লেইলা হাতামি
| লেইলা হাতামি | |
|---|---|
২০২২ চনত হাতামি | |
| স্থানীয় নাম | لیلا حاتمی |
| জন্ম | ০১ অক্টোবৰ, ১৯৭২ (৫৩ বছৰ) তেহৰান, ইৰান |
| শিক্ষানুষ্ঠান | একোল পলিটেকনিক ফেডাৰেল ডি লাউচেন |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৮৪–বৰ্তমান |
| দাম্পত্যসঙ্গী | আলি মোছাফা (বি. ১৯৯৮) |
| পিতৃ-মাতৃ | আলি হাতামি জাৰি খোছকাম |
| সন্তান | ২ |
| আত্মীয়-স্বজন | আমিৰ বানু কাৰিমি (শাহু) |
লেইলা হাতামি (ফাৰ্চী: لیلا حاتمی; জন্ম: ১ অক্টোবৰ ১৯৭২) এগৰাকী ইৰানী অভিনেত্ৰী। ইৰানী চিনেমাৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী আৰু একবিংশ শতিকাৰ এগৰাকী আগশাৰীৰ শিল্পী হিচাপে পৰিগণিত হাতামি ড্ৰামা ছবিসমূহহত কৰা বাস্তৱসন্মত অভিনয়ৰ বাবে বিশেষভাৱে পৰিচিত। ২০১১ চনত একাডেমী বঁটা বিজয়ী ছবি এ চেপাৰেচনত চিমিন চৰিত্ৰত কৰা অভিনয়ৰ জৰিয়তে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰে আৰু ইয়াৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ চিলভাৰ বিয়েৰ বঁটা লাভ কৰে।
হাতামীয়ে ১৯৮৪ চনত মুক্তিপ্ৰাপ্ত নাটকীয় ছবি কামালোলমোল্কত কামাল-অল-মোল্কৰ চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। তেওঁ ১৯৯৭ চনত মুক্তি পোৱা লেইলা নামৰ নাটকীয় ছবিত এগৰাকী বন্ধ্যা মহিলাৰ চৰিত্ৰত প্ৰথমবাৰৰ বাবে মূল ভূমিকাত অভিনয় কৰে, যাৰ বাবে তেওঁ ফাজৰ চলচ্চিত্ৰ মহোৎসৱত ডিপ্লমা অৱ অনাৰ লাভ কৰে আৰু জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰে। ২০০৯ চনত পেনীলেচ ছবিত এগৰাকী সৰল মহিলাৰ চৰিত্ৰত কৰা অভিনয়ে তেওঁক ফাজৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ক্ৰীষ্টাল চিমৰ্ঘ বঁটা আনি দিয়ে আৰু পৰৱৰ্তী সময়ত ২০১৭ চনত চাবডিউড ছবিত এগৰাকী মানসিকভাৱে বিপৰ্যস্ত মহিলাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পুনৰ এই বঁটা লাভ কৰে। ইয়াৰ উপৰি তেওঁ চেইদ্য (১৯৯৯), দ্য ডেজাৰ্টেড ষ্টেচন (২০০২), চিজনেড চালাড (২০০৫), ফৰ্টি য়েৰ্ছ অ'ল্ড (২০১০), এ চেপাৰেচন (২০১১), দ্য অৰেঞ্জ চুট (২০১২) আৰু টাইম টু লাভ (২০১৫) আদি ছবিত অভিনয়ৰ বাবে ক্ৰীষ্টাল চিমৰ্ঘ বঁটাৰ বাবে মনোনীত হৈছিল।
হাতামীয়ে দ্য ডেজাৰ্টেড ষ্টেচন (২০০২) ছবিত কৰা অভিনয়ৰ বাবে মণ্ট্ৰিয়েল ৱৰ্ল্ড ফিল্ম ফেষ্টিৱেলত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। ২০১১ চনত এ চেপাৰেচন নামৰ নাটকীয় ছবিখনৰ বাবে বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ চিলভাৰ বিয়েৰ বঁটা লাভ কৰে। ২০১৭ চনত 'ইণ্ডিৱায়াৰ'-এ এই ছবিখনত তেওঁৰ অভিনয়ক একবিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ অভিনয় হিচাপে প্ৰশংসা কৰে আৰু হাতামীয়ে এই অভিনয়ৰ বাবে এটা অস্কাৰ বঁটা পোৱাৰ যোগ্য আছিল বুলি মত প্ৰকাশ কৰে।[1] ২০১২ চনত মুক্তি পোৱা দ্য লাষ্ট ষ্টেপ ছবিত কৰা অভিনয়ৰ বাবে তেওঁ কাৰ্লভি ভেৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ক্ৰীষ্টাল গ্ল'ব বঁটা লাভ কৰে। ২০১২ চনত ফৰাচী চৰকাৰে তেওঁক 'চেভেলিয়াৰ অৱ দ্য অৰ্ডাৰ অৱ আৰ্টছ এণ্ড লেটাৰ্ছ' সন্মানেৰে ভূষিত কৰে।[2] 'ৱাণ্ডাৰচলিষ্ট' ৱেবচাইটৰ মধ্যপ্ৰাচ্যৰ আটাইতকৈ ধুনীয়া মহিলাৰ তালিকাতো তেওঁৰ নাম অন্তৰ্ভুক্ত হৈছে।[3]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]
