ল’গ’থেৰাপী

ল’গ’থেৰাপী (ইংৰাজী: Logotherapy) হৈছে স্নায়ুবিজ্ঞানী আৰু মনোৰোগ বিশেষজ্ঞ ভিক্টৰ ফ্ৰাঙ্কলে বিকাশ কৰা একপ্ৰকাৰৰ অস্তিত্ববাদী মনোচিকিৎসা-পদ্ধতি।[1] ইয়াৰ মৌলিক ধাৰণা হৈছে—মানুহৰ জীৱনত প্ৰধান প্ৰেৰণাদায়ী শক্তি হ’ল অৰ্থৰ অনুসন্ধান।[2] ফ্ৰাঙ্কলে এই পদ্ধতিক “মনোচিকিৎসাৰ তৃতীয় ভিয়েনা স্কুল ” বুলি অভিহিত কৰিছে, যি চিগমাণ্ড ফ্ৰয়েডৰ মানসিক বিশ্লেষণ আৰু আলফ্ৰেড এডলাৰৰ ব্যক্তিগত মনোবিজ্ঞানৰ সৈতে একে ধাৰাৰ অন্তৰ্গত।[3][4][5]
ল’গ’থেৰাপী অস্তিত্বমূলক বিশ্লেষণৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে,[6] য’ত কিয়াৰ্কেগাৰ্ডে উত্থাপন কৰা “অৰ্থৰ ইচ্ছা” (will to meaning)ক কেন্দ্ৰস্থলত ৰখা হৈছে। ই এডলাৰৰ “ক্ষমতাৰ ইচ্ছা” (will to power) বা ফ্ৰয়েডৰ “সুখৰ ইচ্ছা” (will to pleasure)ৰ বিপৰীতে অৱস্থিত। অৰ্থাৎ, ক্ষমতা বা সুখ নহয়, জীৱনত অৰ্থ বিচাৰি পোৱাৰ প্ৰচেষ্টাই মানুহৰ আটাইতকৈ গভীৰ আৰু শক্তিশালী প্ৰেৰণা শক্তি বুলি ল’গ’থেৰাপীয়ে প্ৰতিপন্ন কৰে।[2]
এই পদ্ধতিৰ এক সংক্ষিপ্ত অথচ গভীৰ পৰিচয় ফ্ৰাঙ্কলৰ বিখ্যাত গ্ৰন্থ মেনচ চাৰ্ছ ফৰ মিনিং (Man’s Search for Meaning) ত পোৱা যায়। এই গ্ৰন্থত তেওঁ বৰ্ণনা কৰিছে কেনেকৈ তেওঁৰ তাত্ত্বিক ধাৰণাসমূহে তেওঁক ইহুদী গণহত্যাৰ ভয়াবহ অভিজ্ঞতাৰ মাজতো জীয়াই থাকিবলৈ সহায় কৰিছিল, আৰু কেনেকৈ সেই অভিজ্ঞতাই তেওঁৰ চিন্তাধাৰাক অধিক গভীৰ আৰু সুসংহত কৰি তুলিছিল। বৰ্তমান বিশ্বজুৰি গঢ় লৈ উঠা বহুতো ল’গ’থেৰাপী প্ৰতিষ্ঠানে এই পদ্ধতিৰ অধ্যয়ন আৰু প্ৰয়োগ আগবঢ়াই নিছে।
মূলনীতি
[সম্পাদনা কৰক]“ল’গ’থেৰাপী” শব্দটো গ্ৰীক logos (“অৰ্থ”) শব্দৰপৰা উদ্ভৱ। ভিক্টৰ ফ্ৰাঙ্কলৰ মূল প্ৰতিপাদ্য হৈছে—মানুহৰ প্ৰধান চালিকা শক্তি হ’ল জীৱনত অৰ্থৰ সন্ধান কৰা। এই পদ্ধতিৰ কেইটামান কেন্দ্ৰীয় নীতি তলত সন্নিৱিষ্ট কৰা হ’ল :
- জীৱনৰ সকলো পৰিস্থিতিত অৰ্থ নিহিত থাকে—আনকি সৰ্বাধিক বেদনাদায়ক আৰু অসহনীয় অৱস্থাতো।
- জীৱন-ধাৰণৰ মূল প্ৰেৰণা হৈছে “অৰ্থ বিচাৰি পোৱাৰ ইচ্ছা” (will to meaning)।
- মানুহে নিজৰ কৰ্ম, অভিজ্ঞতা, আৰু বিশেষকৈ অপৰিৱৰ্তনীয় যন্ত্ৰণাৰ সন্মুখীন হ’লে গ্ৰহণ কৰা মনোভাবৰ মাজতো অৰ্থ আৱিষ্কাৰ কৰাৰ স্বাধীনতা লাভ কৰে।[2]
ল’গ’থেৰাপীৰ তাত্ত্বিক কাঠামোত “মানৱ আত্মা” (human spirit) ধাৰণাটো গুৰুত্বপূৰ্ণ, কিন্তু ইয়াত “আত্মা” শব্দটো কোনো ধৰ্মীয় বা আধ্যাত্মিক অৰ্থত ব্যৱহাৰ কৰা হোৱা নাই।[2] ফ্ৰাঙ্কলৰ মতে, এই “আত্মা” মূলতঃ মানুহৰ ইচ্ছাশক্তি আৰু অৰ্থ-অনুসন্ধানৰ সামৰ্থ্যৰ প্ৰকাশ। সেয়েহে ল’গ’থেৰাপীত কেন্দ্ৰবিন্দু হৈছে অৰ্থৰ সন্ধান—যি অৱশ্যে ঈশ্বৰ বা কোনো অতিপ্ৰাকৃত সত্তাৰ সন্ধানৰ সৈতে অৱশ্যম্ভাৱীভাৱে সংলগ্ন নহ’বও পাৰে।[2] একে সময়তে ফ্ৰাঙ্কলে সতৰ্ক কৰিছিল যে আৰাম-বিলাসৰ প্ৰাচুৰ্য (affluence), ভোগবাদ (hedonism), আৰু বস্তুবাদ (materialism) মানৱজীৱনৰ অৰ্থ-অনুসন্ধানত গুৰুত্বপূৰ্ণ বাধা ৰূপে দেখা দিব পাৰে।[7]
“জীৱনৰ উদ্দেশ্য” আৰু “জীৱনৰ অৰ্থ”- এই ধাৰণা দুটা ফ্ৰাঙ্কলৰ লেখাত “অস্তিত্বগত শূন্যতা” (existential vacuum) আৰু “অৰ্থৰ ইচ্ছা”ৰ সৈতে নিবিড়ভাৱে সম্পৃক্ত। তেওঁ লক্ষ্য কৰিছিল যে, যদি মানুহৰ অৰ্থ সন্ধানৰ প্ৰচেষ্টা অৱৰুদ্ধ হয়, তেন্তে ইয়াৰ ফলত মানসিক সংকট আৰু ক্ষতিৰ সৃষ্টি হ’ব পাৰে। বিপৰীতে, জীৱনৰ ইতিবাচক উদ্দেশ্য আৰু অৰ্থ সাধাৰণতে দৃঢ় ধৰ্মীয় বিশ্বাস, সামাজিক গোটত অংশগ্ৰহণ, কোনো উদ্দেশ্যৰ প্ৰতি অংগীকাৰ, সুসংহত মূল্যবোধ, আৰু স্পষ্ট লক্ষ্যৰ সৈতে সম্পৰ্কিত। প্ৰাপ্তবয়স্ক বিকাশ আৰু পৰিপক্বতাৰ তত্ত্বসমূহতো “জীৱনৰ উদ্দেশ্য” এক কেন্দ্ৰীয় উপাদান; পৰিপক্বতা মানে জীৱনৰ লক্ষ্য সম্বন্ধে স্পষ্ট বোধ, দিশনিৰ্দেশিত জীৱন-চৰ্যা, আৰু সচেতন উদ্দেশ্যবোধ—যিয়ে জীৱনক অৰ্থপূৰ্ণ বুলি অনুভৱ কৰাত সহায় কৰে।[8]
