লোক বিৰাদাৰী প্ৰকল্প
| লোক বিৰাদাৰী প্ৰকল্প | |
|---|---|
| চমু নাম | এল বি পি |
| প্ৰতিষ্ঠা | ২৩ ডিচেম্বৰ ১৯৭৩ |
| ধৰণ | এন জি অ'। |
| সক্ৰিয়তা | পঞ্জীয়নভুক্ত এন জি অ’, এফ আৰ চি এ ক্লিয়াৰেন্স। |
| উদ্দেশ্য | চিকিৎসা সেৱা, শৈক্ষিক উন্নয়ন, বন্যপ্ৰাণী সংৰক্ষণ। |
| প্ৰধান কাৰ্যালয় | হেমালকাছা, তাল। ভামৰাগড, জিলা। গাডচিৰোলি। মহাৰাষ্ট্ৰ। |
| আনুষ্ঠানিক ভাষা | মাৰাঠী, মাদিয়া। |
| চিকিৎসা সঞ্চালক | ডাঃ প্ৰকাশ আমতে |
| মাতৃ সন্থা | মহাৰোগী সেৱা সমিতি |
| ৱেবছাইট | lokbiradariprakalp.org lbphemalkasa.org.in |
লোক বিৰাদাৰী প্ৰকল্প(এলবিপি) (ইংৰাজী: :Lok Biradari Prakalp (LBP); মাৰাঠী; ব্ৰাদাৰহুড অৱ পিপল প্ৰকল্প) অৰ্থাৎ লোক ভ্ৰাতৃত্ব প্ৰকল্প হৈছে মহাৰোগী সেৱা সমিতি, ৱাৰোৰাৰ এক সামাজিক প্ৰকল্প য'ত এখন চিকিৎসালয়, এখন বিদ্যালয় আৰু এখন পশু অনাথ আশ্ৰম জড়িত হৈ আছে।[1] ১৯৭৩ চনৰ ২৩ ডিচেম্বৰত, মাদিয়া গণ্ডৰ সংহত উন্নয়নৰ বাবে সমাজকৰ্মী বাবা আমটে আৰম্ভ কৰিছিল। ই ভাৰতৰ মহাৰাষ্ট্ৰৰ গাডচিৰোলি জিলাৰ ভামৰাগদ তালুকৰ হেমালকাছাত। এই প্ৰকল্পত ক্ৰমে চিকিৎসা সঞ্চালক আৰু চিকিৎসা বিষয়া হিচাপে কাম কৰা ডাঃ প্ৰকাশ আমটে আৰু তেওঁৰ পত্নী ডাঃ মন্দাকিনি আমটেক ২০০৮ চনৰ সম্প্ৰদায় নেতৃত্বৰ বাবে ৰেমন মেগছেছে বঁটা প্ৰদান কৰা হয়।[2]
প্ৰাথমিক স্বাস্থ্য খণ্ড/ দৱখানা
[সম্পাদনা কৰক]দৱখানাৰ অৰ্থ মাৰাঠী ভাষাত ক্লিনিক। এই প্ৰকল্পত প্ৰাথমিক স্বাস্থ্যসেৱাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে। মূল চিকিৎসালয়খনৰ বাহিৰেও ভৌগোলিকভাৱে বহল অভ্যন্তৰীণ বনাঞ্চলত ছটা স্বাস্থ্য উপকেন্দ্ৰ আৰম্ভ কৰা হৈছিল; তাৰে তিনিটা এতিয়াও কাৰ্যক্ষম হৈ আছে।
প্ৰকল্পটোৰ প্ৰথম বছৰবোৰত ডাঠ আৰু দুৰ্গম অৰণ্যৰ কঠিন পৰিস্থিতিত এক বৃহৎ সংগ্ৰামৰ সৃষ্টি হৈছিল। ১৯৭৩ চনত আৰম্ভ হোৱা এই কেন্দ্ৰটোৱে শেহতীয়াকৈ ৪০খন বিছনাৰ পূৰ্ণাংগ চিকিৎসালয়লৈ পৰিণত হৈছে আৰু বছৰি ৪৫ হাজাৰৰো অধিক ৰোগীক সেৱা আগবঢ়োৱা হয়। হেমালকাছাত চিকিৎসালয়খন চাৰিওফালৰ ঘন অৰণ্যত আবদ্ধ হৈ আছে, য’ত মাদিয়া গণ্ড জনজাতীয় ৰোগীসকলে সুস্থ হৈ উঠিবলৈ আটাইতকৈ সুচল অনুভৱ কৰে। দৈনিক শ শ ৰোগীয়ে কেতিয়াবা খোজকাঢ়ি দীঘলীয়া আৰু কঠিন ভূখণ্ড অতিক্ৰম কৰি চিকিৎসালয়খনলৈ আহে।
আশ্ৰম শালা
