লেছলী ত্ৰিপাঠী
| লেছলী ত্ৰিপাঠী | |
|---|---|
২০২০ চনত ১৯তম ট্ৰেন্সমিডিয়া গুজৰাটী ফিল্ম এণ্ড টিভি এৱাৰ্ডছত ত্ৰিপাঠী | |
| জন্ম | লেছলী এন ত্ৰিপাঠী ২৬ জুন, ১৯৯০ ব্ৰহ্মপুৰ, ওড়িশা, ভাৰত |
| পেচা | অভিনেত্ৰী, মডেল |
| সক্ৰিয় হৈ থকা সময় | ২০১৪–বৰ্তমান |
লেছলী এন ত্ৰিপাঠী (ইংৰাজী: Leslie Ann Tripathy) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰথমে ওড়িয়া সংগীত ভিডিঅ' আৰু চলচ্চিত্ৰত আৰু তাৰ পিছত বলীউডত অভিনয় কৰিছিল। ২০১৪ চনত ত্ৰিপাঠীয়ে ডব্লিউ ছবিৰ জৰিয়তে হিন্দী চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।[1][2]
প্ৰাৰম্ভিক জীৱন আৰু পটভূমি
[সম্পাদনা কৰক]ত্ৰিপাঠী ইংৰাজী বিষয়ৰ অধ্যাপক ড° শৈলেন্দ্ৰ নাৰায়ণ ত্ৰিপাঠী[3] আৰু ইংৰাজী সাহিত্যৰ শিক্ষয়িত্ৰী অশোকা ত্ৰিপাঠীৰ প্ৰথম সন্তান। ত্ৰিপাঠীৰ এজন সৰু ভাতৃ আছে, যাৰ নাম শ্বেইকছপীয়েৰ কিং। তেওঁ এজন মডেলৰপৰা অভিনেতা হোৱা ব্যক্তি আৰু সাধাৰণতে ভাৰতীয় এডাল্ট চলচ্চিত্ৰ উদ্যোগত কাম কৰে। তেওঁ বক্সী জগবন্ধু বিদ্যাধৰ মহাবিদ্যালয়ৰ (বিজেবি কলেজ) এগৰাকী প্ৰাক্তন ছাত্ৰী।[4] তেওঁ চেন্নাইৰ এছিয়ান কলেজ অৱ জাৰ্নালিজমৰপৰা সাংবাদিকতা অধ্যয়ন কৰিছিল। তেওঁ প্ৰবন্ধ লিখাৰ লগতে মহিলাৰ অধিকাৰৰ বাবে প্ৰচাৰ চলাই আহিছে।[উদ্ধৃতিৰ প্ৰয়োজন] বলীউড উদ্যোগত প্ৰৱেশ কৰাৰ আগতে ত্ৰিপাঠী ওড়িয়া চলচ্চিত্ৰ উদ্যোগত সক্ৰিয় আছিল আৰু বহুতো সংগীত ভিডিঅ’ তথা ছবিত কাম কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
কেৰিয়াৰ
[সম্পাদনা কৰক]ত্ৰিপাঠীয়ে ২০১৪ চনৰ ছবি ডব্লিউৰ জৰিয়তে বলীউডত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। এই ছবিত তেওঁ ৰুহী মালিক নামৰ এগৰাকী ধৰ্ষণৰ বলি হোৱা যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছিল।[5] তেওঁ শিৱাজীৰ সৈতে তেওঁৰ প্ৰথম তেলেগু ছবি চুচিনোডিকি চুচিনান্থাত অভিনয় কৰিছিল।[6][7]

২০১৭ চনৰ ৪ আগষ্টত মুম্বাইৰ হোটেল ছাহাৰা ষ্টাৰত সত্য ব্ৰহ্মই প্ৰতিষ্ঠা কৰা ইণ্ডিয়া লিডাৰশ্বিপ কনক্লেভত লেছলীক "চাইবাৰস্পেছ ট্ৰোলিং, বডী শ্বেমিং, ষ্টকিং, ধৰ্ষণ আৰু মৃত্যুৰ ভাবুকিৰ বিৰোধিতা" শীৰ্ষক বিষয়ত এগৰাকী বক্তা হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল।[8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Ashok Palit (31 January 2013). "Odisha: Leslie Tripathy to act in Hindi cinema". প্ৰকাশক Bhubaneswar. Archived from the original on 17 February 2015. https://web.archive.org/web/20150217123018/http://www.orissadiary.com/ShowEntertainmentNews.asp?id=39177.
- ↑ Ashok Palit (1 March 2014). "Odia actress Leslie Tripathy upcoming Hindi film scheduled to be released in March". প্ৰকাশক Bhubaneswar. Archived from the original on 17 February 2015. https://web.archive.org/web/20150217141738/http://www.orissadiary.com/currentnews.asp?id=48276.
- ↑ Jigsaw Creations. "Poesie India International - All About Us!". oocities.org. http://www.oocities.org/poesieindia/About.html। আহৰণ কৰা হৈছে: 25 February 2015.
- ↑ "Leslie Ann Tripathy". https://bjbfriends.com/alumni/leslie-tripathy। আহৰণ কৰা হৈছে: 17 February 2015.
- ↑ "Lesly Tripathy in Telegu Movie". My City Bhubaneswar. 9 August 2014. Archived from the original on 24 February 2015. https://web.archive.org/web/20150224122007/http://mybhubaneswarcity.com/lesly-tripathy-in-telegu-movie/। আহৰণ কৰা হৈছে: 24 February 2015.
- ↑ "Movie Bytes". The New Indian Express. Archived from the original on 17 February 2015. https://web.archive.org/web/20150217125012/http://www.newindianexpress.com/entertainment/reviews/Movie-Bytes/2014/08/02/article2358303.ece1। আহৰণ কৰা হৈছে: 17 February 2015.
- ↑ Palit, Ashok (5 August 2014). "Odisha girl Lesly Tripathy in Telegu Movie". Archived from the original on 24 February 2015. https://web.archive.org/web/20150224123544/http://www.orissadiary.com/CurrentNews.asp?id=52390.
- ↑ "Agenda – India Leadership Conclave 2017" (en-US ভাষাত). Archived from the original on 17 February 2020. https://web.archive.org/web/20200217194545/http://indialeadershipconclave.in/agenda/। আহৰণ কৰা হৈছে: 30 August 2020.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- লেছলী ত্ৰিপাঠী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- লেছলী ত্ৰিপাঠী সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য
- লেছলী ত্ৰিপাঠী Archived 11 April 2020 at the Wayback Machine OllywoodMovie.com ত