লোগান ব্ৰাউনিং
| লোগান ব্ৰাউনিং | |
|---|---|
২০১৫ চনৰ ৱাণ্ডাৰকনত ব্ৰাউনিং | |
| জন্ম | লোগান লৰিচ ব্ৰাউনিং ৯ জুন, ১৯৮৯ (৩৭ বছৰ) আটলাণ্টা, জৰ্জিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| শিক্ষানুষ্ঠান | ভাণ্ডাৰবিল্ট ইউনিভাৰ্ছিটি |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০০৪–বৰ্তমান |
লোগান লৰিচ ব্ৰাউনিং (ইংৰাজী: Logan Browning; জন্ম: ৯ জুন, ১৯৮৯)[1] এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ ২০১৭ চনৰ নেটফ্লিক্স ধাৰাবাহিক ডিয়াৰ হোৱাইট পিপলত চামান্থা হোৱাইটৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ইয়াৰ উপৰি তেওঁ ২০০৭ চনৰ চলচ্চিত্ৰ ব্ৰাটজ: দ্য মুভিত ছাশা, মিট দ্য ব্ৰাউনছত ব্ৰায়ানা ব্ৰাউন, ভিএইচ১ ধাৰাবাহিক হিট দ্য ফ্লৰত জেলেনা হাওৱাৰ্ড আৰু প্লেষ্টেশ্যন নেটৱৰ্কৰ ধাৰাবাহিক পাৱাৰ্ছত জোৰা চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত।[2]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ব্ৰাউনিংৰ জন্ম হৈছিল জৰ্জিয়াৰ আটলাণ্টাত। তেওঁৰ জন্মদত্ৰী মাতৃ এগৰাকী শ্বেতাংগ মহিলা আৰু জন্মদত্ৰী পিতৃ এজন আফ্ৰিকান আমেৰিকান ব্যক্তি আছিল। তেওঁৰ তোলনীয়া পিতৃ মিশ্ৰিত বৰ্ণৰ আৰু তোলনীয়া মাতৃ আফ্ৰিকান-আমেৰিকান বংশোদ্ভূত।[3] ডাঙৰ-দীঘল হোৱাৰ সময়ত তেওঁ থলুৱা বেলে কোম্পানীত নৃত্য কৰাৰপৰা আৰম্ভ কৰি কনিষ্ঠ উচ্চ বিদ্যালয়ত চিয়াৰলীডিঙলৈকে বহুতো কাম কৰিছিল। তেওঁ টেনেচীৰ নেচভিলত থকা ভাণ্ডাৰবিল্ট ইউনিভাৰ্ছিটিত অধ্যয়ন কৰিছিল।[4]
কেৰিয়াৰ
[সম্পাদনা কৰক]
২০০৩ চনত ব্ৰাউনিঙে আটলাণ্টাৰ বাৰ্বিজোণ মডেলিং এণ্ড এক্টিং স্কুলত পাঠ্যক্ৰম গ্ৰহণ কৰি কম বয়সৰপৰাই অভিনয়ৰ চৰ্চা কৰিছিল। তেওঁ কিশোৰ ধাৰাবাহিক চামাৰলেণ্ডত কেৰী নামৰ চৰিত্ৰটোৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে আৰু ২০০৫–০৬ বৰ্ষত নিকেলোডিয়ন ধাৰাবাহিক নেড'ছ ডিক্লাচিফাইড স্কুল চাৰ্ভাইভেল গাইডত ভানেছাৰ চৰিত্ৰত অভিনয় কৰে।
২০০৭ চনত ব্ৰাউনিঙে জনপ্ৰিয় ফেশ্বন ডল লাইনৰ ওপৰত আধাৰিত লাইভ-একচন ফিচাৰ ব্ৰাটজ: দ্য মুভিত অন্যতম মুখ্য চৰিত্ৰ ছাশাৰ চৰিত্ৰত অভিনয় কৰে।
ব্ৰাউনিঙে মিট দ্য ব্ৰাউনছ ধাৰাবাহিকৰ দ্বিতীয় ছিজনত ব্ৰায়ানা অৰ্টিজ হিচাপে যোগদান কৰে। তেওঁ ডিজনী এক্সডি ধাৰাবাহিক পেয়াৰ অৱ কিংছত এটা আবৰ্তক চৰিত্ৰত অভিনয় কৰিছিল।
২০১২ চনৰ এপ্ৰিল মাহত ব্ৰাউনিঙক ভিএইচ১ ধাৰাবাহিক হিট দ্য ফ্লৰত জেলেনা হাওৱাৰ্ড হিচাপে নিৰ্বাচিত কৰা হয়। এই ধাৰাবাহিকখনত অভিনয় কৰাৰ আগতে ব্ৰাউনিং এগৰাকী পেছাদাৰী নৃত্যশিল্পী নাছিল, কিন্তু চৰিত্ৰটোৰ প্ৰয়োজনত তেওঁ ৮ মাহ ধৰি প্ৰশিক্ষণ লৈছিল। ২০১৬ চনৰ জুলাই মাহত ঘোষণা কৰা হৈছিল যে ব্ৰাউনিঙে নেটফ্লিক্স ধাৰাবাহিক ডিয়াৰ হোৱাইট পিপলত চামান্থা হোৱাইটৰ চৰিত্ৰত অভিনয় কৰিব। ২০১৭ চনত তেওঁ নেটফ্লিক্সৰ ভৌতিক ছবি দ্য পাৰফেকশ্যনত লিজিৰ চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ পায়, যিখন চিনেমা ২০১৯ চনত মুক্তি পাইছিল।[5]
