সমললৈ যাওক

লোৱাত ভালা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লোৱাত ভালা

১৯৭০ চনত ভালা
জন্ম ১৯৩০ (বয়স ৯৪–৯৫)
তেহৰাণ, পাহলাৱি ইৰাণ, ইৰাণৰ সাম্ৰাজ্য
পেচা কবি, সমাজকৰ্মী
ভাষা পাৰ্চী

লোৱাত ভালা(ইংৰাজী: Lobat Vala; জন্ম: ১৯৩০ চনত তেহৰাণত) এগৰাকী ইৰাণী কবি[1][2]৷ তেওঁ ইৰাণৰ মহিলা মুক্তিৰ সপক্ষে সততে মাত মাতি আহিছে৷ ইয়াৰ উপৰি তেওঁ উভয় লিংগৰ মাজত সম অধিকাৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগত ওতপ্ৰোতভাৱে জড়িত।[3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৭৯ চনত ভালা ইৰাণৰ পৰা নিৰ্বাসিত হয়৷ ইয়াৰ পিছত নিৰ্বাসিত ভালাই লণ্ডনত বাস কৰে৷[2]১৯৮০ চনৰ পৰা ১৯৮৪ চনৰ ভিতৰত তেওঁ মেলবৰ্ণত বাস কৰে। তাত থকাৰ সময়ত তেওঁ মেলবৰ্ণ বিশ্ববিদ্যালয়ৰ পৰা মধ্যপ্ৰাচ্য অধ্যয়নত এম এ ডিগ্ৰী লাভ কৰে৷ পৰ্যায়ক্ৰমে তেওঁ লণ্ডনত ২০০৬ চনলৈকে কেয়েহান সাপ্তাহিক কাকতত সাংবাদিক আৰু লেখিকা হিচাপে কাম কৰে। ভালাই পাৰ্চী ভাষাত কেইবাখনো কবিতা পুথি প্ৰকাশ কৰিছে।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Kalbasi, Sheema (2009). The Poetry of Iranian Women. ISBN 978-1-4421-0709-0. https://books.google.com/books?id=1eqE788O1WgC&q=%22Lobat+Vala%22+-facebook+-wiki+-photos&pg=PP4. 
  2. 2.0 2.1 2.2 "Literature event with five Iranian exile authors in Vienna". NetNative. 2008-10-09. Archived from the original on 2017-11-07. https://web.archive.org/web/20171107004944/http://www.payvand.com/news/08/oct/1082.html। আহৰণ কৰা হৈছে: 2010-07-06. 
  3. "Campaigning for Freedom in Iran". Central News: Newsletter for service users & supporters (Central & Cecil Housing Care Support): পৃষ্ঠা 5. December 2009. http://www.emaconsult.co.uk/UserFiles/File/Cecil-CentralNewsWinter09.pdf। আহৰণ কৰা হৈছে: 2010-07-06. [সংযোগবিহীন উৎস]