ফ্ৰাঙ্কলৰ (২০০৬) তত্ত্ব অনুসাৰে, ল’গ’থেৰাপীয়ে ব্যক্তিক নিজৰ জীৱনৰ অৰ্থ উদ্ঘাটন কৰিবলৈ সহায় কৰে আৰু তাৰ ফলস্বৰূপে আত্ম-বিশ্বাস আৰু সন্তুষ্টি বৃদ্ধি পায়।[9] তেওঁ বিশেষকৈ জীৱনৰ উদ্দেশ্যৰ ব্যক্তিগত স্বাতন্ত্ৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ মতে, “প্ৰতিজন মানুহৰ জীৱনত এটা বিশেষ কৰ্তব্য বা আহ্বান থাকে… যাক তেওঁ সম্পূৰ্ণ কৰিব লাগিব; আৰু এই কৰ্তব্য যেনে অনন্য, তেনেদৰে ইয়াক বাস্তৱায়ন কৰাৰ সুযোগো অনন্য।” এইদৰে ল’গ’থেৰাপীয়ে ব্যক্তিক নিজৰ নিজা অৰ্থ চিনাক্ত কৰি সেইদিশে সক্ৰিয়ভাৱে আগবাঢ়িবলৈ প্ৰেৰণা দিয়ে।[10]
ফ্ৰাঙ্কলৰ তত্ত্বসমূহক ক্ৰামবাফ আৰু মেহ'লিক-(Crumbaugh আৰু Maholick)এ “ পাৰপাছ ইন লাইফ(Purpose in Life (PIL))" পৰীক্ষাৰ জৰিয়তে প্ৰয়োগযোগ্য ৰূপ দিছিল। এই পৰীক্ষাত ব্যক্তিৰ জীৱনত অৰ্থ আৰু উদ্দেশ্যৰ উপস্থিতি পৰিমাপ কৰা হয়।[8] এই গৱেষণাত দেখা গৈছে যে “জীৱনৰ অৰ্থ”ই ধৰ্মীয়তা আৰু মংগলবোধ,[11] নিয়ন্ত্ৰণ কৰিব নোৱাৰা মানসিক চাপ আৰু নিচাগ্ৰস্ত আচৰণ, বিষণ্ণতা আৰু আত্ম-অৱমূল্যায়নৰ মাজত এক মধ্যস্থতাকাৰী উপাদান হিচাপে কাম কৰে।[8][12] ইয়াৰ লগতে ক্ৰামবাফ-এ চিকিং অব নোৱেটিক গ'লচ টেষ্ট ("Seeking of Noetic Goals Test (SONG))” নামৰ এটা সম্পূৰক মাপকাঠিও প্ৰস্তাৱ কৰিছিল। PIL-এ অৰ্থৰ উপস্থিতি সূচায়, আনহাতে SONG-এ অৰ্থৰ প্ৰতি অভিমুখিতা পৰিমাপ কৰে। PIL-ত নিম্ন স্ক’ৰ কিন্তু SONG-ত উচ্চ স্ক’ৰ থকা ব্যক্তিৰ ক্ষেত্ৰত ল’গ’থেৰাপীৰ প্ৰয়োগ অধিক ফলপ্ৰসূ হোৱাৰ সম্ভাৱনা থাকে।[13]
অৰ্থৰ সন্ধান
[সম্পাদনা কৰক]ফ্ৰেংকলৰ মতে, “আমি জীৱনৰ অৰ্থ তিনিটা ভিন্ন উপায়েৰে আৱিষ্কাৰ কৰিব পাৰোঁ: (১) কোনো কাম সৃষ্টি কৰি বা কোনো কৰ্ম সম্পাদন কৰি; (২) কিবা এটা অনুভৱ কৰি বা কাৰোবাৰ সৈতে মুখা-মুখি হৈ; আৰু (৩) অনিবাৰ্য কষ্টৰ প্ৰতি আমি গ্ৰহণ কৰা মনোভাবৰ মাধ্যমত।” তেওঁ লগতে কৈছে যে “এজন মানুহৰপৰা সকলো বস্তু কাঢ়ি ল’ব পাৰি, কিন্তু এটা বস্তু কেতিয়াও নোহোৱা কৰিব নোৱাৰি—সেইটো হৈছে মানুহৰ অন্তিম স্বাধীনতা, অৰ্থাৎ যিকোনো পৰিস্থিতিত নিজৰ মনোভাব বাছি লোৱাৰ স্বাধীনতা।”[3]
কষ্টৰ অৰ্থ সম্পৰ্কে ফ্ৰেংকলে তলত দিয়া এটা উদাহৰণ আগবঢ়াইছে— “এবাৰ এজন জ্যেষ্ঠ চিকিৎসক তেওঁৰ গভীৰ বিষণ্ণতাৰ বাবে মোৰ ওচৰলৈ আহিছিল। দুবছৰ পূৰ্বে মৃত্যুবৰণ কৰা তেওঁৰ স্ত্ৰীৰ মৃত্যুঁজনিত দুখ তেওঁ অতিক্ৰম কৰিব পৰা নাছিল আৰু তেওঁ নিজৰ স্ত্ৰীক সকলোতকৈ বেছি ভাল পাইছিল। এতিয়া মই তেওঁক কেনেকৈ সহায় কৰিম? মই তেওঁক কি ক’ম? মই তেওঁক একো ক’ব নোৱাৰিলোঁ; তাৰ সলনি মই তেওঁক এটা প্ৰশ্ন সুধিলোঁ—‘ডাক্টৰ, যদি আপুনি আগতে মৰিলেহেঁতেন আৰু আপোনাৰ স্ত্ৰী আপোনাৰ অবিহনে বাচি থাকিব লাগিলেহেঁতেন, তেন্তে কি হ’লহেঁতেন?’ তেওঁ ক’লে, ‘ওহ, তেওঁৰ বাবে অত্যন্ত কষ্টদায়ক হ’লহেঁতেন; কিমান যে দুখ পাই থাকিলহেঁতেন! ’ তেতিয়া মই ক’লোঁ, ‘চাওক ডাক্টৰ, এই দুখৰপৰা তেওঁ বাচি গ’ল, আৰু আপুনিয়েই তেওঁক এই কষ্টৰপৰা ৰক্ষা কৰিলে; কিন্তু এতিয়া আপুনি তেওঁৰ অবিহনে বাচি থাকি আৰু শোক কৰি এই মূল্য দিব লাগিব। ’ তেওঁ একো নক’লে, কিন্তু মোৰ হাত ধৰি শান্তভাৱে ওলাই গ’ল।”[3]:178–179