চলচ্চিত্ৰপঞ্জী
[সম্পাদনা কৰক]চলচ্চিত্ৰ
[সম্পাদনা কৰক]| বছৰ | নাম | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ২০০৭ | ব্ৰাটজ: দ্য মুভি | ছাশা | |
| ২০১৩ | ব্ৰেকিং এট দ্য এজ | ছাৰা | |
| ২০১৫ | ব্ৰাদাৰলী লভ | ট্ৰিনা | |
| ২০১৯ | দ্য পাৰফেকশ্যন | এলিজাবেথ "লিজি" ৱেলছ |
টেলিভিছন
[সম্পাদনা কৰক]| বছৰ | নাম | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ২০০৪–২০০৫ | চামাৰলেণ্ড | কেৰী | ৪টা খণ্ড |
| ২০০৫–২০০৬ | নেড'ছ ডিক্লাচিফাইড স্কুল চাৰ্ভাইভেল গাইড | ভানেছা | ৫টা খণ্ড |
| ২০০৯–২০১১ | মিট দ্য ব্ৰাউনছ | ব্ৰায়ানা ব্ৰাউন | মূল চৰিত্ৰ (ছিজন ২–৫); ১০৬টা খণ্ড |
| ২০১০–২০১৩ | পেয়াৰ অৱ কিংছ | ৰেবেঁকা ডছন | ৬টা খণ্ড |
| ২০১১ | দ্য চিক্ৰেট চাৰ্কল | চেলী মেথিউজ | ২টা খণ্ড |
| ২০১৩–২০১৮ | হিট দ্য ফ্লৰ | জেলেনা হাওৱাৰ্ড | মূল চৰিত্ৰ (ছিজন ১–৪); ৩৩টা খণ্ড |
| ২০১৪ | টাইলাৰ পেৰী'ছ ফৰ বেটাৰ অৰ ৱৰ্চ | শ্বন | ২টা খণ্ড |
| ২০১৫ | পাৱাৰ্ছ | জোৰা | ১০টা খণ্ড |
| ২০১৬ | ছাৰ্ভাইভাৰ'ছ ৰিমৰ্চ | ট্ৰিনা | অতিথি শিল্পী |
| ২০১৭–২০২১ | ডিয়াৰ হোৱাইট পিপল | চামান্থা হোৱাইট | মূল চৰিত্ৰ |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Logan Browning Archived December 20, 2012, at the Wayback Machine. crowhavenroad.org
- ↑ "'Dear White People' actress Logan Browning on Hollywood and giving back". ESPN. February 3, 2017. http://www.espn.com/espnw/culture/article/18612332/dear-white-people-actress-logan-browning-hollywood-giving-back.
- ↑ "Breakfast Club: The Cast Of 'Dear White People' Talks Interracial Dating, Use Of The N-Word + More (Minute 26:40)". WWPR-FM Power 105.1. May 3, 2018. https://www.youtube.com/watch?v=mpCVQ-1fq-4.
- ↑ Orenstein, Hannah (May 2, 2017). "11 Things You Didn't Know About "Dear White People" Star Logan Browning". Seventeen (American magazine) (New York City: Hearst Communications). http://www.seventeen.com/celebrity/a46862/things-you-didnt-know-about-dear-white-people-star-logan-browning/.
- ↑ Hasty, Katie (December 30, 2018). "Here's every 2019 movie release date so far". Entertainment Weekly (New York City: Meredith Corporation). https://ew.com/movies/2018/12/30/2019-movies/। আহৰণ কৰা হৈছে: April 16, 2019.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- লোগান ব্ৰাউনিং সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।