[সম্পাদনা কৰক]
স্কুলৰ অফিচত এখন বৰ্ড। ইয়াত ইয়াৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আৰু ক্ৰীড়ামূলক কৃতিত্বৰ তালিকা দিয়া হৈছে
বৰ্তমান ১ম শ্ৰেণীৰ পৰা দ্বাদশ মানলৈকে শ্ৰেণী থকা জনজাতীয় শিশুসকলৰ বাবে ১৯৭৬ চনত এখন আশ্ৰম শালা বা আৱাসিক বিদ্যালয় আৰম্ভ কৰা হয়, য’ত ৬০০ৰো অধিক ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া শিক্ষা দিয়া হয়। বিনামূলীয়াকৈ থকা আৰু বৰ্ডিঙৰ সুবিধা প্ৰদান কৰা হয়। সকলো শিকণ সামগ্ৰীও তেওঁলোকক বিনামূলীয়াকৈ প্ৰদান কৰা হয়। আনুষ্ঠানিক শিক্ষাৰ উপৰিও তেওঁলোকক বৃত্তিমূলক প্ৰশিক্ষণ আৰু পথ প্ৰদৰ্শন কৰা হয়, যিবোৰ তেওঁলোকৰ দৈনন্দিন জীৱনত উপযোগী হ’ব, যেনে- খেতি, বীজ উৎপাদন, দুগ্ধ, বাঁহৰ শিল্প, চিৰামিক কলা, গ্ৰিটিং কাৰ্ড, টেইলাৰিং, স্বাস্থ্য শিক্ষা ইত্যাদিৰ ব্যৱহাৰিক প্ৰশিক্ষণ সংলাপ আৰু সামাজিক উন্মোচন।
মহাৰাষ্ট্ৰ ৰাজ্যিক মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষা ব’ৰ্ডে অনুষ্ঠিত কৰা ২০০৭-২০০৮ বৰ্ষৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰমাণ পত্ৰ পৰীক্ষাত বিদ্যালয়খনৰ ৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল। তাৰে ৩৬জন ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়, উত্তীৰ্ণৰ শতকৰা হাৰ ৮৩.৭২%।[3] ইয়াৰ তুলনাত ৰাজ্যত উত্তীৰ্ণৰ শতকৰা হাৰ আছিল ৮৬.৩৩%।[4] মহাৰাষ্ট্ৰ ৰাজ্যিক মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষা ব’ৰ্ডৰ উদ্যোগত অনুষ্ঠিত হোৱা ২০০৭-২০০৮ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ প্ৰমাণ পত্ৰ পৰীক্ষাত বিদ্যালয়খনৰ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হয়।[5] তাৰে ৩৭জন ছাত্ৰ উত্তীৰ্ণ হয়, উত্তীৰ্ণৰ শতাংশ ৯২.৫০%। ৰাজ্যত উত্তীৰ্ণৰ শতকৰা হাৰ আছিল ৮৭.৩৯%।[6] বিখ্যাত মাদিয়া গণ্ডৰ প্ৰাক্তন ছাত্ৰ
- ডাঃ কান্না মাদৱী
- ডাঃ পাণ্ডুৰাং পুংগাটি
- ডাঃ কমতি দুৰ্ৱা
- ডাঃ সুধাকৰ ৱাচামী
আমটেৰ অনাথ প্ৰাণী আশ্ৰমকেন্দ্ৰ