ফ্ৰেংকলে জোৰ দি কৈছে যে কষ্টৰ মূল্য উপলব্ধি কৰাটো তেতিয়াহে অৰ্থবহ হয়, যেতিয়া আগৰ দুটা সৃষ্টিশীল সম্ভাৱনা (যেনে—কোনো কাম কৰা বা অনুভৱ কৰা) উপলব্ধ নহয় (উদাহৰণস্বৰূপে, কনচেণ্ট্ৰেছন শিবিৰত) আৰু যেতিয়া এনে কষ্ট অনিবাৰ্য হয়। তেওঁ কেতিয়াও অপ্ৰয়োজনীয়ভাৱে কষ্ট ভোগ কৰাৰ পক্ষপাতী নাছিল।[14]
ল’গ’থেৰাপীৰ দাৰ্শনিক ভিত্তি
[সম্পাদনা কৰক]
ভিক্টৰ ফ্ৰাংকল (Viktor Frankl)-এ তেওঁৰ গ্ৰন্থ দি উইল টু মিনিং (The Will to Meaning)-ত ল’গ’থেৰাপীৰ মেটা-ক্লিনিকেল তাৎপৰ্য বিস্তৃতভাৱে ব্যাখ্যা কৰিছে।[15] তেওঁৰ মতে, ব্যক্তি-সম্বন্ধীয় তত্ত্বক বাদ দি কোনো মনঃচিকিৎসা সম্ভৱ নহয়; অৰ্থাৎ, প্ৰতিটো মনঃচিকিৎসা পদ্ধতি মানুহৰ স্বৰূপ সম্পৰ্কে থকা কোনো এক মৌলিক দাৰ্শনিক ধাৰণাৰ ওপৰত নিৰ্ভৰশীল।
এজন অস্তিত্ববাদী মনোবিজ্ঞানী হিচাপে, ফ্ৰেংক্লে তথাকথিত “যন্ত্ৰ-মডেল” অথবা “নিগনি-মডেল”ক মৌলিকভাৱে অস্বীকাৰ কৰে, কাৰণ এই ধৰণৰ সংকোচনবাদী দৃষ্টিভংগীয়ে মানুহক কেৱল যান্ত্ৰিক বা আচৰণ-নিয়ন্ত্ৰিত সত্তা হিচাপে ব্যাখ্যা কৰি তেওঁৰ অন্তৰ্নিহিত মানৱীয় গুণসমূহ—বিশেষকৈ স্বাধীনতা, দায়িত্ববোধ আৰু অৰ্থ-অন্বেষণৰ ক্ষমতাৰ—অৱমূল্যায়ন কৰে। এজন স্নায়ুবিজ্ঞানী আৰু মনোৰোগ বিশেষজ্ঞ হিচাপে, তেওঁ নিৰ্ধাৰণবাদৰ এক সুসমন্বিত ধাৰণা বিকাশ কৰে, যি ল’গ’থেৰাপীৰ তিনিটা মুখ্য স্তম্ভ—ইচ্ছাৰ স্বাধীনতা, অৰ্থ-অন্বেষণৰ ইচ্ছা, আৰু জীৱনৰ অৰ্থৰ সৈতে সহাৱস্থান কৰিব পাৰে। ফ্ৰেংক্লে স্বীকাৰ কৰে যে মানুহ কেতিয়াও জৈৱিক, সমাজতাত্ত্বিক বা মানসিক নিৰ্ধাৰকসমূহৰপৰা সম্পূৰ্ণভাৱে মুক্ত নহয়; তথাপি, নাজী নিৰ্যাতন শিবিৰত তেওঁৰ ব্যক্তিগত অভিজ্ঞতাৰ আধাৰত তেওঁ এই কথা দৃঢ়ভাৱে প্ৰতিপন্ন কৰে যে মানুহে “অত্যন্ত দুঃসহ পৰিস্থিতিকো প্ৰত্যাহ্বান জনাব পাৰে আৰু সাহসেৰে তাৰ সন্মুখীন হ’ব পাৰে”। এইধৰণৰ মানসিক অৱস্থানৰ জৰিয়তে, এজন ব্যক্তিয়ে পৰিস্থিতিৰ পৰা—আৰু আনকি নিজৰ পৰাও—এটা সজাগ দূৰত্ব স্থাপন কৰিবলৈ সক্ষম হয়। ইয়াৰ ফলত, তেওঁ নিজৰ প্ৰতি গ্ৰহণ কৰিবলগীয়া মনোভাব সচেতনভাৱে নিৰ্বাচন কৰিব পাৰে আৰু নিজৰ জীৱন-নিয়ন্ত্ৰণকাৰী নিৰ্ধাৰকসমূহক নিজেই নিৰ্ধাৰণ কৰে। এই প্ৰক্ৰিয়াৰ মাজেৰে, মানুহে নিজৰ চৰিত্ৰ গঢ়ি তোলে আৰু নিজৰ অস্তিত্বৰ প্ৰতি নৈতিকভাৱে দায়িত্বশীল সত্তা হিচাপে আত্মপ্ৰতিষ্ঠা লাভ কৰে।[16]
ল’গ’থেৰাপী সম্পৰ্কীয় দৃষ্টিভংগী আৰু চিকিৎসা
[সম্পাদনা কৰক]উদ্বেগক জয় কৰা
[সম্পাদনা কৰক]নিজ নিজ পৰিস্থিতিৰ অন্তৰ্নিহিত উদ্দেশ্য উপলব্ধি কৰাৰ জৰিয়তে মানুহে নিজৰ উদ্বেগক পৰাভূত কৰিব পাৰে। নিউয়ৰ্ক টাইমছৰ লেখক টিম চেণ্ডাৰ্চ (Tim Sanders)এ এই পদ্ধতিৰ এক ব্যাৱহাৰিক দৃষ্টান্ত আগবঢ়াইছে। তেওঁ উল্লেখ কৰিছে যে বিমানযাত্ৰাৰ সময়ত সহযাত্ৰীৰ মানসিক চাপ লাঘৱ কৰিবলৈ তেওঁ কেৱল তেওঁলোকক তেওঁলোকৰ যাত্ৰাৰ উদ্দেশ্য সম্পৰ্কে সোধে। এই সহজ প্ৰশ্নটোৱে প্ৰায়েই উল্লেখযোগ্য পৰিৱৰ্তন আনে— তেওঁলোক যিমানেই বিষণ্ণ বা অস্বস্তিত নাথাকক কিয়, তেওঁলোকৰ মানসিক অৱস্থা তৎক্ষণাৎ সলনি হয় আৰু সমগ্ৰ উৰণকালত তেওঁলোকে অধিক প্ৰফুল্ল মনোভাবেৰে থাকিব পাৰে।[17]
সামগ্ৰিকভাৱে, ভিক্টৰ ফ্ৰাংকল (Viktor Frankl)ৰ মতে, উদ্বিগ্ন ব্যক্তিয়ে সাধাৰণতে উপলব্ধি নকৰে যে তেওঁলোকৰ উদ্বেগ মূলতঃ “অপূৰ্ণ দায়িত্ববোধ”ৰ সৈতে সম্পৰ্কিত, যাৰ গভীৰতাত আছে জীৱনৰ অৰ্থৰ অভাৱ।[18]
নিউৰ’ছিছৰ চিকিৎসা
[সম্পাদনা কৰক]ফ্ৰেংকল-এ নিউৰ’ছিছৰ দুটা মুখ্য কাৰণ (pathogenic mechanisms) চিনাক্ত কৰিছে—
