লোগ ক্যা কহেংগে
লোগ ক্যা কহেংগে | |
---|---|
![]() | |
পৰিচালক | বি আৰু ইছাৰা |
প্ৰযোজক | বি আৰু ইছাৰা |
অভিনয়ত | শাবানা আজমী শত্ৰুঘ্ন সিনহা সঞ্জীৱ কুমাৰ |
সংগীত পৰিচালক | কল্যাণজী-আনন্দজী |
মুক্তি |
১৯৮২ |
দেশ | ভাৰত |
ভাষা | হিন্দী |
লোগ ক্যা কহেংগে ইংৰাজী: Log Kya Kahenge)[1] ১৯৮২ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ ছবি, যিখন নিৰ্মাণ আৰু পৰিচালনা কৰিছে বি আৰ ইছাৰাই।[1] ইয়াত সঞ্জীৱ কুমাৰ, শাবানা আজমী, শত্ৰুঘ্ন সিনহা আৰু নবীন নিচ্ছলে[2][3] গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। "লোগ ক্যা কহেংগে" নামটোৱে ভাৰতীয় সমাজত মহিলাসকলে সন্মুখীন হোৱা সাধাৰণ কলংকক বুজায়, যাৰ পৰা এক নিৰ্দিষ্ট ধৰণে আচৰণ আৰু পূৰ্ব-নিৰ্ধাৰিত বিবাহত সন্মতি দিয়াৰ আশা কৰা হয়। ছবিখন হত্যা আৰু ব্যভিচাৰৰ বিষয়বস্তুৰ সৈতে সম্বন্ধিত।
সাৰাংশ
[সম্পাদনা কৰক]ৰমাক এজন বিপত্নীকৰ সৈতে পূৰ্বতে নিৰ্ধাৰিত বিবাহ কৰিবলৈ বাধ্য কৰা হয়। তেওঁ স্বামী আৰু পুত্ৰক আৰু তেওঁৰ ওপৰত জাপি দিয়া জীৱনটোক ঘৃণা কৰিবলৈ লয়। তেওঁ আন এজন পুৰুষৰ সৈতে সম্পৰ্কত জড়িত হৈ পৰে। এদিন তেওঁৰ সতীয়া পুত্ৰই তেওঁক অন্য মানুহৰ লগত আৱিষ্কাৰ কৰে। তেওঁ ল’ৰাটোক হত্যা কৰে যাতে সি তেওঁৰ স্বামীক সম্পৰ্কৰ কথা ক’ব নোৱাৰে। শেষত তেওঁৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটি স্বামীকো হত্যা কৰে আৰু তেওঁ উন্মাদ হৈ পৰে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Rai, Vinay (2005). Rethinking India: toward an Indo-US partnership concord: changing hearts & mindsets. RF Publications. পৃষ্ঠা. 287. ISBN 978-81-902759-0-3. https://books.google.com/books?id=8RluAAAAMAAJ&q=Kahenge.
- ↑ "LKK Movie Overview". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/505974.
- ↑ "Filmography: Navin Nischol". Hindustan Times. 19 March 2011. Archived from the original on 1 March 2016. https://web.archive.org/web/20160301121807/https://www.highbeam.com/doc/1P3-2296365831.html। আহৰণ কৰা হৈছে: 7 June 2012.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- লোগ ক্যা কহেংগে সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।