[সম্পাদনা কৰক]আমটেৰ এনিমেল আৰ্কত এটা মনিটৰ টিকটিকি নাৰ্চিং কৰি থকা এল বি পিৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দাদা পাঞ্চাল হেমলকাছাত থকা আমটেৰ এনিমেল আৰ্ক হৈছে এটা অনাথ প্ৰাণী আশ্ৰয়কেন্দ্ৰ,য’ত বিভিন্ন বনৰীয়া জন্তু খাদ্যৰ বাবে হত্যা কৰাৰ পৰা ৰক্ষা কৰা হৈছে। এই তুলনামূলকভাৱে সুৰক্ষিত, ডাঠ অৰণ্যখনত হেমালকাছাৰ শ্ৰমিক সম্প্ৰদায়ে বহুতো বন্যপ্ৰাণীৰ সৈতে সম্পূৰ্ণ মিলাপ্ৰীতিৰে বাস কৰে। আমটেৰ এনিমেল আৰ্ক – হেমালকাছাৰ অনাথ আশ্ৰম আৰু উদ্ধাৰ কেন্দ্ৰত নাহৰফুটুকী, ভালুক, সাপ, হৰিণ, বনৰীয়া গাহৰি, কুমিৰ, সিংহ, হায়েনা আদি অন্তৰ্ভুক্ত।
"নেগাল-I" আৰু "নেগাল-II", ইয়াত ডাঙৰ দীঘল হোৱা দুটা নাহৰফুটুকীৰ বাস্তৱ কাহিনীৰ ওপৰত আধাৰিত কিতাপ। লোক বিৰাদাৰী প্ৰকল্পৰ স্বেচ্ছাসেৱক বিলাস বালকৃষ্ণ মনোহৰৰ ৰচনা কৰা এই গ্ৰন্থসমূহত ডাঙৰ মেকুৰীকে ধৰি বন্যপ্ৰাণীৰ সৈতে তেওঁৰ জীৱন যাপনৰ অভিজ্ঞতাৰ বৰ্ণনা কৰা হৈছে। তেওঁ আৰু দুখন গ্ৰন্থ ৰচনা কৰে, একা নক্ষলবাদ্য চা জন্ম আৰু নাৰী ভক্ষক(Nakshalwadya Cha Janma আৰু Nari Bhakshak).[7]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "About us". Lok Biradari Prakalp. Archived from the original on 2013-10-05. https://web.archive.org/web/20131005042334/http://lokbiradariprakalp.org/about-us/। আহৰণ কৰা হৈছে: 2013-10-01.
- ↑ "Citation for Prakash Amte and Mandakini Amte". Ramon Magsaysay Award. http://www.rmaf.org.ph/Awardees/Citation/CitationAmtes.html। আহৰণ কৰা হৈছে: 2009-02-13.
- ↑ "Archived copy". Archived from the original on 2009-02-06. https://web.archive.org/web/20090206180602/http://mahresult.nic.in/ssc2008/divi2/S2-SCHOL.HTM। আহৰণ কৰা হৈছে: 2009-02-23.
- ↑ "Archived copy". Archived from the original on 2009-02-05. https://web.archive.org/web/20090205160704/http://mahresult.nic.in/ssc2008/SS-OVALL.htm। আহৰণ কৰা হৈছে: 2009-02-23.
- ↑ "Archived copy". Archived from the original on 2009-02-13. https://web.archive.org/web/20090213135749/http://mahresult.nic.in/hsc2008/divi2/H2-COLP.htm। আহৰণ কৰা হৈছে: 2009-02-23.
- ↑ "Archived copy". Archived from the original on 2009-02-01. https://web.archive.org/web/20090201005842/http://mahresult.nic.in/hsc2008/HS-OVALL.htm। আহৰণ কৰা হৈছে: 2009-02-23.
- ↑ Who's Who of Indian Writers, 1999 by K. C. Dutt, Sahitya Akademi