লেডী শ্ৰী ৰাম কলেজ
লেডী শ্ৰী ৰাম কলেজ | |
---|---|
Lady Shri Ram College for Women.svg | |
মূলমন্ত্ৰ | Sā vidyā yā vimuktaye "That alone is knowledge which leads to liberation" |
স্থাপিত | ১৯৫৬ |
ধৰণ | ৰাজহুৱা মহিলা মহাবিদ্যাল |
মূল প্ৰতিষ্ঠান | দিল্লী বিশ্ববিদ্যালয় |
অধ্যক্ষ | সুমন শৰ্মা |
শৈক্ষিক কৰ্মচাৰী | ১৫০ |
শিক্ষাৰ্থী | প্ৰায় ৫০০০ |
স্থান | নতুন দিল্লী, দিল্লী, ভাৰত |
চৌহদ | ১৫ একৰ |
ৱেবছাইট | www |
লেডী শ্ৰী ৰাম কলেজ (ইংৰাজী: Lady Shri Ram College) হৈছে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ এখন মহিলা মহাবিদ্যালয়।[1]
ইতিহাস
[সম্পাদনা কৰক]১৯৫৬ চনত প্ৰয়াত লালা শ্ৰী ৰামে তেওঁৰ পত্নী ফুলন দেৱী (লেডী শ্ৰী ৰাম)ৰ স্মৃতিত নতুন দিল্লীত স্থাপন কৰা এই মহাবিদ্যালয়খনৰ মধ্য দিল্লীৰ দৰয়াগঞ্জৰ এটা বিদ্যালয় ভৱনত আৰম্ভণি হৈছিল৷ ২৯৯ জন ছাত্ৰ-ছাত্ৰী, ৯ জন অধ্যাপক, আৰু চাৰিজন সহায়ক কৰ্মচাৰী সেইসময়ত মহাবিদ্যালয়ৰ লগত জড়িত হৈছিল। বৰ্তমান এই মহাবিদ্যালয়খন দক্ষিণ দিল্লীৰ লাজপত নগৰৰ ১৫ একৰ (৬১,০০০ মিটাৰ বৰ্গফুট) ভূমিত অৱস্থিত।[2]
মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিত ইণ্টাৰনেটৰ ব্যৱহাৰসংলগ্ন এটা পুথিভঁৰাল, ১২০০খন কিতাপ, ৫০খন অনলাইন আলোচনী আৰু ১২৭৯৮খন ইন-হাউছ জাৰ্নেল আৰু সাময়িকী অন্তৰ্ভুক্ত কৰা হৈছে।[3] ইয়াৰ ব’ৰ্ড অৱ গভৰ্ণৰ অধ্যক্ষতা কৰিছে উদ্যোগপতি আৰু দানবীৰ ভাৰত ৰামে। মহাবিদ্যালয়খনৰ নতুন অধ্যক্ষ হৈছে শ্ৰীমতী সুমন শৰ্মা।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "‘PPU to raise music band’". The Times of India. 2024-02-17. ISSN 0971-8257. https://timesofindia.indiatimes.com/city/patna/ppu-to-raise-music-band-patna/articleshow/107768892.cms.
- ↑ "Lady Shri Ram College for Women | Delhi Live". http://www.delhilive.com/lady-shri-ram-college-for-women-0। আহৰণ কৰা হৈছে: 2010-05-27. Article on Lady Shri Ram College for Women, delhilive.com on Sat, 02/06/2007-06:03
- ↑ [1] Lady Shri Ram College Library