লোকনাথ গোস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লোকনাথ গোস্বামী
জন্ম ১৯৫০ চন
তেজপুৰ,অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
পেচা
  • লেখক
  • গীতিকাৰ
  • সুৰকাৰ
  • কণ্ঠশিল্পী
  • সংগীত ব্যৱস্থাপক
  • সমাজকৰ্মী
জনা যায় মঘাই বোলে ঢোলৰ মাত
দাম্পত্যসঙ্গী কুন্তলা শ্ৰুতিকৰ
পিতৃ-মাতৃ চন্দ্ৰকান্ত গোস্বামী আৰু পদ্মা দেৱী
সন্তান সেউজ গোস্বামী আৰু সম্প্ৰীতি গোস্বামী
বঁটা, সন্মান, পুৰস্কাৰ আদি মঘাই ওজা বঁ‌টা

লোকনাথ গোস্বামী হৈছে অসমৰ এগৰাকী প্ৰসিদ্ধ লেখক, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত ব্যৱস্থাপক আৰু সমাজকৰ্মী। মঘাই বোলে ঢোলৰ মাত, আমোলমোল শেৱালিৰ গোন্ধ আদিৰ নিচিনা চিৰসেউজ গীতসমূহৰ জৰিয়তে তেওঁ ব্যাপকভাৱে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল।

জন্ম আৰু পৰিয়াল[সম্পাদনা কৰক]

লোকনাথ গোস্বামীৰ জন্ম হয় তেজপুৰৰ সমীপৱৰ্তী গাঁও দ-বেছেৰীয়াত ১৯৫০ চনৰ ২৮ অক্টোবৰ তাৰিখে৷ দেউতাক আছিল মূৰাৰী সত্ৰৰ সত্ৰাধিকাৰ চন্দ্ৰকান্ত গোস্বামী আৰু মাতৃ পদ্মা দেৱী৷

শিক্ষা আৰু কৰ্মজীৱন[সম্পাদনা কৰক]

দ- বেছেৰীয়াৰ পৰা প্ৰাথমিক আৰু বেছেৰীয়া হাইস্কুলৰ পৰা প্ৰথম বিভাগত মেট্ৰিকত উত্তীৰ্ণ হৈ দৰং কলেজত বিজ্ঞান শাখাত নামভৰ্তি কৰি ১৯৭৩ চনত ‘ৰসায়ন বিজ্ঞান’ত অনাৰ্চ সহ স্নাতক ডিগ্ৰী লাভ কৰে৷

দৰং কলেজৰ পৰা ওলায়েই তেজপুৰ একাডেমীত বিজ্ঞানৰ শিক্ষক হিচাপে আঢ়ৈবছৰ কাল শিক্ষকতা কৰে৷ পাছত তেজপুৰৰ পৰা নামৰূপলৈ গৈ নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰত এচিষ্টেণ্ট কেমিষ্ট হিচাপে ১৯৭৬ চনত চাকৰিত যোগদান কৰে৷ নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ পৰা চন্দ্ৰপুৰ তাপ বিদ্যুৎকেন্দ্ৰ , মুখ্য কাযাৰ্লয় বিজুলী ভৱন আদিলৈ পদোন্নতিসহ বদলি হৈ সৰ্বশেষত পুনৰ নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ পৰা সহকাৰী কেন্দ্ৰ সঞ্চালক [সহকাৰী মহাপ্ৰবন্ধক] হিচাপে ২০১২ চনৰ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰে৷

সাংগীতিক জীৱন[সম্পাদনা কৰক]

