সমললৈ যাওক

লেইলা পহ্লৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লেইলা পহ্লৱী
১৯৯০ চনৰ সময়ছোৱাত ৰাজকুমাৰী লেইলা
বাসগৃহ পহ্লৱী ৰাজবংশ
মাতৃ ফাৰাহ পহ্লৱী
পিতৃ মহম্মদ ৰেজা পহ্লৱী

লেইলা পহ্লৱী (ইংৰাজী: Leila Pahlavi; ফাৰ্চী ভাষা: لیلا پهلوی; ২৭ মাৰ্চ ১৯৭০ – ১০ জুন ২০০১) আছিল ইৰানৰ এগৰাকী ৰাজকুমাৰী। তেওঁ মহম্মদ ৰেজা শ্বাহ আৰু তেওঁৰ তৃতীয়া পত্নী শ্বাহবানু ফাৰাহ পহ্লৱীৰ কনিষ্ঠ কন্যা আছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]
নিয়াভাৰান প্ৰাসাদত জেষ্ঠ ভাতৃ আলি ৰেজাৰ সৈতে লেইলা (বাওঁফালে), ১৯৭৯ চনৰ পূৰ্বে তোলা ছবি

লেইলা পহ্লৱীৰ জন্ম ১৯৭০ চনৰ ২৭ মাৰ্চত ইৰানৰ তেহৰানত হৈছিল।[1] তেওঁ ৰেজা আৰু ফাৰাহ পহ্লৱীৰ চতুৰ্থ তথা আটাইতকৈ কনিষ্ঠ সন্তান আছিল।[2] তেওঁৰ দুজন ককায়েক, এগৰাকী বায়েক আৰু এগৰাকী সতীয়া বায়েক আছিল।[2]

নিৰ্বাসনত

[সম্পাদনা কৰক]

১৯৭৯ চনৰ ইৰান বিপ্লৱৰ ফলত তেওঁলোকৰ পৰিয়ালটো নিৰ্বাসনলৈ যাবলৈ বাধ্য হোৱাৰ সময়ত ৰাজকুমাৰী লেইলাৰ বয়স আছিল মাত্ৰ ৯ বছৰ। ১৯৮০ চনত মিচৰত তেওঁৰ পিতৃৰ নন-হজকিন্স লিম্ফোমা ৰোগত মৃত্যু হোৱাৰ পিছত, পৰিয়ালটো আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্বাসী হয়। তেওঁ নিউয়ৰ্ক চহৰৰ ইউনাইটেড নেচন্‌ছ ইণ্টাৰনেচনেল স্কুলত অধ্যয়ন কৰিছিল আৰু ১৯৮৮ চনত ৰাই কান্ট্ৰী ডে স্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।[3] তেওঁ সাৱলীলভাৱে ফাৰ্চী, ইংৰাজী আৰু ফৰাচী ভাষা ক’ব পাৰিছিল আৰু ইয়াৰ লগতে অলপ স্পেনিছ আৰু ইটালিয়ান ভাষাও জানিছিল।[3] তেওঁৰ বেছিভাগ সময় কনেকটিকাটৰ গ্ৰীণৱিচত থকা নিজৰ ঘৰ আৰু মাক বাস কৰা পেৰিছ চহৰৰ মাজত অহা-যোৱা কৰিয়েই পাৰ হৈছিল।

লেইলা পহ্লৱীয়ে ব্ৰাউন ইউনিভাৰ্চিটিত সাহিত্য আৰু দৰ্শন অধ্যয়ন কৰিছিল আৰু ১৯৯২ চনত তাৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা বুলি কোৱা হয়।[3] অৱশ্যে কিছুমান উৎসৰ মতে, স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেওঁ স্নাতক সম্পূৰ্ণ কৰাৰ আগতেই বিশ্ববিদ্যালয় এৰিছিল।[3] তেওঁ এসময়ত ফেশ্বন ডিজাইনাৰ ভেলেন্টিনোৰ মডেল আছিল। তেওঁ এনৰেক্সিয়া নাৰ্ভোছা (খোৱা-বোৱাৰ প্ৰতি অনিহা জনিত ৰোগ), দীৰ্ঘদিনীয়া হীনমন্যতা, গুৰুতৰ মানসিক অৱসাদ[4] আৰু ক্ৰনিক ফেটিগ চিনড্ৰম (দীৰ্ঘদিনীয়া ভাগৰুৱা অনুভৱ হোৱা ৰোগ)ত ভুগিছিল।[5]

ফ্ৰান্সৰ পেৰিছৰ পাছি কবৰস্থানত থকা লেইলা পহ্লৱীৰ সমাধি

২০০১ চনৰ ১০ জুন, দেওবাৰে ব্ৰিটিছ গ্ৰীষ্মকালীন সময় অনুসৰি আবেলি প্ৰায় ৭:৩০ বজাত লণ্ডনৰ লিয়নাৰ্ড হোটেলৰ নিজৰ কোঠাত লেইলাক তেওঁৰ চিকিৎসকে মৃত অৱস্থাত উদ্ধাৰ কৰে।[6] তেওঁৰ শৰীৰত অনিদ্ৰা ৰোগৰ চিকিৎসাত ব্যৱহৃত বাৰ্বিচুৰেট জাতীয় ঔষধ 'চেকনেল'ৰ মাত্ৰা মাৰাত্মক পৰিমাণতকৈ পাঁচ গুণতকেও অধিক পোৱা গৈছিল। ইয়াৰ লগতে কম পৰিমাণৰ ককেইনো পোৱা গৈছিল আৰু স্পষ্টকৈ এয়া এক আত্মহত্যা আছিল।[7][8] বিছনাত পৰি থকা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। বহু বছৰ ধৰি এনৰেক্সিয়া, বুলিমিয়া (অত্যধিক খোৱা আৰু পিছত বমি কৰাৰ মানসিক ৰোগ) আৰু খাদ্যৰ প্ৰতি থকা এলাৰ্জীজনিত সমস্যাৰ বাবে তেওঁৰ শৰীৰটো অত্যন্ত ক্ষীণ হৈ পৰিছিল।[9][10] ৱেষ্টমিনষ্টাৰ কৰোনাৰ ক’ৰ্টৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি, তেওঁ চিকিৎসকৰ ওচৰলৈ যাওঁতে তেওঁৰ টেবুলৰ পৰা চেকনেল ঔষধখিনি চুৰি কৰিছিল। তেওঁ এই ঔষধৰ প্ৰতি আসক্ত আছিল আৰু চিকিৎসকে দুটা টেবলেট খাবলৈ কোৱাৰ বিপৰীতে তেওঁ একেলগে ৪০টা টেবলেট পৰ্যন্ত খাইছিল।[9]

