বাল গঙ্গাধৰ তিলক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(লোকমান্য তিলকৰ পৰা পুনঃনিৰ্দেশিত)
লোকমান্য
বাল গঙ্গাধৰ তিলক
বাল গঙ্গাধৰ তিলক
Bal Gangadhar Tilak
জন্ম ২৩ জুলাই, ১৮৫৬
ৰত্নগিৰী, মহাৰাষ্ট্ৰ, ভাৰত[1]
মৃত্যু ১ আগষ্ট, ১৯২০ (৬৪ বছৰ)
ব'ম্বে, ভাৰত
পেচা শিক্ষক, ৰাজনৈতিক নেতা, সাংবাদিক, উকীল, স্বাধীনতা সংগ্ৰামী
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
ৰাজনৈতিক আন্দোলন ভাৰতৰ স্বাধীনতা আন্দোলন
দাম্পত্যসঙ্গী সত্যভামাবাই তিলক
সন্তান শ্ৰীধৰ বলৱন্ত তিলক,[2] বিশ্বনাথ বলৱন্ত তিলক, ৰামভাও বলৱন্ত তিলক

বাল গঙ্গাধৰ তিলক (মাৰাঠী: बाळ गंगाधर टिळक, বা লোকমান্য তিলক, জুলাই ২৩, ১৮৫৬ - আগষ্ট ১, ১৯২০) এগৰাকী ভাৰতীয়, শিক্ষক, সাংবাদিক, উকীল, সমাজ সংস্কাৰক তথা ভাৰতীয় স্বাধীনতা আন্দোলনৰে জড়িত সক্ৰিয় ব্যক্তি। তেওঁৰ জন্মগত নাম কেশৱ গঙ্গাধৰ তিলক। তেওঁ লাল-বাল-পাল ত্ৰিমূৰ্তিৰ এজন। তিলক ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰথমজন প্ৰতিনিধি।[3] ব্ৰিটিছ ঔপনিবেশিক প্ৰাধিকাৰীয়ে তেওঁক 'ভাৰতীয় অশান্তিৰ পিতৃ ' বুলি পৰিচিতি প্ৰদান কৰে। ভাৰতীয় লোক সকলে তেওঁক তেওঁলোকৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰাৰ হেতু তেওঁক 'লোকমান্য' উপাধি প্ৰদান কৰা হয়।[4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]