লোকেশ্বৰ ডেকা
| এই প্ৰবন্ধটো বা ইয়াৰ অংশবিশেষ সম্ভৱতঃ কোনো ছফ্টৱেৰ বা ৱেবচাইটৰ সহায়ত যান্ত্ৰিকভাৱে অনুবাদ কৰা হৈছে আৰু অসমীয়া ভাষাৰ ব্যাকৰণশৈলীৰ মতে ইয়াত অনুলিপি সম্পাদনাৰ প্ৰয়োজন আছে। ইয়াক উন্নত কৰাত সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। |
| এই প্ৰবন্ধটো অন্য কোনো ভাষাৰ পৰা কৰা আসোঁৱাহ থকা অনুবাদ। এয়া সম্ভৱতঃ যান্ত্ৰিক অনুবাদৰ দ্বাৰা বা দুয়োটা ভাষাৰ যথাযথ দক্ষতা নথকা অনুবাদকৰ দ্বাৰা অনূদিত। |
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
| লোকেশ্বৰ ডেকা | |
|---|---|
নগাঁৱৰ আকাশবাণী'ত লোকেশ্বৰ ডেকা | |
| স্থানীয় নাম | লোকেশ্বৰ ডেকা |
| জন্ম | ১৯৩৬ উলুবাৰী, বঘৰা, মৰিগাঁও |
| মৃত্যু | ০৩ মাৰ্চ, ২০২৬ (৯০ বছৰ) [1][2] |
| বাসগৃহ | ৰজাগাঁও, মৰিগাঁও |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | ভাৰতীয় |
| পেচা | কণ্ঠশিল্পী |
| গৃহস্থান | মৰিগাঁও |
| ধৰ্ম | হিন্দু ধৰ্ম |
| দাম্পত্যসঙ্গী | অনু ডেকা |
| পিতৃ-মাতৃ | উমাৰান ডেকা |
| সন্তান | দিব্যজ্যোতি ডেকা |
লোকেশ্বৰ ডেকা (ইংৰাজী: Lokeswar Deka) অসমৰ এজন কণ্ঠশিল্পী আছিল। ১৯৩৬ চনত তেওঁ জন্মগ্ৰহণ কৰে। তেওঁৰ জন্ম হৈছিল মৰীগাঁওঁ জিলাৰ সন্নিকটত থকা ইতিহাসত নগাঁওজিলাৰ এটিয়াওঁ অংশ হৈছিল। তেওঁৰ জন্মস্থান হৈছিল মৰিগাঁও জিলাৰ উলুবাৰী, পোষ্ট অফিচ বাঘৰা। তেওঁৰ পিতাৰ নাম আছিল শ্ৰী যুত উমাৰাম ডেকা।[3]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৫৫ চনত তেওঁ পাণবজাৰৰ ‘ৰেডিঅ’ ফোনিক্স’ত গ্ৰামোফোন মেকানিকৰূপে যোগ দিয়ে। কিছু বছৰ পিছতে তেওঁ প্ৰতিষ্ঠানটোৰ ৰেকৰ্ড বিক্ৰেতাৰ ভূমিকা লয়। এই সময়ছোৱাত ৰেকৰ্ড কোম্পানীৰ প্ৰতিনিধিসকলৰ সৈতে তেওঁৰ ঘনিষ্ঠতা বাঢ়িবলৈ ধৰে। ৫০ৰ দশকৰ শেষৰফালে তেলৰ পাইপলাইনৰ কামৰ বাবে অহা বিদেশী কেইজনমান লোক বিহুৰ ৰেকৰ্ড বিচাৰি তেওঁৰ ওচৰলৈ আহিছিল। কিন্তু তেওঁৰ ওচৰত বিহুৰ কোনো ৰেকৰ্ড নাছিল।
ত্ৰিশৰ দশকতে দুখনমান বিহুৰ ৰেকৰ্ড ওলাইছিল, কিন্তু সেইবোৰ বজাৰত নাছিল। ভূপেন হাজৰিকাৰ সৈতে কথা পাতি তেওঁ বিহুৰ ৰেকৰ্ড তৈয়াৰ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। ১৯৬০ চনত ভূপেন হাজৰিকাৰ কণ্ঠত ওলাল বিহুৰেনো বিৰিণা অ’ আইতা ৰেকৰ্ডখন। যদিও গানখন অপূৰ্ব আছিল, ঢোল, পেঁপা, গগনা নাবাজিছিল।
তেওঁৰ মনে এইসকল লোকবাদ্যৰ সৈতে বিহু ৰেকৰ্ড কৰিবলৈ কুটকুটাই থাকিল। HMVলৈ বাৰে বাৰে লিখে আৰু বিভিন্ন কাৰণত বাতিল হয়। শেষত, খগেন মহন্তৰ মেগাফোনত আৰু দীপালী বৰঠাকুৰৰ HMVত বিহু ৰেকৰ্ড কৰে। যদিও ঢোল-পেঁপা নাবাজিছিল। নিজেই সংগঠকৰ ভূমিকা ললে আৰু নতুন শিল্পীৰ এটা দল গঠন কৰি ৰেকৰ্ড কৰে। মহেশ্বৰ বৰুৱা, মীনা চক্ৰৱৰ্তী দৰে শিল্পীসকলৰ সৈতে ৰেকৰ্ডখন কৰে। গান "পেটৰে জুৰণি ভাত" সকলোৰে মুখে মুখে পৰে আৰু ৰেকৰ্ড বিক্ৰীয়ে অভিলেখ ভাঙে। 'ৰেকৰ্ড চেলাৰ'এ নিজেই ৰেকৰ্ড কৰিলে বুলি খলকনি লাগিল।
আশীৰ দশকত, তেওঁ বিহু আলেখ্য ৰচনা কৰি HMVত ৰেকৰ্ড কৰে। এইখনেই বিহুৰ প্ৰথমখন LP ৰেকৰ্ড। মৰিগাঁৱৰ বহু শিল্পীক চিনি পোৱা হয় তেওঁৰ বাবেই। গ্ৰামোফোন ৰেকৰ্ডত বিহুক ধৰি থৈ যোৱা ব্যক্তি হিচাপে তেওঁৰ অৱদান অপৰিসীম।[4]
প্ৰধান অবদানসমূহ
[সম্পাদনা কৰক]উত্তৰাধিকাৰ
[সম্পাদনা কৰক]তেওঁৰ অবদানৰ বাবেই মৰিগাঁৱৰ বহু শিল্পী চিনাক্ত হোৱাৰ সুযোগ পাইছিল। গ্ৰামোফোন ৰেকৰ্ডত বিহুক ধৰি থৈ যোৱা ব্যক্তি হিচাপে তেওঁৰ অৱদান অপৰিসীম।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Assam's first Bihu Producer Lokeswar Deka died: report". Niyomiya Barta. 5 March 2026. https://niyomiyabarta.com/epaper/05032026/page3.php। আহৰণ কৰা হৈছে: 5 March 2026.
- ↑ "Lokeswar Deka is No More – Dainik Janambhumi" (as ভাষাত). Dainik Janambhumi. 05 March 2026. https://s2.dainikjanambhumi.co.in/edition/822/daily/page/5.
- ↑ লোকশিল্পী লোকেশ্বৰ ডেকাক ৰেডিঅ’ শ্ৰোতা সংঘৰ সম্বৰ্ধনা
- ↑ নিউজ লাইভৰ এজন নিউজ এডিটৰে লিখা এটা ফেচবুক পোষ্ট
- ↑ লোকেশ্বৰ ডেকাৰ সৰেগামা শিল্পীৰ প্ৰফাইল