২০০১ চনৰ ১৭ জুনত তেওঁক ফ্ৰান্সৰ পেৰিছৰ পাছি কবৰস্থানত আইতাক ফৰিদেহ দিবাৰ ওচৰত সমাধিস্থ কৰা হয়। অন্ত্যেষ্টিক্ৰিয়াত তেওঁৰ মাতৃ, ইৰানৰ প্ৰাক্তন ৰাজপৰিয়ালৰ সদস্যসকলৰ লগতে প্ৰাক্তন ফৰাচী ৰাজপৰিয়ালৰ সদস্য আৰু প্ৰয়াত ফৰাচী ৰাষ্ট্ৰপতি ফ্ৰাঞ্চোৱা মিটেৰাৰেৰ ভতিজাক ফ্ৰেডেৰিক মিটেৰা উপস্থিত আছিল।[11]

২০১১ চনৰ ৪ জানুৱাৰীত তেওঁৰ ককায়েক আলি ৰেজা পহ্লৱীকো মাছাচুচেটছৰ বষ্টনত থকা নিজ গৃহত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। প্ৰাথমিক তদন্তত তেওঁ আত্মহত্যা কৰা বুলি জানিব পৰা গৈছিল।[12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. দ্য ষ্টেটছমেনছ ইয়েৰ-বুক ১৯৭৮-৭৯, যুক্তৰাজ্য: পালগ্ৰেভ মেকমিলান ইউকে, ২০১৬।
  2. 1 2 "Late Shah's daughter found dead – June 12, 2001". CNN.com. ১২ জুন ২০০১. http://cnn.com আহৰণ কৰা হৈছে: ১৯ জুন ২০২১.
  3. 1 2 3 4 Burke, Jason (১৩ অক্টোবৰ ২০০১). "Death of a princess" (ইংৰাজী ভাষাত). the Guardian. http://www.theguardian.com/theobserver/2001/oct/14/features.magazine47 আহৰণ কৰা হৈছে: ১৯ জুন ২০২১.
  4. Sabety, Setareh (১৯ জুন ২০০১). "Diana not: Serious soul-searching about our collective identity crisis". Iranian.com. http://www.iranian.com/SetarehSabety/2001/June/Leila/ আহৰণ কৰা হৈছে: ১১ নৱেম্বৰ ২০০৯.
  5. "Leila Pahlavi; Deposed Shah's Daughter". Los Angeles Times. ১২ জুন ২০০১. https://www.latimes.com/archives/la-xpm-2001-jun-12-me-9491-story.html.
  6. "Shah's daughter found dead". BBC News. ১২ জুন ২০০১. https://news.bbc.co.uk/2/hi/uk_news/1384283.stm.
  7. Tweedie, Neil (২৬ জুলাই ২০০১). "Shah's daughter stole to fuel her drug habit". The Times. https://www.telegraph.co.uk/news/uknews/1335290/Shahs-daughter-stole-to-fuel-her-drug-habit.html আহৰণ কৰা হৈছে: ৩০ এপ্ৰিল ২০১৩.
  8. Hoffer, Steven (৪ জানুৱাৰী ২০১১). "Prince Ali Reza Pahlavi Commits Suicide: 5 Facts About the Shah of Iran's Son". Aolnews.com. Archived from the original on ৮ ফেব্ৰুৱাৰী ২০১১. https://web.archive.org/web/20110208004625/http://www.aolnews.com/2011/01/04/prince-ali-reza-pahlavi-commits-suicide-5-facts-about-the-shah/ আহৰণ কৰা হৈছে: ১৪ জুন ২০১৫.
  9. 1 2 Tweedie, Neil (২৬ জুলাই ২০০১). "Shah's daughter stole to fuel her drug habit". The Daily Telegraph. https://www.telegraph.co.uk/news/uknews/1335290/Shahs-daughter-stole-to-fuel-her-drug-habit.html আহৰণ কৰা হৈছে: ৪ ছেপ্টেম্বৰ ২০১৬.
  10. Hewitt, Bill (১৬ জুলাই ২০১১). "Burden of Grief". people.com. http://www.people.com/people/archive/article/0,,20134900,00.html আহৰণ কৰা হৈছে: ১৯ এপ্ৰিল ২০১১.
  11. "Shah's daughter laid to rest". BBC News. ১৭ জুন ২০০১. https://news.bbc.co.uk/2/hi/middle_east/1393069.stm.
  12. "Son of former shah of Iran commits suicide". CNN. ৪ জানুৱাৰী ২০১১. http://www.cnn.com/2011/US/01/04/shah.son.suicide/index.html আহৰণ কৰা হৈছে: ৪ ছেপ্টেম্বৰ ২০১৬.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]