সমললৈ যাওক

লৱণাসুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লৱণাসুৰ

শত্ৰুঘ্নৰ দ্বাৰা লৱণ বধ
সম্পৰ্ক অসুৰ
পিতৃ-মাতৃ মধু (পিতৃ) কুম্ভিনাশী(মাতৃ)
হিন্দু পাঠ্য ৰামায়ণ

লৱণাসুৰ হিন্দু ধৰ্মৰ এক অসুৰ। হিন্দু মহাকাব্য ৰামায়ণত ৰামৰ কনিষ্ঠ ভাতৃ শত্ৰুঘ্নই তেওঁক বধ কৰে।[1] ভাৰতীয় ছ’প অপেৰাত তেওঁক লাভাদাসুৰ নামেৰেও জনা যায়।

কিংবদন্তি

[সম্পাদনা কৰক]

ৰামৰ ৰাজত্বকালত বেছিভাগ ঠাইতে শান্তি বিৰাজ কৰি থকাৰ সময়তে লৱণাসুৰে বহু নিৰীহক অত্যাচাৰ কৰিছিল আৰু ঋষিৰ বহু যজ্ঞ ধ্বংস কৰি বিভিন্নধৰণে আতংকিত কৰি ৰাখিছিল। বহু ৰজা তেওঁৰ হাতত পৰাজিত হৈছিল আৰু সকলোৱে ভয় খাইছিল। সেয়ে এদিন চ্যাৱন মুনিৰ নেতৃত্বত (ভৃগু ঋষিৰ বংশধৰ), মধুপুৰীৰপৰা ৰাম ৰাজ্যলৈকে গোটেই বাটছোৱা তেওঁলোকৰ সুৰক্ষাৰ বাবে কাতৰ অনুৰোধ লৈ আহিছিল। লৱণ আছিল মধু নামৰ এজন অসুৰ ৰজা আৰু তেওঁৰ পত্নী কুম্ভিনাশীৰ পুত্ৰ। মধু ব্ৰাহ্মণৰ প্ৰতি দয়ালু আছিল, আৰু দেৱতাৰ লগত ব্যক্তিগত বন্ধুত্ব গঢ়ি তুলিছিল, আৰু সেয়েহে অসুৰ আৰু দেৱৰ মাজত শান্তি স্থাপন কৰিছিল। তেওঁ দেৱতাক ইমানেই সন্তুষ্ট কৰিছিল যে, এবাৰ শিৱই তেওঁক তেওঁৰ ত্ৰিশূল প্ৰদান কৰিছিল। মধুৱে এটা ৰাজপ্ৰাসাদ সাজি সেই ঠাইৰ নাম মধুপুৰী ৰাখিলে। ৰজা মধুৰ পিতৃৰ গুণৰ বিপৰীত গুণ থকা লৱণ নামেৰে এটি পুত্ৰ আছিল।

শিশুকাল

[সম্পাদনা কৰক]

লৱণ শিশুকালত ইমানেই দুষ্ট আছিল যে সৰুকালৰ লগৰীয়াক তেওঁ মাৰপিট কৰিছিল খাই পেলাইছিল। মধুই নিজৰ ত্ৰিশূলকে ধৰি সকলো পুত্ৰৰ হাতত তুলি দি লাজত নিজকে সাগৰত বুৰ মাৰিলে। ঋষিসকলে লৱণৰ বিষয়ে আৰু বৰ্ণনা কৰিছিল। মান্ধাতা নামৰ এজন ৰজা ইক্ষ্বাকুবংশৰ বংশধৰ আছিল। মান্ধাতাই সমগ্ৰ গ্ৰহটোত আধিপত্য বিস্তাৰ কৰিছিল আৰু তেওঁ ইমানেই গৌৰৱান্বিত হৈ পৰিছিল যে তেওঁ স্বৰ্গতো শাসন কৰিব বিচাৰিছিল। গতিকে তেওঁ ইন্দ্ৰক প্ৰত্যাহ্বান জনাইছিল যে, হয় ৰাজ্য তেওঁৰ হাতত অৰ্পণ কৰক নহয় তেওঁৰ সৈতে যুদ্ধত যুদ্ধ কৰক। ইন্দ্ৰই ঘোষণা কৰিলে যে পৃথিৱীৰ সকলো ৰজাক বধ কৰিলে তেওঁ অসুৰক নিজৰ ৰাজ্য প্ৰদান কৰিব। লৱণাসুৰে মান্ধাতাৰ সৈন্যক ত্ৰিশূলৰ সহায়ত পৰাস্ত কৰিলে। (মান্ধাতা চাওক) এই সকলোবোৰ শুনি ৰামে প্ৰতিজ্ঞা কৰিলে যে তেওঁ ঋষিসকলক আৰু মধুপুৰী ৰাজ্য ৰক্ষা কৰিব।