হাইপাৰ-ইনটেনচন অৰ্থাৎ লক্ষ্য সাধনৰ অতিমাত্ৰা চেষ্টা (hyper-intention): কোনো লক্ষ্য লাভ কৰাৰ বাবে অত্যধিক জোৰ বা আপ্ৰাণ চেষ্টা, যাৰ ফলত সেই লক্ষ্যটো অধিক দূৰৱৰ্তী হৈ পৰে।
হাইপাৰ-ৰিফ্লেকচন বা মাত্ৰাধিক চিন্তা (hyper-reflection): নিজৰ ওপৰত অতিমাত্ৰা মনোযোগ আৰোপ, যিয়ে নিউৰ’ছিছ পৰিহাৰ কৰাৰ প্ৰচেষ্টাকো ব্যাহত কৰে।
ইয়াৰ উপৰি তেওঁ “পূৰ্ব-আশংকাজনিত উদ্বেগ” (anticipatory anxiety)ৰ ধাৰণাটোও প্ৰস্তাৱ কৰে—অৰ্থাৎ, কোনো এটা অনাকাঙ্ক্ষিত ফলাফলৰ ভয় যিয়ে ওলোটাকৈ সেই ফলাফল ঘটাৰ সম্ভাৱনাকেই বৃদ্ধি কৰে। এই ধৰণৰ উদ্বেগ হ্ৰাস কৰি নিউৰ’ছিছৰ চিকিৎসাৰ ক্ষেত্ৰত ল’গ’থেৰাপীয়ে পেৰাডক্সিকেল ইনটেনচন (paradoxical intention) বা বিৰোধাভাসমূলক উদ্দেশ্য নামৰ এক বিশেষ কৌশল ব্যৱহাৰ কৰে। এই পদ্ধতিত অতিমাত্ৰাত কামনা কৰা লক্ষ্যৰ বিপৰীত দিশে সচেতনভাৱে আগবাঢ়িবলৈ ৰোগীক উৎসাহিত কৰা হয়।
উদাহৰণস্বৰূপে, যিজন ব্যক্তিয়ে ভালকৈ টোপনি নহ’ব বুলি ভয় কৰে (অৰ্থাৎ পূৰ্ব-আশংকাজনিত উদ্বেগ অনুভৱ কৰে), তেওঁ সচৰাচৰ অত্যধিক চেষ্টা কৰে সোনকালে নিদ্ৰালু হ’বলৈ—এইটোৱেই “হাইপাৰ-ইনটেনচন”ৰ উদাহৰণ, যি শেষত নিদ্ৰালু হোৱাৰ ক্ষমতাক ব্যাহত কৰে।
এনেক্ষেত্ৰত, এজন ল’গ’থেৰাপীষ্টে তেওঁক পৰামৰ্শ দিব পাৰে যে তেওঁ শুই থাকি ইচ্ছাকৃতভাৱে টোপনি নাহিবলৈ চেষ্টা কৰক। এই বিপৰীতমুখী মনোভাবৰ ফলত পূৰ্ব-আশংকাজনিত উদ্বেগ হ্ৰাস পায় আৰু যি উদ্বেগে তেওঁক আগতে জগাই ৰাখিছিল, সেয়া দূৰ হোৱাত তেওঁ স্বাভাৱিক সময়সীমাৰ ভিতৰতে সহজে টোপনি যাব পাৰে।[3]
অৱসাদ
[সম্পাদনা কৰক]ভিক্টৰ ফ্ৰাংকলৰ মতে, অৱসাদ মানসিক, জৈৱিক আৰু আধ্যাত্মিক- এই তিনিটা স্তৰত প্ৰকাশ পায়।[18] তেওঁ মত প্ৰকাশ কৰে যে মানসিক স্তৰত নিজৰ সাধ্যাতীত দায়িত্ব বা লক্ষ্য গ্ৰহণ কৰিলে অপৰ্যাপ্ততা আৰু অযোগ্যতাৰ অনুভূতিৰ জন্ম হয়। জৈৱিক স্তৰত তেওঁ "নিস্তেজ উছাহ"(vital low) বুলি অভিহিত এক অৱস্থাৰ কথা কৈছে, যাৰ অৰ্থ হৈছে শাৰীৰিক শক্তি আৰু জীৱনীশক্তিৰ স্পষ্ট হ্ৰাস।[18][14]:202[18]আধ্যাত্মিক স্তৰত, অৱসাদগ্ৰস্ত ব্যক্তিয়ে নিজৰ বাস্তৱ সত্তা আৰু তেওঁ হ’ব লাগিব বুলি অনুভৱ কৰা আদৰ্শ সত্তাৰ মাজত থকা তীব্ৰ অন্তৰ্দ্বন্দ্বৰ সন্মুখীন হয়। এই অন্তৰক তেওঁ “শূন্যতাৰ অতল গহ্বৰ" বুলি অভিহিত কৰিছে।[14]:202[18] [18] ফ্ৰেংকলৰ মতে, যেতিয়া লক্ষ্যসমূহ অপ্ৰাপ্য বা দুৰ্গম যেন অনুভৱ হয়, তেতিয়া মানুহে ভৱিষ্যতৰ প্ৰতি বিশ্বাস আৰু জীৱনৰ অৰ্থ দুয়োটা হেৰুৱায়—এই অৱস্থাই অৱসাদক গভীৰ কৰে। ()[14]:200
সেইদৰে, ল’গ’থেৰাপীৰ মূল উদ্দেশ্য হৈছে ৰোগীক নিজৰ ৰোগ আৰু জীৱনক এক কৰ্তব্য বা অৰ্থবহ দায়িত্ব হিচাপে গ্ৰহণ কৰাৰ দিশে দৃষ্টিভংগী সলনি কৰিবলৈ সহায় কৰা।[14]:200
অৱসাদজনিত অনুভূতি আৰু চিন্তাধাৰা অতিক্ৰম কৰাৰ বাবে ফ্ৰেংকলে ব্যক্তিক নিজৰ দুখ-কষ্টৰ মাজতেই অৰ্থ বিচাৰিবলৈ উৎসাহিত কৰে।[19] তেওঁ প্ৰায়েই ফ্ৰেডৰিক নীৎসেৰ এই উক্তিটো উল্লেখ কৰে— “যদি আমাৰ জীৱনত নিজা ‘কিয়’ থাকে, তেন্তে আমি প্ৰায় যিকোনো ‘কিদৰে’ সহ্য কৰিব পাৰোঁ।”[20] ফ্ৰেংকলৰ দৃষ্টিত দুখ-কষ্ট আৰু ইয়াৰ সৈতে জড়িত নেতিবাচক অনুভূতিসমূহ মানৱ অভিজ্ঞতাৰ স্বাভাৱিক আৰু অবিচ্ছেদ্য অংশ আৰু ইয়াক পাবলৈ আশাহে কৰিব লাগে।
ল’গ’থেৰাপীৰ অনুগামী মনোবিজ্ঞানী এডিথ ৱেইছকপ জোৱেলচন(Edith Weisskopf-Joelson)ৰ মতে, বৰ্তমানৰ মানসিক-স্বাস্থ্য দৰ্শনে মানুহ সদায় সুখী থকা উচিত আৰু অসুখী অৱস্থা অসামঞ্জস্যৰ লক্ষণ বুলি গণ্য কৰাটো ভুল। এনে মূল্যব্যৱস্থাই অনিবাৰ্য অসুখৰ ওপৰত “অসুখী হোৱাৰ বাবে পুনৰ অসুখী হোৱা” বোজা অধিক বৃদ্ধি কৰে[21]
