লোকভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

লোকভাষা হৈছে মুখে মুখে চলি অহা অৰ্থাৎ কথিত ভাষা। এই ভাষা কোনো ধৰণৰ আনুষ্ঠানিক পদ্ধতিৰে শিকা নাযায়, আৰু ই পৰিমাৰ্জিত তথা ৰীতিবদ্ধ নহয়। লোক সাহিত্যত ব্যৱহৃত ভাষা উপাদান মাত্ৰেই 'লোকভাষা' (Folk speech) বুলি আমি ক'ব পাৰি যদিও লোকভাষাৰ আয়তন বহু পৰিমাণে সংকীৰ্ণ।[1] ইংৰাজী ভাষাৰ Folk Speech ৰ প্ৰতিশব্দ হিচাপে অসমীয়া ভাষাত লোক শব্দটো প্ৰয়োগ কৰা হয়। প্ৰখ্যাত ভাষাবিদ ব্লুমফিল্ডে গ্ৰাম্যভাষা হিচাপে পৰিচিত substandard ভাষা ৰূপকে লোকভাষা বুলি কৈছে। অতি সহজ কথাত ক'বলৈ গ'লে লোক সমাজে দৈনন্দিন জীৱনত ঘৰুৱা বা সামাজিক জীৱনত অনাআনুষ্ঠানিকভাৱে স্বতঃস্ফূৰ্তভাৱে স্বাভাবিক ভংগীমাৰে ব্যৱহাৰ কৰা ভাষিক ৰূপটোৱে হ'ল লোকভাষা। ভাষাতাত্ত্বিক পৰেশ চন্দ্ৰ মজুমদাৰে কৈছে যে লোকভাষা হ'ল বিভিন্ন কাৰণত বিচ্ছিন্ন গোষ্ঠী, সম্প্ৰদায় বা কৌম জীৱনৰ ভাষা - যি নানান কাৰণতেই ক্ৰমক্ষয়িষ্ণু।[2] লোক সাহিত্যৰ অন্যতম মাধ্যম হৈছে লোকভাষা। লোক সাহিত্যৰ দৰে লোকভাষায় লিখিত ৰূপ লাভ কৰে। সাধাৰণতে লোকভাষা কোনো আঞ্চলিক উপভাষাৰ অন্তৰ্গত অনাখৰী সম্প্ৰদায়ৰ মাজত প্ৰচলিত। লোকভাষা তুলনামূলকভাৱে সাধু বা কথিত ভাষাতকৈ পুৰণি। গ্ৰাম্য অঞ্চলত স্বতন্ত্ৰভাৱে বাস কৰা, শিক্ষা আৰু আধুনিকতাই স্পৰ্শ নকৰা, বয়স প্ৰধান লোকৰ ভাষিক বৈশিষ্ট্যৰ বিশ্লেষণ আৰু বৰ্ণনাতেই সাধাৰণতে লোকভাষা অধ্যয়নৰ পৰিসৰ সীমিত বুলি ক'ব পাৰি।

লোকভাষাৰ বিভিন্ন উপাদান[সম্পাদনা কৰক]

লোক সাহিত্য[সম্পাদনা কৰক]