ভৰতে স্বেচ্ছাই লৱণাসুৰৰ বিৰুদ্ধে যুঁজিবলৈ ওলাল। শত্ৰুঘ্নই ৰাম সেৱাৰ সুযোগ বিচাৰি লৱণাসুৰৰ সৈতে যুঁজিবলৈ ইচ্ছা প্ৰকাশ কৰি ভৰতে পূৰ্বতে ৰামক বহুত ভাল সেৱা কৰিছিল বুলি উল্লেখ কৰে। তেওঁ যুদ্ধলৈ যাবলৈ সাজু হ’ল। তাৰ পিছত শত্ৰুঘ্নই লৱণাসুৰৰ সৈতে যুদ্ধ কৰিবলৈ বিশাল সৈন্যবাহিনী লৈ গুচি যায়। ৰামে ভায়েকক সকীয়াই দিয়ে যে, তেওঁ অজেয় ত্ৰিছূলটো ধৰিবলৈ নাপাওঁতেই লৱণক পৰাস্ত কৰাৰ উপায় বিচাৰি উলিয়াওক। শত্ৰুঘ্নই লৱণৰ বাসস্থানৰ আগত থিয় হৈ অকলে ৰৈ থাকিল। প্ৰতিদিনে খোৱাৰ বাবে জীৱ-জন্তু চিকাৰ কৰি লৱণাসুৰ ঘৰলৈ উভতি অহাৰ লগে লগে শত্ৰুঘ্নই তেওঁক যুঁজিবলৈ প্ৰত্যাহ্বান জনায়। তাৰ ৰাতিৰ আহাৰ গ্ৰহণৰ সময় হোৱাৰ বাবে প্ৰত্যাহ্বান গ্ৰহণ কৰি লৱণ অতি সুখী হৈছিল। লৱণাসুৰে বহু গছ উভালি শত্ৰুঘ্নৰ ওপৰত দলিয়াই দিলে আৰু মহাযুদ্ধ আৰম্ভ হ’ল। পিছত শত্ৰুঘ্নই ৰামে দিয়া বিশেষ কাঁড় (মধু আৰু কৈতভক বধ কৰিবলৈ ব্যৱহাৰ কৰা, বিষ্ণুৱে উপহাৰ হিচাপে দিয়া) আঁতৰাই পেলালে। শত্ৰুঘ্নে ধনুখন টংকাৰ দিওঁতে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড কঁপিবলৈ ধৰিলে। তেওঁ লৱণাসুৰৰ ঠিক হৃদয়ত আঘাত কৰিলে, তেওঁক বধ কৰিলে। তাৰ পিছত ৰামে শত্ৰুঘ্নক মধুপুৰীৰ ৰজা হিচাপে মুকুট পিন্ধায় আৰু কেইবাবছৰ শাসন কৰে।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. www.wisdomlib.org (2020-05-26). "Lavanasura, Lavaṇāsura: 2 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/lavanasura। আহৰণ কৰা হৈছে: 2022-11-06. 
  2. Bane, Theresa (2014-01-10) (en ভাষাত). Encyclopedia of Demons in World Religions and Cultures. McFarland. পৃষ্ঠা. 201. ISBN 978-0-7864-8894-0. https://books.google.com/books?id=njDRfG6YVb8C&dq=lavanasura+ramayana&pg=PA201.