সৰুৰে পৰা নিজৰ ঘৰখন আৰু ওপজা গাঁওখনত লোকনাথ গোস্বামীয়ে গীত - মাতৰ লগতে অভিনয়ৰো অভিজ্ঞতা অৰ্জন কৰে। ভাওনা, নাটক আদিত শিশু চৰিত্ৰত অভিনয় কৰাৰ উপৰিও ওচৰ-পাজৰৰ গাঁৱৰ লগতে তেজপুৰৰ বাণথিয়েটাৰতো শৈশৱতে নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। সেই সময়ত হাইস্কুল টুণাৰ্মেণ্টৰ গীত-মাতৰ প্ৰতিযোগিতাত যোগদান কৰি কৃতিত্ব অৰ্জন কৰাৰ লগতে জনপ্ৰিয়তা অৰ্জন কৰিছিল। দৰং কলেজৰ বিজ্ঞান শাখাৰ ছাত্ৰ হিচাবে পঢ়া-শুনাত মনোনিৱেশ কৰাৰ লগতে বছৰেকীয়া গীত-মাতৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সৰ্বশ্ৰেষ্ঠ গায়কৰ সন্মান অৰ্জন কৰে। তেজপুৰ থকাৰ সময়ছোৱাত ঐতিহ্যমণ্ডিত বাণথিয়েটাৰৰ সৈতে ওতপ্ৰোত ভাৱে জড়িত হৈ পৰে আৰু বিষ্ণু প্ৰসাদ ৰাভা, চন্দ্ৰধৰ গোস্বামী, ফনী শৰ্মা, অজিত সিংহ, দিলীপ চৌধুৰী প্ৰমুখ্যে অগ্ৰজ বৰেণ্য শিল্পীসকলৰ সান্নিধ্য লাভ কৰে।

তেজপুৰৰ পৰা নামৰূপলৈ চাকৰি সূত্ৰে যোৱাৰ পাছত তেখেতৰ ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ সৈতে সংযোগ স্থাপন হয়। ১৯৭৮ চনৰ পৰা আকাশবাণীৰ নিয়মীয়া আধুনিক গানৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰে। নামৰূপত থকা সময়ছোৱাতে লোকনাথ গোস্বামী ১৯৮২ চনত ডিব্ৰুগড়ত গঠিত ’সদৌ অসম জনসাংস্কৃতিক পৰিষদৰ’ এগৰাকী সক্ৰিয় উদ্যোক্তা আছিল। উল্লেখযোগ্য যে ড° ভূপেন হাজৰিকা এই জনসাংস্কৃতিক পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। সেইসূত্ৰে তেতিয়াৰ পৰাই শ্ৰী গোস্বামীয়ে ড° ভূপেন হাজৰিকাক অতি ঘনিষ্ঠভাৱে লগপোৱাৰ সুবিধা পায়। পৰিষদৰ জন্মলগ্নতে জনসাংস্কৃতিক পৰিষদৰ দ্বাৰা প্ৰযোজিত বিষ্ণু প্ৰসাদ ৰাভাৰ গীতৰ একমাত্ৰ লংপ্লেয়িং ৰেকৰ্ড ‘বিশ্বৰে ছন্দে ছন্দে’ (কেছেট, চি ডি- গীতাঞ্জলী)ৰ শ্ৰী গোস্বামী আছিল অন্যতম উদ্যোক্তা। ইয়াৰ পাছতে পুনৰ পৰিষদৰ দ্বাৰা প্ৰযোজিত বৰগীতৰ একমাত্ৰ লং প্লেয়িং ৰেকৰ্ড ‘সখী, সুদিনৰ ভয়োৰি’ৰো শ্ৰী গোস্বামী আছিল প্ৰধান হোতা।

কেছেট আৰু চিডি এলবাম[সম্পাদনা কৰক]

  1. আমোলমোল শেৱালিৰ গোন্ধ
  2. একৈশ শতিকাৰ দুৱাৰ-ডলিত (পৰৱৰ্তী ‘হাঁহিৰে জীৱন সুন্দৰ কৰা’)
  3. জন হেনৰী (গণশিল্পী হেমাংগ বিশ্বাসৰ গানৰ সংকলন)

কিতাপ[সম্পাদনা কৰক]