লোকসাহিত্যৰ ভাষা বুলি ক'লে আমি সাধাৰণতে বুজো লোকগীত, ফকৰা যোজনা, সাথঁৰ, মন্ত্ৰ, প্ৰবাদ-প্ৰবচন, ইত্যাদিত প্ৰয়োগ হোৱা ভাষা। লোক সাহিত্যৰ ভাষাত যি ভাৱ আৰু চিত্ৰকল্পই তাৰ শব্দভাণ্ডাৰক সমৃদ্ধ কৰে, সাধাৰণতে সেইবেৰত থাকে তাৰ সংস্কৃতিৰ বৈশিষ্ট্যৰ প্ৰতিফলন। এই সাঁথৰ, মন্ত্ৰ, প্ৰবাদ প্ৰবচনসমূহ যিসকলে ৰচনা কৰিছে, তেওঁলোকে সমাজক সূক্ষ্মভাৱে সমাজক নিৰীক্ষণ কৰিছে। লোকসমাজৰ জীৱনযাত্ৰা, উৎপাদিত সামগ্ৰী আদিৰ বিষয়ে এওঁলোকৰ সম্যক জ্ঞান আছিল। সেয়ে এই প্ৰবাদ প্ৰবচন, সাঁথৰ ফকৰা যোজনাসমূহত কেতিয়াবা ব্যঙ্গাত্মকভাৱে প্ৰকাশিত হৈছে লোক সমাজৰ চৰিত্ৰ, আচাৰ আচৰণ আদি। জন সমাজত ব্যক্তিয়ে বিভিন্ন সময়ত অজস্ৰ ঘাত প্ৰতিঘাতৰ মাজেৰে পোৱা অভিজ্ঞতাৰ ফলশ্ৰুতিত এই লোক সাহিত্য সমূহৰ সৃষ্টি হৈছে। এইবোৰত ব্যৱহৃত শব্দ লোকভাষাৰেই নিভাঁজ শব্দ।[3]

তিৰোতা মানুহৰ ভাষা[সম্পাদনা কৰক]

লোকভাষাৰ এটি সমৃদ্ধ উপাদান হ'ল 'তিৰোতা সকলৰ ভাষা'। সাধাৰণতে কোৱা হয় যে লোকসমাজত তিৰোতা মানুহবোৰেই জতুৱা ঠাঁচ প্ৰবাদ প্ৰবচন, ইত্যাদিৰ বেছি ভাগেই তিৰোতা সকলৰ সৃষ্টি। তেওঁলোকৰ কথা কোৱাৰ যি ভঙ্গী বা প্ৰয়োগিক শব্দ, সেইবোপক আমি লোকভাষাৰ অন্তৰ্ভুক্ত কৰিব পাৰি। নাৰীৰ ভাষা পুৰুষৰ ভাষাতকৈ কিছু পাৰ্থক্য হোৱাৰ এটি প্ৰধান কাৰণ হ'ল নাৰীৰ সামাজিক অৱস্থান। নাৰীৰ শব্দভাণ্ডাৰ পুৰুষৰ তুলনাত সীমিত থাকে, ইয়াৰ এটা কাৰণ হ'ল পুৰুষে অনে কিছুমান শব্দ ব্যৱহাৰ কৰে নাৰীয়ে সেই শব্দসমূহ অধিকাংশ সময়তে প্ৰয়োগ নকৰে বা উচ্চাৰণে নকৰে। বহুকাল জুৰি নাৰীয়ে পুৰুষতান্ত্ৰিক সমাজত তথাকথিত আধুনিক শিক্ষাত শিক্ষিত হ'ব পৰা নাই, সেয়ে সিহঁতৰ শব্দভাণ্ডাৰত ঐতিহ্যাশ্ৰিত শব্দ বহুতো পোৱা যায়। মন কৰিবলগীয়া এয়ে যে বিকল্প শব্দৰ ব্যৱহাৰ পুৰুষৰ তুলনাত নাৰীয়ে বেছিকৈ কৰে।[4]

গালি-গলাজ, শাও-শপনি[সম্পাদনা কৰক]

লোকভাষাৰ আৰু আন এটা গুৰুত্বপূৰ্ণ উপাদান হ'ল গালি গালাজৰ ভাষা। গালি-গালাজ, শাও শপনি দিয়াটো গাওঁৰ লোকজীৱনত তেনেই সাধাৰণ ঘটনা। গালি দিওঁতে ইজনে সিজনৰ প্ৰতি প্ৰক্ষেপ কৰা কথাবোৰ অবৈধ আৰু অশ্লীল। শিষ্ট সমাজত অব্যৱহৃত এই শব্দবোৰৰ জন্ম তথাকথিত অশিষ্ট সমাদত। কিন্তু ধীৰে ধীৰে এই শব্দবোৰৰ প্ৰয়োগ শিষ্ট সমাজতো ব্যৱহাৰ হ'বলৈ ধৰিছে। যিকোনো ভাষাতে গালি গালাজৰ সময়ত উচ্চাৰিত হোৱা শব্দসমূহৰ মূল্য সমাজ ভাষাতাত্ত্বিক দৃষ্টিকোণৰ পৰা অপৰিসীম।[5]

