজেৰী ২ (১৯৯৩)
- বাহাছা! কুমপুলান তুলিছান দি মাজালাহ টেম্পো — আমাৰজান ল’বিছ, গুৱেনাৱান মহামাদ, লেইলা এছ. চুদোৰী, বাম্বাং বুজোনো (২০০৮)
- ৯ দাৰি নাদিৰা, চুটিগল্প (২০০৯)[13]
- পুলাং, উপন্যাস (২০১২),[14] খাতুলিস্তিৱা সাহিত্য বঁটাৰে সন্মানিত হয়;[9] জন এইচ মেকগ্লিনে হাউছ হিচাপে অনুবাদ কৰিছে (ডিপ ভেলাম, ২০১৫; আই.এচ.বি.এন. 1941920101)
- লাউত বেৰ্চেৰিতা, উপন্যাস (২০১৭), ২০২০ চনৰ দক্ষিণ-পূব এছিয়াৰ লেখক বঁটা বিজয়ী;[4] translated by John H. McGlynn as The Sea Speaks His Name (Penguin Books, 2020; আই.এচ.বি.এন. 9789814882316)
- নামাকু আলাম: জিলিদ ১ (২০২৩)
টেলিভিছন নাটক
[সম্পাদনা কৰক]- দুনিয়া তানপা কোমা (২০০৬)
- দ্ৰুপাদি (২০০৯)
পুৰস্কাৰ
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "The dark drama of a woman". Jakarta Post. January 10, 2010. Archived from the original on February 11, 2015. https://web.archive.org/web/20150211031506/http://m.thejakartapost.com/news/2010/01/10/the-dark-drama-a-woman.html.
- ↑ Irfani, Faisal. ""Bumi Manusia Itu Termasuk yang Susah Diulas"" (id ভাষাত). tirto.id. https://tirto.id/bumi-manusia-itu-termasuk-yang-susah-diulas-ehBE। আহৰণ কৰা হৈছে: 2023-05-14.
- ↑ Horison Sastra Indonesia 2: Kitab Cerita Pendek, Majalah Sastra Horison & Kaki Langit bekerja sama dengan The Ford Foundationm Edisi 2001, Hal 603, ISBN 979-96342-4-5
- 1 2 Partogi, Sebastian (June 28, 2020). "Leila S. Chudori: Weaving family drama into political saga". The Jakarta Post. https://www.thejakartapost.com/life/2020/06/28/leila-s-chudori-weaving-family-drama-into-political-saga.html.
- ↑ "Peron House Debut: Bridging Literary Heritage and Innovation" (en ভাষাত). Ubud Writers and Readers Festival. https://www.ubudwritersfestival.com/programs/peron-house-debut-bridging-literary-heritage-and-innovation.
- ↑ "Senior journalist and 'Post' founder dies". Jakarta Post. March 24, 2013. http://www.thejakartapost.com/news/2013/03/24/senior-journalist-and-post-founder-dies.html.
- ↑ 9 dari Nadira, Leila S. Chudori, Jakarta KPG (Kepustakaan Populer Gramedia) 2009, ISBN 978-979-9102-09-6, Hal 269-270
- 1 2 Miller, Jane Eldridge (2001). Who's who in Contemporary Women's Writing. পৃষ্ঠা. 64–65. ISBN 0415159806. https://books.google.com/books?id=Y-TMhtk5AUYC&pg=PA64.
- 1 2 Chudori, Leila (October 2013). "Seeking identity, seeking Indonesia". Inside Indonesia. http://www.insideindonesia.org/seeking-identity-seeking-indonesia.
- ↑ http://www.tempo.co
- ↑ Malam Terakhir: Kumpulan Cerpen, Leila S.Chudori. Pengantar H.B. Jassin. Pustaka Utama Grafiti, 1989, Jakarta. Halaman viii-x. ISBN 979-444-078-7
- ↑ Leksikon Susastra Indonesia/Korrie Layun Rampan, Balai Pustaka 2000, Hal. 260, ISBN 979-666-358-9
- ↑ "9 Dari Nadira". Kineruku. http://kineruku.com/9-dari-nadira/.
- ↑ "Novel 'Pulang' Asks Tough Questions of Indonesia". Jakarta Globe. December 18, 2012. Archived from the original on February 11, 2015. https://web.archive.org/web/20150211034147/http://thejakartaglobe.beritasatu.com/archive/novel-pulang-asks-tough-questions-of-indonesia/.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ; "leila12" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Leila S. Chudori Wins SEA Write Award The Jakarta Post. Diakses 13 Juni 2020
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- লেইলা চুদোৰী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।