লেচলি চেচ
| লেচলি চেচ | |
|---|---|
Lesley Sachs | |
| স্থানীয় নাম | לזלי זקס |
| জন্ম | লেচলি চেচ ২৫ আগষ্ট, ১৯৫৮ (৬৭ বছৰ) জোহান্সবাৰ্গ, দক্ষিণ আফ্ৰিকা |
| শিক্ষা | হাইফা বিশ্ববিদ্যালয় |
| পেচা | মুখ্য কাৰ্যবাহী বিষয়া, শিল্পী |
| সংস্থা | ইজৰাইল উইমেনছ নেটৱৰ্ক (IWN), ইজৰাইল ৰিলিজিয়াছ একচন চেণ্টাৰ (IRAC) আৰু উইমেন অৱ দ্য ৱাল (WOW) |
| ৱেবছাইট | |
| www | |
লেচলি চেচ (ইংৰাজী: Lesley Sachs; জন্ম: ২৫ আগষ্ট ১৯৫৮) এগৰাকী ইজৰাইলী সমাজ কৰ্মী, মুখ্য কাৰ্যবাহী বিষয়া আৰু শিল্পী। ইজৰাইল উইমেনছ নেটৱৰ্ক (আই ডব্লিউ এন), ইজৰাইল ৰিলিজিয়াছ একচন চেণ্টাৰ (আই আৰ এ চি), ৱৰ্ল্ড ইউনিয়ন ফৰ প্ৰগ্ৰেছিভ ইহুদীজম (ডব্লিউ ইউ পি জে) আৰু উইমেন অৱ দ্য ৱাল (ডব্লিউ অ' ডব্লিউ)ৰ চি ই অ' হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1][1]
জীৱনী
[সম্পাদনা কৰক]১৯৫৮ চনৰ ২৫ আগষ্টত দক্ষিণ আফ্ৰিকা জোহান্সবাৰ্গত জন্মগ্ৰহণ কৰা চেচে পাঁচ বছৰ বয়সৰ পৰা হাইফাত ডাঙৰ-দীঘল হৈছিল। হাইফা বিশ্ববিদ্যালয়ত অধ্যয়ন সমাপ্ত কৰাৰ পিছত জেৰুজালেমলৈ গুচি যায় আৰু তাৰ পৰাই হোটেল পৰিচালনাৰ বিষয়ে অধ্যয়ন কৰে আৰু কেইবাবছৰ ধৰি এই ক্ষেত্ৰত কাম কৰে।[2]
ইজৰাইল মহিলা নেটৱৰ্কত এবছৰ স্বেচ্ছাসেৱী হিচাপে কাম কৰাৰ পিছত তেওঁক সংস্থাটোৰ প্ৰথম মুখপাত্ৰ আৰু জনসংযোগ সঞ্চালিকা হিচাপে নিযুক্তি দিয়া হয়। চাৰি বছৰৰ পিছত তেওঁ মুখ্য কাৰ্যবাহী বিষয়া হয়।[3] দুয়োটা ভূমিকাতে (১৯৮৯-১৯৯৭) তেওঁ ইজৰাইলী ৰাজহুৱা কাৰ্যসূচীত লিংগ সমতাৰ বিষয়টোক আগস্থানলৈ অনাত সফল হয়।[4]
১৯৯৭-২০০৩ চনৰ ভিতৰত তেওঁ ইজৰাইল ৰিলিজিয়াছ একচন চেণ্টাৰৰ চিইঅ' হিচাপে কাম কৰিছিল যিয়ে অন্যান্য বিষয়ৰ লগতে ইজৰাইলৰ ভিতৰত সমতা, সামাজিক ন্যায় আৰু ধৰ্মীয় বহুত্ববাদৰ ৰক্ষাৰ বাবে চেষ্টা কৰিছিল৷ তেওঁ ইজৰাইলৰ আইনী ব্যৱস্থা আৰু লবীং ব্যৱহাৰ কৰিছিল।[5][6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Lesley Sachs, Executive Director of Women of the Wall". Jewish Women's Foundation. https://www.juf.org/jwf/Events-LesleySachs.aspx। আহৰণ কৰা হৈছে: 13 December 2020.
- ↑ "About Lesley Sachs". Supersonot. https://www.supersonas.com/personas/%D7%9C%D7%96%D7%9C%D7%99-%D7%96%D7%A7%D7%A1/। আহৰণ কৰা হৈছে: 11 December 2020.
- ↑ "Women Protest Strict Dress Code at Israeli Supermarket". The Jewish News of Northern California. 13 September 1996. https://www.jweekly.com/1996/09/13/women-protest-strict-dress-code-at-israeli-supermarket/.
- ↑ "At the Helm of the Israeli Movement for Women's Rights". New Israel Fund. 6 April 2017. https://www.nif.org/stories/human-rights-democracy/at-the-helm-of-the-israeli-movement-for-womens-rights/.
- ↑ "Meeting of the Committee for the Advancement of Women and Gender Equality, 09/01/2002". Fifteenth Knesset. https://www.knessetnow.co.il/%D7%95%D7%A2%D7%93%D7%95%D7%AA/%D7%A4%D7%A8%D7%95%D7%98%D7%95%D7%A7%D7%95%D7%9C/13838/%D7%9E%D7%99%D7%A9%D7%99%D7%91%D7%AA-%D7%95%D7%A2%D7%93%D7%AA-%D7%94%D7%9E%D7%A9%D7%A0%D7%94-%D7%A9%D7%9C-%D7%94%D7%95%D7%95%D7%A2%D7%93%D7%94-%D7%9C%D7%A7%D7%99%D7%93%D7%95%D7%9D-%D7%9E%D7%A2%D7%9E%D7%93-%D7%94%D7%90%D7%99%D7%A9%D7%94-%D7%9C%D7%A0%D7%95%D7%A9%D7%90-%D7%A7%D7%99%D7%93%D7%95%D7%9D-%D7%A0%D7%A9%D7%99%D7%9D-%D7%91%D7%A2%D7%91%D7%95%D7%93%D7%94-%D7%95%D7%9B%D7%9C%D7%9B%D7%9C%D7%94-%D7%99%D7%96%D7%9E%D7%95%D7%AA-%D7%A2%D7%A1%D7%A7%D7%99%D7%AA-%D7%95%D7%94%D7%A2%D7%A1%D7%A7%D7%94। আহৰণ কৰা হৈছে: 13 December 2020.[সংযোগবিহীন উৎস]
- ↑ "Matrimonial Relations Bill (Amendment - Balance on Termination of Marriage)". Fifteenth Knesset. https://oknesset.org/meetings/2/0/2060946.html। আহৰণ কৰা হৈছে: 13 December 2020.