আৱেশিক অনুকৰ্ষী ব্যাধি (Obsessive–Compulsive Disorder)
[সম্পাদনা কৰক]ফ্ৰেংকলৰ মতে, এই ব্যাধিত ভোগা ব্যক্তিসকলৰ মাজত সাধাৰণ লোকৰ ক্ষেত্ৰত দেখা পোৱা সম্পূৰ্ণতাৰ অনুভূতি দেখা পোৱা নাযায়।[18] চিন্তা বা আচৰণ পুনৰাবৃত্তি কৰাৰ প্ৰৱণতাৰ বিৰুদ্ধে পোনপটীয়াকৈ যুঁজ দিয়াৰ পৰিৱৰ্তে, বা ৰোগৰ লক্ষণসমূহ সলনি কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে, থেৰাপিষ্টে “নিউৰ’টিক ব্যক্তিৰ নিজৰ নিউৰ’ছিছৰ প্ৰতি মনোভাৱ সলনি কৰা”ত মনোযোগ দিব লাগে।[14]:185 সেইবাবে, এইটো স্বীকাৰ কৰা গুৰুত্বপূৰ্ণ যে ৰোগী “নিজৰ আসক্তিমূলক চিন্তাৰ বাবে দায়ী নহয়”, কিন্তু “এই চিন্তাসমূহৰ প্ৰতি তেওঁ গ্ৰহণ কৰা মনোভাৱৰ বাবে তেওঁ নিশ্চিতভাৱে দায়ী।”[14]:188 ফ্ৰেংকলে কৈছিল যে ৰোগীয়ে নিজৰ নিখুঁততাৰ প্ৰৱণতাক নিয়তিৰ অংশ হিচাপে চিনাক্ত কৰিব লাগিব, আৰু সেইবাবে কিছু পৰিমাণৰ অনিশ্চয়তা গ্ৰহণ কৰিবলৈ শিকিব লাগিব।[18] অৱশেষত, ল’গ’থেৰাপীৰ মূল ধাৰণাৰ অনুসৰণ কৰি, ৰোগীয়ে নিজৰ আসক্তিমূলক চিন্তাসমূহ উপেক্ষা কৰি, সেইবোৰৰ উপস্থিতি সত্ত্বেও জীৱনত অৰ্থ বিচাৰি উলিয়াব লাগিব।[14]
স্কিজ'ফ্ৰেনিয়া
[সম্পাদনা কৰক]যদিও ল’গ’থেৰাপীক গুৰুতৰ মানসিক বিকাৰৰ চিকিৎসাৰ বাবে প্ৰথমে উদ্দেশ্য কৰা হোৱা নাছিল, ফ্ৰেংকলে বিশ্বাস কৰিছিল যে ল’গ’থেৰাপীয়ে স্কিজ'ফ্ৰেনিয়াত আক্ৰান্ত লোকসকলকো উপকৃত কৰিব পাৰে।[18] তেওঁ স্কিজ'ফ্ৰেনিয়াৰ মূল কাৰণ শাৰীৰিক কাৰ্য্যক্ষমতাৰ বিসংগতিত (physiological dysfunction) নিহিত বুলি চিনাক্ত কৰিছিল।[18] এই বিসংগতিত স্কিজ'ফ্ৰেনিয়াত আক্ৰান্ত ব্যক্তিয়ে নিজকে এটা বস্তু (object) হিচাপে অনুভৱ কৰে, বিষয়ী বা স্বয়ং (subject) হিচাপে নহয়।[14] ফ্ৰেংকলে পৰামৰ্শ দিছিল যে ল’গ’থেৰাপীৰ জৰিয়তে স্কিজ'ফ্ৰেনিয়াত আক্ৰান্ত ব্যক্তিক সহায় কৰিব পাৰি। প্ৰথমতে তেওঁলোকক শিকোৱা উচিত যে শুনা মাতবোৰ (voices)ক অৱজ্ঞা কৰিব লাগে আৰু নিজৰ ওপৰত অহৰহ পৰ্যবেক্ষণ (persistent self-observation) বন্ধ কৰিব লাগে।[18] তাৰ পিছত, একে সময়তে তেওঁলোকক অৰ্থপূৰ্ণ আৰু উদ্দেশ্যপূৰ্ণ কাৰ্যকলাপৰ দিশে আগবঢ়াই নিব লাগে। কাৰণ “স্কিজ'ফ্ৰেনিক ৰোগীৰ বাবেও ভাগ্য আৰু ৰোগৰ প্ৰতি সেই স্বাধীনতাৰ অৱশিষ্ট অংশ থাকিয়ে যায় যিটো মানুহে সকলো পৰিস্থিতিতে আৰু জীৱনৰ প্ৰতিটো মুহূৰ্ততে, অন্তিম ক্ষণলৈকে ধৰি ৰাখে। [14]:216
অন্তিম অৱস্থাৰ ৰোগীসকল
[সম্পাদনা কৰক]
১৯৭৭ চনত টেৰী জুহল্কে আৰু জন ৱাটকিন্সে এটা অধ্যয়ন চলাইছিল, য’ত অন্তিম অৱস্থাৰ ৰোগীসকলৰ ক্ষেত্ৰত ল’গ’থেৰাপীৰ কাৰ্যকাৰিতা বিশ্লেষণ কৰা হৈছিল। অধ্যয়নত ২০ জন পুৰুষ স্বেচ্ছাসেৱকক দুটা গোটত যাদৃচ্ছিকভাৱে বিভক্ত কৰা হৈছিল:
(১) চিকিৎসা গোট — এইসকলে দুসপ্তাহৰ ভিতৰত ৪৫ মিনিটীয়া ৮টা পৰামৰ্শ বৈঠক লাভ কৰিছিল।
(২) নিয়ন্ত্ৰণ গোট — এইসকলক বিলম্বিত চিকিৎসা দিয়া হৈছিল।
প্ৰত্যেক গোটক পাঁচটা মানসিক পৰীক্ষাৰ জৰিয়তে মূল্যায়ন কৰা হৈছিল:
MMPI K স্কেল
MMPI L স্কেল
মৃত্যুভীতি স্কেল (Death Anxiety Scale)
সংক্ষিপ্ত মানসিক মূল্যায়ন স্কেল (Brief Psychiatric Rating Scale)
জীৱনৰ উদ্দেশ্য পৰীক্ষা (Purpose in Life Test)
ফলাফলত চিকিৎসা গোট আৰু নিয়ন্ত্ৰণ গোটৰ মাজত সামগ্ৰিকভাৱে উল্লেখযোগ্য পাৰ্থক্য দেখা পোৱা গৈছিল। একক বিশ্লেষণ (univariate analyses)ত দেখা গৈছিল যে পাঁচটা নিৰ্ভৰশীল জোখৰ ভিতৰৰ তিনিটাত গোট দুটাৰ মাজত উল্লেখযোগ্য পাৰ্থক্য আছে। এই অধ্যয়নৰ ফলাফলে নিশ্চিত কৰে যে মৃত্যুমুখী ৰোগীসকলে মৃত্যুৰ সৈতে মোকাবিলা কৰাত আৰু জীৱনৰ অৰ্থ বিচাৰি পোৱাত ল’গ’থেৰাপীৰ পৰা যথেষ্ট উপকাৰ লাভ কৰিব পাৰে।[22]