  1. মাটি আৰু মানুহৰ শিল্পী হেমাংগ বিশ্বাস [অসমীয়া -- ষ্টুডেণ্টচ ষ্ট’ৰ], ১৯৮৯
  2. সংগীতৰ উৎপত্তি আৰু ক্ৰমবিকাশ [জাণাৰ্ল এম্পৰিয়াম], ১৯৯২
  3. লোকনাথ গোস্বামীৰ গীতৰ সংকলন - মাটি আৰু মানুহৰ গান [ষ্টুডেণ্ট ষ্ট’ৰচ], ২০০৩
  4. ড° ভূপেন হাজৰিকা জনসাংস্কৃতিক পৰিক্ৰমা [ষ্টুডেণ্ট ষ্ট’ৰচ], ২০০৫
  5. ড° ভূপেন হাজৰিকা জীৱন আৰু গান [বুক হোম যোৰহাট], ২০০৭
  6. আমাৰ পাৰ্বতী প্ৰসাদ জীৱন আৰু গান [বুক হোম যোৰহাট], ২০০৭
  7. বন্দিত ভূপেন দা নিন্দিত ভূপেন হাজৰিকা [আঁকবাক], ২০০৯
  8. সময় বালিত লিখা ৰ’ব জীৱনৰ যত কথা [আঁকবাক], ২০১০
  9. ড° ভূপেন হাজৰিকা আৰু অন্য কিছু কথা [আখৰ], ২০১১
  10. গীতে- মাতে বিষ্ণু ৰাভা [আখৰ], ২০১১
  11. প্ৰগতিশীল সংস্কৃতি, হেমাংগ বিশ্বাস আৰু অসম [আখৰ], ২০১২
  12. অৰঙে দৰঙে: কত মানুহ কত ঘটনা কত পৰিক্ৰমা [জাণাৰ্ল এম্পৰিয়াম], ২০১২
  13. কত শিল্পী কত দুখ [চন্দ্ৰ প্ৰকাশ], ২০১৩
  14. অসমীয়া আধুনিক গান: জন্ম ক্ৰন্দনৰ পৰা জাতীয় স্পন্দনলৈ [সাৰস্বত], ২০১৩
  15. লক্ষ্মীনাথ বেজবৰুৱাৰ গান আৰু ছবি [আখৰ], ২০১৪
  16. ভূপেন হাজৰিকা- অনাহূত বিতৰ্কৰ পৰা সৃষ্টিশীলতাৰ আওঁতালৈ [ৰেখাপ্ৰকাশন], ২০১৫
  17. অসমীয়া আধুনিক সংগীতৰ ইতিহাস [ৰেখা প্ৰকাশন], ২০১৬
  18. অসমীয়া লোকগীত সম্ভাৰ [ৰেখা প্ৰকাশন], ২০১৬
  19. দেশ ভাগিলেও সমাজখন নেভাগক [ ৰেখা প্ৰকাশন], ২০১৭
  20. অসমীয়া আধুনিক সংগীতৰ ৰূপকাৰসকল [ৰেখা প্ৰকাশন], ২০১৭
  21. উভতি চোৱাৰ হেঁপাহ [ৰেখা প্ৰকাশন], ২০১৯

অনুবাদ[সম্পাদনা কৰক]

 # মূল বাংলা কিতাপ- মানুষেৰ শিল্পী হেমাংগ বিশ্বাস ও তাৰঁ সঙ্গীত, শংকৰ দাস, নাথ পাব্লিছিং, কলকাতা, ২০১৩


বঁ‌টা/সন্মান[সম্পাদনা কৰক]

  • ২০১৯ চনৰ ১৪ ছেপ্টেম্বৰ তাৰিখে তেখেতক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মঘাই ওজা বঁটা প্ৰদান কৰে।[1]
  • জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদ বঁটা


তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. ভট্টাচাৰ্য,স্মিতা (১৫ ছেপ্টেম্বৰ,২০১৯). "বিশিষ্ট লোকশিল্পী লোকনাথ গোস্বামীক মঘাই ওজা বঁটা প্ৰদান". নৰ্থ-ইষ্ট নাও. https://assam.nenow.in/loknath-goswami-given-9-th-moghai-ojah-award/। আহৰণ কৰা হৈছে: 31 May 2020.