লেইলা ফৰোহৰ
লেইলা ফৰোহৰ لیلا فروهر | |
|---|---|
| পৃষ্ঠভূমি | |
| জন্ম | ২৩ ফেব্ৰুৱাৰী, ১৯৫৯ (৬৭ বছৰ) ইছফাহান, ইৰান |
| সংগীতৰ ধৰণ | নৃত্য সংগীত, পপ সংগীত, ইৰানী শাস্ত্ৰীয় সংগীত |
| পেচা | গায়িকা, অভিনেত্ৰী |
| সক্ৰিয়তাৰ বছৰ | ১৯৬৮–বৰ্তমান |
| লেবেল | কেলটেক্স ৰেকৰ্ডছ, পাৰ্ছ ভিডিঅ', তাৰানেহ ৰেকৰ্ডছ, আভাং মিউজিক |
লেইলা ফৰোহৰ (পাৰ্চী: لیلا فروهر; Leilâ Foruhar; জন্ম ২৩ ফেব্ৰুৱাৰী ১৯৫৯) এগৰাকী ইৰানী গায়িকা। তেওঁ প্ৰথমতে এগৰাকী অভিনেত্ৰী হিচাপে কেৰিয়াৰ গঢ়ি তুলিছিল আৰু ১৯৭৯ চনৰ ইৰান বিপ্লৱৰ সাত বছৰ পাছত, ১৯৮৬ চনত প্ৰথমে তুৰস্কৰপৰা লছ এঞ্জেলছলৈ প্ৰব্ৰজন কৰে আৰু তাৰ পিছত ১৯৮৮ চনৰপৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত নিগাজিকৈ বসবাস কৰিবলৈ লয়।[1][2]
ফৰোহৰ ইৰানৰ অভিনয় শিল্পীদ্বয় জাহানগীৰ ফৰোহৰ আৰু ফাৰংগিছ ফাৰাহজাদীৰ কন্যা। তেওঁ পাঁচ বছৰ বয়সতে চলচ্চিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে আৰু ১৪ বছৰ বয়সত সংগীত জগতত প্ৰৱেশ কৰে। বিপ্লৱৰ পূৰ্বে তেওঁ ৪৫খনতকৈও অধিক ইৰানী ছবিত অভিনয় কৰিছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰাৰ পাছত তেওঁ ২০খনতকৈও অধিক এলবাম মুকলি কৰে।[1] ইৰানৰ চুবুৰীয়া দেশ যেনে তাজিকিস্তান আৰু আফগানিস্তানতো তেওঁ বেশ জনাজাত। ২০১০ চনত ফৰোহৰে লাইব্ৰেৰী অৱ কংগ্ৰেছৰ থমাছ জেফাৰছন বিল্ডিঙত অনুষ্ঠিত নৱৰোজ উদ্যাপন সংগীত পৰিৱেশন কৰিছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]লেইলা ফৰোহৰৰ জন্ম ১৯৫৯ চনৰ ২৩ ফেব্ৰুৱাৰীত ইৰানৰ ইছফাহানত এক কলাত্মক পৰিয়ালত হৈছিল। তেওঁৰ পিতৃ-মাতৃ জাহানগীৰ ফৰোহৰ আৰু ফাৰংগিছ ফাৰাহজাদী দুয়োগৰাকীয়ে অভিনয় শিল্পী আছিল। তেওঁ তিনি বছৰ বয়সতে মঞ্চত অভিনয় কৰিবলৈ আৰম্ভ কৰে। তেওঁ পিতৃ-মাতৃ আৰু প্ৰখ্যাত নাট্যশিল্পী আৰহাম ছদ্ৰৰ সৈতে ইছফাহানৰ ছেপাহান থিয়েটাৰত বিভিন্ন নাট্য প্ৰযোজনাত অংশ লৈছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০০৪ চনৰ ২০ আগষ্টত লেইলা ফৰোহৰে ইছমাইল নবীৰ সৈতে বিবাহপাশত আবদ্ধ হয়[3] আৰু কেলিফৰ্নিয়াৰ অৰেঞ্জ কাউণ্টীলৈ স্থানান্তৰিত হয়।[3] ৰেজা আচলান তেওঁৰ ভাগিন/ভতিজা।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 میریان, شهرام (2009-04-01). "لیلا فروهر؛ از کودکی و سینما تا لس آنجلس و خوانندگی" (fa ভাষাত). رادیو فردا. https://www.radiofarda.com/a/f35_LelilaForouhar_Noruz1388/1565267.html.
- ↑ "Iranian Diaspora in California" (en-US ভাষাত). The New York Times. 2015-12-01. ISSN 0362-4331. https://www.nytimes.com/slideshow/2015/12/06/sunday-review/iranian-diaspora-in-california.html.
- 1 2 "BBC Persian". www.bbc.com. https://www.bbc.com/persian/arts/story/2004/10/041022_ag-leila-forouhar। আহৰণ কৰা হৈছে: 2025-07-12.
- ↑ Review, By Syed Hamad Ali, Special to Weekend (2018-09-15). "Islam's pulse in the US" (en ভাষাত). Gulf News: Latest UAE news, Dubai news, Business, travel news, Dubai Gold rate, prayer time, cinema. https://gulfnews.com/entertainment/books/islams-pulse-in-the-us-1.837480। আহৰণ কৰা হৈছে: 2025-07-12.