চিকিৎসাৰ পদ্ধতিসমূহ
[সম্পাদনা কৰক]এচ্চে হোমো (Ecce Homo) হৈছে ল’গ’থেৰাপীত ব্যৱহাৰ কৰা এটা গুৰুত্বপূৰ্ণ পদ্ধতি। এই পদ্ধতিত থেৰাপিষ্টে ৰোগীৰ জন্মগত শক্তি চিহ্নিত কৰে আৰু জীৱনত সন্মুখীন হোৱা প্ৰতিকূলতা, দুখ-কষ্ট আৰু বিপদৰ সৈতে কেনেকৈ মোকাবিলা কৰিছে সেয়া বিশেষভাৱে লক্ষ্য কৰে। এজন ব্যক্তিয়ে জীৱনত পোৱা সমস্ত দুখ-কষ্ট আৰু প্ৰতিকূলতাৰ কেনেকৈ সৰ্বোত্তম ব্যৱহাৰ কৰিছে সেয়া চিন্তা কৰিবলৈ ৰোগীক উৎসাহিত কৰা হয় ।
এই পদ্ধতিটোৰ নাম “এচ্চে হোমো” (লেটিন ভাষাত “চোৱা, মানুহজন” বা “Behold the Man”)। ইয়াত আন মানুহে কেনেকৈ তেওঁলোকৰ দুখ-কষ্টৰ মাজতো সৰ্বোত্তম দিশ বিচাৰি পাইছে সেয়া থেৰাপিষ্ট আৰু ৰোগীয়ে একেলগে লক্ষ্য কৰে।[23]
সমালোচনা
[সম্পাদনা কৰক]স্বৈৰাচাৰিতা
[সম্পাদনা কৰক]১৯৬১ চনত ৰল্লো মে’(Rollo May)ই যুক্তি দিছিল যে ল’গ’থেৰাপী মূলত: স্বৈৰাচাৰী। তেওঁৰ মতে, ভিক্টৰ ফ্ৰেংকলৰ এই চিকিৎসা পদ্ধতিয়ে মানৱ জীৱনৰ বিভিন্ন সমস্যাৰ এটা সহজ আৰু স্পষ্ট সমাধান আগবঢ়ায়। এনে কৰিবলৈ যাওঁতে মানৱ জীৱনৰ জটিলতা আৰু বহুমাত্ৰিক স্বৰূপক উপেক্ষা কৰি যোৱা হৈছে। মে’ই দাবী কৰিছিল যে, যদি কোনো ৰোগীয়ে নিজে জীৱনৰ কোনো অৰ্থ বা উদ্দেশ্য বিচাৰি নাপায়, তেন্তে ফ্ৰেংকলে তেওঁৰ বাবে এটা লক্ষ্য নিৰ্ধাৰণ কৰি দিব পাৰে। ইয়াৰ ফলত ৰোগীৰ ব্যক্তিগত দায়িত্ববোধ নষ্ট হয় আৰু “ স্বাধীন ব্যক্তি হিচাপে ৰোগীৰ মৰ্যাদা হ্ৰাস পায়”।[24]
ৰব্বি ৰেউভেন বুলকাৰ প্ৰবন্ধ " ইজ ল'গ'থেৰাপি অথৰিটেৰিয়ান?"(Is Logotherapy Authoritarian?) প্ৰকাশিত হোৱাৰ পিছত ফ্ৰেংকলে ৰল্লো মে’ৰ এই সমালোচনাৰ প্ৰত্যুত্তৰ দিছিল।[25] লিখিত সংলাপৰ জৰিয়তে ফ্ৰেংকলে কৈছিল যে তেওঁ প্ৰয়োজন অনুসৰি ল’গ’থেৰাপীৰ সৈতে ঔষধীয় চিকিৎসাও সংযুক্ত কৰে, যাতে ৰোগীয়ে নিজৰ মানসিক আৰু আৱেগিক প্ৰতিক্ৰিয়া সুস্থৰূপে নিয়ন্ত্ৰণ কৰিব পাৰে। তেওঁ স্বাধীনতা আৰু দায়িত্বৰ ক্ষেত্ৰসমূহৰ ওপৰত বিশেষ গুৰুত্ব দিছিল—য’ত ব্যক্তিজনে সম্পূৰ্ণ স্বাধীনভাৱে নিজৰ জীৱনৰ অৰ্থ অনুসন্ধান আৰু আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'ব পাৰে।[26]
ধৰ্মীয়তা
[সম্পাদনা কৰক]ল’গ’থেৰাপীৰ প্ৰতিষ্ঠাপক ভিক্টৰ ফ্ৰাংকলৰ জীৱন, চিন্তা আৰু ৰচনাৰ সমালোচনামূলক মূল্যায়নত কোৱা হয় যে তেওঁৰ ধৰ্মীয় পটভূমি[27] আৰু গভীৰ দুঃখভোগৰ অভিজ্ঞতাই “অৰ্থ” (meaning)-ৰ ধাৰণাটোক ব্যক্তিৰ অন্তৰ্জগতৰ পৰিসীমাৰ ভিতৰতে গঢ়ি তুলিবলৈ সহায় কৰিছিল।[28] সেইকাৰণে ল’গ’থেৰাপী মূলতঃ ফ্ৰাংকলৰ ব্যক্তিগত বিশ্বদৃষ্টিৰ ওপৰত নিৰ্মিত।[29] কিছুমান গৱেষকে যুক্তি আগবঢ়ায় যে ল’গ’থেৰাপী পৰম্পৰাগত অৰ্থত “বৈজ্ঞানিক” মানসিক চিকিৎসা-পদ্ধতি নহয়; বৰঞ্চ ই এক জীৱন-দৰ্শন, মূল্যবোধৰ এক সংগঠিত প্ৰণালী, অথবা এক ধৰ্ম-নিৰপেক্ষ ধৰ্ম (secular religion)। [30] তেওঁলোকৰ মতে, এই পদ্ধতিটো সম্পূৰ্ণৰূপে সুসংগত নহয় আৰু কিছুমান সন্দেহজনক অতিভৌতিক (মেটাফিজিক্যাল) ধাৰণাৰ ওপৰত নিৰ্ভৰশীল।[31]
