দাণ্ডী যাত্ৰা

দাণ্ডী যাত্ৰা, যাক লোণ যাত্ৰা, লোণ সত্যাগ্ৰহ, আৰু দাণ্ডী সত্যাগ্ৰহ বুলিও কোৱা হয়, হৈছে ঔপনিৱেশিক ভাৰতত মোহনদাস কৰমচান্দ গান্ধীৰ নেতৃত্বত চলা এক অহিংস গণ প্ৰতিবাদ। ২৪ দিনীয়া এই যাত্ৰাটো ১৯৩০ চনৰ ১২ মাৰ্চৰ পৰা ৬ এপ্ৰিল ১৯৩০ লৈ ব্ৰিটিছৰ লৱণ একক অধিকাৰৰ বিৰুদ্ধে কৰা প্ৰতিৰোধ আৰু অহিংস আন্দোলনৰ এক প্ৰত্যক্ষ কাৰ্য অভিযান আছিল। এই মাৰ্চৰ আন এটা কাৰণ আছিল যে গণ প্ৰতিবাদী আন্দোলনক এক শক্তিশালী উদ্বোধনৰ প্ৰয়োজন আছিল যি অধিক লোকক গান্ধীৰ আদৰ্শ অনুসৰণ কৰিবলৈ অনুপ্ৰেৰিত কৰিব। মহাত্মা গান্ধীয়ে তেওঁৰ ৭৯ জন বিশ্বাসযোগ্য স্বেচ্ছাসেৱকৰ সৈতে এই মাৰ্চ আৰম্ভ কৰিছিল।[1] ২৪ দিনৰ বাবে দিনে দহ মাইলকৈ খোজ কাঢ়ি, সবৰমতী আশ্ৰমৰ পৰা সেই সময়ত নৱসাৰী (এতিয়া গুজৰাট ৰাজ্যত) বুলি কোৱা দাণ্ডীলৈ এই সমদলে মুঠ ২৪০ মাইল (৩৮৪ কিমি) পথ অতিক্ৰম কৰিছিল। যাত্ৰাপথত ভাৰতীয়ৰ সংখ্যা ক্ৰমাৎ বাঢ়ি গৈছিল। যেতিয়া গান্ধীয়ে ১৯৩০ চনৰ ৬ এপ্ৰিলত ৬:৩০ বজালৈ লোণ আইন ভংগ কৰিছিল, তেতিয়া লাখ লাখ ভাৰতীয়ৰ দ্বাৰা ব্ৰিটিছৰ লোণ আইনৰ বিৰুদ্ধে বৃহৎ পৰিসৰত গণ প্ৰতিবাদৰ সৃষ্টি কৰিছিল।[2]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "National Salt Satyagraha Memorial | List of names". www.dandimemorial.in. Archived from the original on 19 August 2019. https://web.archive.org/web/20190819102939/http://www.dandimemorial.in/pdf/List-of-1930-Salt-Marchers.pdf। আহৰণ কৰা হৈছে: 11 August 2019.
- ↑ "Mass civil disobedience throughout India followed as millions broke the salt laws", from Dalton's introduction to Gandhi's Civil Disobedience, Gandhi and Dalton, p. 72.