যুৱ-প্ৰজন্মৰ ভাষা[সম্পাদনা কৰক]

যুৱ প্ৰজন্মৰ মুখত ইংৰাজী, হিন্দী আৰু নিজ অঞ্চলৰ উপভাষাৰ মিশ্ৰণত কিছু শব্দ শুনা যায়। এই শব্দবোৰক আমি লোকভাষাৰ শ্ৰেণীত পেলাব পাৰি। বৈদ্যুতিন গণমাধ্যমে যুৱপ্ৰজন্মৰ ভাষাৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাইছে। সেয়ে তেওঁলোকৰ মাতৃভাষাত অইন অইন ভাষাৰ শব্দই অনায়াসে স্থান পায়।[6]

ব্যক্তি আৰু অঞ্চলৰ নাম[সম্পাদনা কৰক]

লোকসমাজত বহুসময়ত ব্যাক্তিৰ নাম শাৰীৰিক বৈশিষ্ট্য, গুণ, সন্তানৰ নামেৰে আদি জনা যায়। এই নামবোৰক লোকনামৰ অন্তৰ্ভুক্ত কৰিব পাৰি। কোনো স্থানৰ নামো কোনো বিশেষ ব্যাক্তিৰ নামেৰেও জনা যায়। এই স্থানবাচক নামবোৰ লোকনামৰ অন্তৰ্ভুক্ত কৰিব পাৰি।[7]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. হাকাচাম, ড॰ উপেন ৰাভা (September - October 2014). "লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাত লোকভাষা : এটি বিশ্লেষণাত্মক অধ্যয়ন". ঐতিহ্য The Heritage খণ্ড V (2): 97. 
  2. ৰায়, ভব (২০০১). "ৰাঢ়েৰ লোকভাষা এ শব্দকোষ". ৰাঢ়েৰ লোকভাষা এ শব্দকোষ. প্ৰকাশক কলকাতা: দীপায়ন. পৃষ্ঠা. ১৯. 
  3. ড॰ মোৰশেদুজ জামান (২০১৬-১৭). "অবিভক্ত গোৱালপাৰা জিলাত প্ৰচলিত লোকভাষা". মানকাচৰ মহাবিদ্যালয়ৰ আলোচনী. প্ৰকাশক মানকাচৰ: মানকাচৰ মহাবিদ্যালয়. পৃষ্ঠা. ৩৫. 
  4. দে, আশিস কুমাৰ (১৯৯৩). লোকভাষা. প্ৰকাশক কলকাতা-৩৪: লোক সংস্কৃতি গবেষণা পৰিষদ. পৃষ্ঠা. ৬৬-৬৭. 
  5. সৰকাৰ, পবিত্ৰ (১৯৯১). লোকভাষা লোকসংস্কৃতি. প্ৰকাশক কলকাতা: জে. জি. প্ৰিন্টাৰ্স. পৃষ্ঠা. ৫৬. 
  6. Dundes, Allan (1978). Essay in Folkloristics. প্ৰকাশক Meerat India: Folklore Institute. পৃষ্ঠা. 98. 
  7. দাস, ড॰ ৰমাকান্ত (জুলাই ২০০৯). "বৰাক উপত্যকাৰ স্থান নাম". বৰাক উপত্যকাৰ স্থান নাম. প্ৰকাশক কলকাতা-১২: অক্ষৰ পাব্লিকেসন. পৃষ্ঠা. ৬৯.