ফ্ৰাংকলে নিজৰ সমগ্ৰ জীৱনজুৰি ধৰ্ম আৰু মনোৰোগ-বিজ্ঞান (psychiatry) বিষয়ত মুকলিকৈ আলোচনা কৰিছিল, বিশেষকৈ তেওঁৰ অন্তিম গ্ৰন্থ মেনছ চাৰ্ছ ফৰ আল্টিমেট মিনিং(Man's Search for Ultimate Meaning)ত। তেওঁ দাবী কৰিছিল যে প্ৰতিজন মানুহৰ মাজত এক “আধ্যাত্মিক অৱচেতন” (spiritual unconscious) থাকে, যি ধৰ্মীয় বিশ্বাস বা মতামতৰ পৰা স্বাধীন। কিন্তু, ফ্ৰাংকলৰ এই ধাৰণাই অৱশ্যেই ধৰ্মীয়তা সূচায় নে নাই, সেই কথা স্পষ্ট নহয়। ফ্ৰাংকলৰ ভাষাত: “সঁচা কথা ক'বলৈ হ'লে ল’গ’থেৰাপী ‘লোগ’ছ’ বা 'অৰ্থ'ৰ সৈতে সম্পৰ্কিত। ইয়াৰ মুখ্য উদ্দেশ্য হ’ল মানুহক নিজৰ জীৱনৰ অৰ্থ অনুধাৱন কৰিবলৈ সহায় কৰা। কিন্তু আমি আন কাৰোবাৰ জীৱনলৈ অৰ্থ ‘প্ৰদান’ কৰিব নোৱাৰো। যদি সাধাৰণ অৰ্থৰ ক্ষেত্ৰতো এইটো সত্য হয়, তেন্তে ‘চূড়ান্ত অৰ্থ’ (Ultimate Meaning)-ৰ ক্ষেত্ৰত ইয়াৰ প্ৰাসংগিকতা আৰু অধিক গভীৰ।”[32] আমেৰিকান চাইকিয়াত্ৰিক এছছিয়েছনে (American Psychiatric Association)-এ ১৯৮৫ চনত ভিক্টৰ ফ্ৰাংকলক ধৰ্ম আৰু মনোৰোগ-বিজ্ঞানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদানৰ বাবে অস্কাৰ ফিষ্টাৰ এৱাৰ্ড (Oskar Pfister Award)প্ৰদান কৰিছিল।[32]
শেহতীয়া বিকাশসমূহ
[সম্পাদনা কৰক]১৯৯০ৰ দশকৰ পৰা ল’গ’থেৰাপিৰ শিক্ষা আৰু প্ৰশিক্ষণ দিয়া প্ৰতিষ্ঠানৰ সংখ্যা বিশ্বজুৰি ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। ল’গ’থেৰাপিৰ বহুতো ধাৰণাক বিভিন্ন ক্ষেত্ৰত একত্ৰিত আৰু প্ৰয়োগ কৰা হৈছে, যেনে জ্ঞানমূলক আচৰণগত থেৰাপি (cognitive behavioral therapy)[33] গ্ৰহণ আৰু প্ৰতিশ্ৰুতি থেৰাপি (ACT)[34], আৰু বাৰ্নআউট প্ৰতিৰোধ (burnout prevention).[35]
ল’গ’থেৰাপিৰ ন’জেনিক নিউৰ’চিছ (noogenic neurosis) আৰু অস্তিত্বগত সংকটৰ ধাৰণাসমূহ ICD-11 ত ডিম’ৰেলাইজেচন ক্ৰাইচিছ (demoralisation crisis) নামেৰে সংযোজিত কৰা হৈছে।ফ্ৰেংকেলে ১৯৫০ চনত প্ৰথম বৰ্ণনা কৰা এই গঠনত হতাশা, অৰ্থহীনতা আৰু অস্তিত্বগত যন্ত্ৰণাক সামৰি লোৱা হৈছে ।[36][37]
ল’গ’থেৰাপিক মনোদৈহিক (psychosomatic) আৰু শাৰীৰিক স্বাস্থ্যৰ উন্নতিৰ সৈতে জড়িত কৰা হৈছে।[38][39][40][41][42][43] ল’গ’থেৰাপিৰ উপৰিও, অৰ্থ-কেন্দ্ৰিক মনো-চিকিৎসাৰ অন্যান্য পদ্ধতি, যেনে পজিটিভ চাইক’লজী আৰু মিনিং থেৰাপি উদ্ভৱ হৈছে।[44][45] পল ৱংৰ মিনিং থেৰাপিয়ে ল’গ’থেৰাপিক মনোবৈজ্ঞানিক পদ্ধতিলৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰে, য’ত জ্ঞানমূলক আচৰণগত থেৰাপি, পজিটিভ চাইক’থেৰাপি আৰু অৰ্থৰ ওপৰত পজিটিভ চাইক’লজিৰ গৱেষণাক একত্ৰিত কৰা হৈছে।[46][47] ল’গ’থেৰাপী অংক’লজী (oncology)[48][49] আৰু পেলিয়েটিভ কেয়াৰ (palliative care) ক্ষেত্ৰতো প্ৰয়োগ কৰা হৈছে (উইলিয়াম ব্ৰেইটবাৰ্ট)।[50] এই সাম্প্ৰতিক বিকাশসমূহে ভিক্টৰ ফ্ৰেংকেলৰ ল’গ’থেৰাপিক নতুন প্ৰজন্মৰ বাবে পৰিচয় কৰাই দিছে আৰু গৱেষণাৰ নতুন ক্ষেত্ৰলৈ ইয়াৰ প্ৰভাৱ বিস্তাৰিত কৰিছে।[51]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Proper palliative care makes assisted dying unnecessary" (en ভাষাত). The Economist. https://www.economist.com/open-future/2018/08/24/proper-palliative-care-makes-assisted-dying-unnecessary.
- 1 2 3 4 5 Maria Marshall; Edward Marshall (2012). Logotherapy Revisited: Review of the Tenets of Viktor E. Frankl's Logotherapy. প্ৰকাশক Ottawa: Ottawa Institute of Logotherapy. ISBN 978-1-4781-9377-7. OCLC 1100192135. https://books.google.com/books?id=gnZxPpqDjUUC। আহৰণ কৰা হৈছে: 16 February 2020.
- 1 2 3 4 Frankl, Viktor (1 June 2006). Man's Search for Meaning. Beacon Press. ISBN 978-0-8070-1427-1. https://archive.org/details/manssearchformea00vikt। আহৰণ কৰা হৈছে: 8 May 2012.
