লেডিজ অনলি (১৯৩৯ চলচ্চিত্ৰ)
| লেডিজ অনলী | |
|---|---|
| পৰিচালক | সৰ্বোত্তম বাদামী |
| চিত্ৰনাট্য | জিয়া সৰহাদী |
| কাহিনী | সৰ্বোত্তম বাদামী |
| প্ৰযোজক | সাগৰ মুভীট’ন |
| অভিনয়ত |
|
| চিত্ৰগ্ৰহণকাৰী | ফেৰদুন ইৰানী |
| সম্পাদনা | চামচুদ্দিন কাদ্ৰী |
| সংগীত পৰিচালক | অনুপম ঘটক |
প্ৰযোজনা কোম্পানী |
সাগৰ মুভীট’ন |
| পৰিবেশক | কপুৰচান্দ লিমিটেড |
মুক্তি |
১৯৩৯ |
দৈৰ্ঘ্য |
১৫৮ মিনিট |
| দেশ | ভাৰত |
| ভাষা | হিন্দী |
লেডিজ অনলি' (ইংৰাজী: Ladies Only) ১৯৩৯ চনৰ সৰ্বোত্তম বাদামীৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় হিন্দী ভাষাৰ সামাজিক হাস্য ৰসাত্মক ছবি।[1] সাগৰ মুভিটনৰ দ্বাৰা নিৰ্মিত এই ছবিখনৰ সংগীত অনুপম ঘটকৰ আছিল আৰু ইয়াত সুৰেন্দ্ৰনাথ, সবিতা দেৱী, বিব্বো আৰু প্ৰভাই অভিনয় কৰিছিল।[2] সাগৰ মুভিটন এৰি যোৱাৰ আগতে সৰ্বোত্তম বাদামীয়ে নিৰ্মাণ কৰা এইখনেই আছিল অন্তিমখন কমেডী ছবি। ইয়াৰ পিছত তেওঁ নিজৰ গুৰু আম্বালাল পেটেলৰ সৈতে সুদামা পিকচাৰ্ছত যোগদান কৰে আৰু "সামাজিকভাৱে প্ৰাসংগিক" ছবি নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে। কাহিনীটোত বেলেগ বেলেগ ৰাজ্য তিনিগৰাকী ছোৱালীয়ে ৰেলৱে ষ্টেচনত লগ পায় আৰু তাৰ পিছত পৰস্পৰৰ পৰস্পৰৰ সৈতে সম্পৰ্কত জড়িত হৈ পৰে।[3]
প্লট
[সম্পাদনা কৰক]ভাৰতৰ বেলেগ বেলেগ অঞ্চলৰ তিনিগৰাকী ছোৱালী সবিতা দেৱী (গুজৰাট), বিব্বো (পাঞ্জাৱ), আৰু প্ৰভা (বংগ) ৰেল ষ্টেচনত লগলগি হয়। থাকিবলৈ ঠাই নথকাৰ বাবে সিহঁতে একেলগে থকাৰ ঠাই বিচাৰিবলৈ সিদ্ধান্ত লয়। এজন ৰান্ধনী (ভুদো আদৱানী) তেওঁলোকৰ লগত যোগ হয়, যিয়ে প্ৰতিখন ৰাজ্যৰে ভাষা কয়। এজন ধুৰন্ধৰ ডেকাল’ৰা (সুৰেন্দ্ৰ) তেওঁলোকৰ জীৱনত প্ৰৱেশ কৰে আৰু ছোৱালীকেইজনীৰ মাজত বিশৃংখলাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে, যেতিয়া আটাইকেইজনী ছোৱালীয়ে ডেকাল’ৰাজনৰ প্ৰেমত পৰে।
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ "Ladies Only 1939". Gomolo.com. Archived from the original on 9 July 2017. https://web.archive.org/web/20170709235449/http://www.gomolo.com/ladies-only-movie/788। আহৰণ কৰা হৈছে: 3 October 2014.
- ↑ "Ladies Only 1937". Alan Goble. http://www.citwf.com/film191724.htm। আহৰণ কৰা হৈছে: 3 October 2014.
- ↑ Sanjit Narwekar (12 December 2012). Eena Meena Deeka: The Story of Hindi Film Comedy. Rupa Publications. পৃষ্ঠা. 54–. ISBN 978-81-291-2625-2. https://books.google.com/books?id=KbSbAwAAQBAJ&pg=PT66। আহৰণ কৰা হৈছে: 3 October 2014.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- লেডিজ অনলি (১৯৩৯ চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।