লেইলা হাতামিৰ জন্ম ১৯৭২ চনৰ ১ অক্টোবৰত ইৰানৰ তেহৰানত হৈছিল। তেওঁৰ পিতৃ আছিল প্ৰভাৱশালী ইৰানী পৰিচালক আলি হাতামি আৰু মাতৃ আছিল অভিনেত্ৰী জাৰি খোছকাম। ১০ বছৰ বয়সতে লেইলাই প্ৰথমবাৰৰ বাবে ছবিত অভিনয় কৰে। ১৯ শতিকাৰ ইৰানী চিত্ৰশিল্পী কামাল-অল-মোল্কৰ জীৱনৰ আধাৰত নিৰ্মিত কামালোলমোল্ক নামৰ ছবিখনত তেওঁ চিত্ৰশিল্পীগৰাকীৰ বাল্যকালৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ আঠ বছৰৰ পাছত ১৯৯২ চনত তেওঁ পিতৃৰ আন এখন ছবি লাভ-ষ্ট্ৰীকেন-ত এগৰাকী অন্ধ ৰাজকুমাৰীৰ চৰিত্ৰত অভিনয় কৰে। অৱশ্যে প্ৰথম অৱস্থাত তেওঁ অভিনয়ক পেচা হিচাপে লোৱাৰ কথা ভবা নাছিল। হাইস্কুলত তেওঁ গাণিতিক পদ্যৰ্থ বিজ্ঞানহে অধ্যয়ন কৰিছিল।[4]
হাইস্কুলৰ শিক্ষা সমাপ্ত কৰাৰ পাছত তেওঁ চুইজাৰলেণ্ডৰ লাউচেনলৈ যায় আৰু লাউচেনৰ চুইচ ফেডাৰেল ইনষ্টিটিউট অব্ টেকন’লজীত মেকানিকেল ইঞ্জিনিয়াৰিং অধ্যয়ন আৰম্ভ কৰে। দুবছৰৰ পাছত হাতামিয়ে নিজৰ বিষয় সলনি কৰি ফৰাচী সাহিত্য অধ্যয়ন কৰিবলৈ লয়।[5] তেওঁ ফৰাচী ভাষাৰ অধ্যয়ন সম্পূৰ্ণ কৰাৰ পাছতে পিতৃ অসুস্থ হৈ পৰে আৰু তেওঁ ইৰানলৈ ঘূৰি আহে। ১৯৯৬ চনত তেওঁৰ পিতৃৰ মৃত্যু হয়। সেই একে বছৰতে তেওঁ চলচ্চিত্ৰ পৰিচালক দ্যৰিয়ুচ মেহৰজুইৰ নিৰ্দেশনাত নিৰ্মিত লেইলা নামৰ ড্ৰামা ছবিত প্ৰথমবাৰৰ বাবে প্ৰাপ্তবয়স্ক চৰিত্ৰত অভিনয় কৰে। তেওঁৰ অভিনয়ে ইৰানৰ ভিতৰে-বাহিৰে সৰ্বত্ৰে প্ৰশংসা বুটলিছিল।[6]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]হাতামিয়ে ১৯৯৮ চনত লেইলা (১৯৯৭) ছবিখনৰ সহ-অভিনেতা আলি মোছাফাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ দুটা সন্তান আছে: মণি নামৰ এজন পুত্ৰ (জন্ম: ফেব্ৰুৱাৰী ২০০৭) আৰু আচল নামৰ এগৰাকী কন্যা (জন্ম: অক্টোবৰ ২০০৮)।
নিজৰ মাতৃভাষা ফাৰ্চীৰ উপৰিও তেওঁ ফৰাচী, ইংৰাজী, ইটালীয় আৰু জাৰ্মান ভাষা সাৱলীলভাৱে ক’ব পাৰে।[7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Leila Hatami Among 21st Century Best Actresses" (en ভাষাত). FinancialTribune. 2017-09-23. Archived from the original on 2018-06-20. https://web.archive.org/web/20180620160043/https://financialtribune.com/। আহৰণ কৰা হৈছে: 2025-01-21.
- ↑ "اعطای نشان هنر و ادب فرانسه به لیلا حاتمی" (fa ভাষাত). BBC News. 2012-08-02. https://bbc.com। আহৰণ কৰা হৈছে: 2022-08-04.
- ↑ "Most Beautiful Middle-Eastern Women - Top 10 Beautiful Arab Women" (en-US ভাষাত). ://wonderslist.com. 2016-11-08. https://wonderslist.com। আহৰণ কৰা হৈছে: 2025-07-08.
- ↑ "Iran Chamber Society: Iranian Cinema: Leila Hatami". www.iranchamber.com. https://www.iranchamber.com/cinema/lhatami/leila_hatami.php। আহৰণ কৰা হৈছে: 2025-07-09.
- ↑ Tom Vick (2007). Asian cinema: a field guide. Collins. https://archive.org/details/asiancinemafield0000vick.
- ↑ "Iranian Women You Should Known: Leila Hatami" (en ভাষাত). iranwire.com. https://iranwire.com/en/special-features/61308/। আহৰণ কৰা হৈছে: 2025-07-09.
- ↑ "Iranian stars who speak multiple languages" (en ভাষাত). ifilm-آیفیلم. https://en.ifilmtv.ir/News/Content/35599/। আহৰণ কৰা হৈছে: 2025-07-09.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত লেইলা হাতামি সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- লেইলা হাতামি সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।