- ↑ Gordon Allport, from the Preface to Man's Search for Meaning, p. xiv
- ↑ "Logotherapy: The benefits of finding meaning in life" (en ভাষাত). Medical News Today. Archived from the original on 2018-09-18. https://web.archive.org/web/20180918012316/https://www.medicalnewstoday.com/articles/320814.php.
- ↑ "About". Viktor Frankl Institute Vienna. http://www.viktorfrankl.org/e/logotherapy.html। আহৰণ কৰা হৈছে: 22 May 2012.
- ↑ "About Logotherapy". Viktor Frankl Institute of Logotherapy. Archived from the original on 28 December 2017. https://web.archive.org/web/20171228110855/http://www.logotherapyinstitute.org/About_Logotherapy.html। আহৰণ কৰা হৈছে: 22 May 2012.
- 1 2 3 Adler, Nancy (November 1997). "Purpose in Life". MacArthur FoundationPsychosocial workgroup. Archived from the original on 2019-03-22. https://web.archive.org/web/20190322053400/https://www.macses.ucsf.edu/research/psychosocial/purpose.php। আহৰণ কৰা হৈছে: 2011-11-03.
- ↑ Nasution, Rahmi Azrina; Safitri, Raihan; Wulandini, Sahyu; Panjaitan, Rita; Radiah, Radiah; Al Jannah, Wardah; Nabila, Masayu; Aulia, Miftah et al. (2024-07-18). "Enhancing Adolescents' Psychological Well-Being through Logotherapy-Based Psychoeducation". Jurnal Psikologi Terapan খণ্ড 7 (1). doi:10.29103/jpt.v7i1.19684. ISSN 2962-5661. https://doi.org/10.29103/jpt.v7i1.19684.
- ↑ Adhiya-Shah, Khushali (2016-11-16). "Book Review: Man's Search for Meaning (Victor Frankl)". Frontiers in Psychology খণ্ড 7. doi:10.3389/fpsyg.2016.01493. ISSN 1664-1078.
- ↑ Dufton, Brian (Spring 1986). "The association between religiosity and the Purpose-in-Life test: Does it reflect purpose or satisfaction?". Journal of Psychology and Theology (Biola University) খণ্ড 14 (1): 42–48. doi:10.1177/009164718601400105. http://journals.biola.edu/jpt/volumes/14/issues/1/articles/42.
- ↑ Harlow, Lisa L.; Newcomb, Michael D.; Bentler, P. M (Sep 1987). "Purpose in Life Test assessment using latent variable methods.". British Journal of Clinical Psychology খণ্ড 26 (3): 235–236. doi:10.1111/j.2044-8260.1987.tb01355.x. PMID 3664045. https://digitalcommons.uri.edu/psy_facpubs/271.
- ↑ Crumbaugh, James C. (July 1977). "The seeking of noetic goals test (SONG): A complementary scale to the purpose in life test (PIL)". Journal of Clinical Psychology (Wiley) খণ্ড 33 (3): 900–907. doi:10.1002/1097-4679(197707)33:3<900::AID-JCLP2270330362>3.0.CO; 2-8. PMID 893732. https://archive.org/details/sim_journal-of-clinical-psychology_1977-07_33_3/page/900.
- 1 2 3 4 5 6 7 8 9 10 Frankl, Viktor (12 October 1986). The Doctor and the Soul: From Psychotherapy to Logotherapy. Random House Digital, Inc.. ISBN 978-0-394-74317-2. https://books.google.com/books?id=v_qiURM2r2MC। আহৰণ কৰা হৈছে: 17 May 2012.
- ↑ Frankl, Viktor E. (2014-06-24). The will to meaning : foundations and applications of logotherapy (Expanded সম্পাদনা). প্ৰকাশক New York, New York. ISBN 9781101664025. OCLC 934802526. https://archive.org/details/willtomeaningfou0000fran.
- ↑ Frankl, Viktor (1 September 1988). The Will to Meaning: Foundations and Applications of Logotherapy. Meridian. ISBN 978-0-452-01034-5. https://archive.org/details/willtomeaningfou00fran_0। আহৰণ কৰা হৈছে: 17 May 2012.
- ↑ Sanders, Tim (27 October 2008). "A Chatterer's Guide to Easing Anxiety". The New York Times. https://www.nytimes.com/2008/11/27/travel/27iht-25flier.18204176.html.
- 1 2 3 4 5 6 7 8 9 10 11 Boeree, C. George (2006). "Viktor Frankl". Shippensburg University. http://webspace.ship.edu/cgboer/frankl.html.
- ↑ Frankl, Victor (1959). Man's Search for Meaning. Beacon Press. ISBN 080701429X. https://archive.org/details/manssearchformea00vikt.
- ↑ Nietzsche, Friedrich (1889). Twilight of the Idols, or, How to Philosophize with a Hammer. Penguin Publishing. ISBN 978-0140445145.
- ↑ Weisskopf-Joelson, Edith (November 1955). "Some comments on a Viennese school of psychiatry.". The Journal of Abnormal and Social Psychology খণ্ড 51 (3): 701–703. doi:10.1037/h0045771. PMID 13286026. https://doi.org/10.1037/h0045771.
- ↑ Zuehlke, T.E.; Watkins, J.T. (1977). "Psychotherapy with Terminally Ill Patients". Psychotherapy: Theory, Research & Practice খণ্ড 14 (4): 403–410. doi:10.1037/h0087512. https://archive.org/details/sim_psychotherapy_winter-1977_14_4/page/403.
- ↑ Viktor Frankl, The Will to Meaning, Penguin Publishing Group, Kindle edition, p. 94.
- ↑ Rollo May (1969). Existential psychology. Random House. পৃষ্ঠা. 42. ISBN 9780075535782. https://books.google.com/books?id=BWRZHZrR4IYC। আহৰণ কৰা হৈছে: 21 May 2012. (First Edition 1961)
- ↑ Bulka, Reuven P. (Fall 1978). "Is Logotherapy Authoritarian?". Journal of Humanistic Psychology খণ্ড 18 (4): 45–54. doi:10.1177/002216787801800406. https://archive.org/details/sim_journal-of-humanistic-psychology_fall-1978_18_4/page/45.
- ↑ Frankl, Viktor (Fall 1979). "Reply to Rollo May". Journal of Humanistic Psychology খণ্ড 19 (4): 85–86. doi:10.1177/002216787901900410. https://archive.org/details/sim_journal-of-humanistic-psychology_fall-1979_19_4/page/85.
- ↑ Grollman, Earl (1965). "The logotherapy of Viktor E. Frankl". Judaism (New York: American Jewish Congress) খণ্ড 14 (1): 22–38. ISSN 0022-5762. https://archive.org/details/sim_judaism_winter-1965_14_1/page/22.
- ↑ Pytell, T. (2006). "Transcending the Angel Beast: Viktor Frankl and Humanistic Psychology". Psychoanalytic Psychology খণ্ড 23 (3): 490–503. doi:10.1037/0736-9735.23.3.490. https://archive.org/details/sim_psychoanalytic-psychology_summer-2006_23_3/page/490.
- ↑ Pytell, T. (2007). "Extreme Experience, Psychological Insight, and Holocaust Perception: Reflections on Bettelheim and Frankl". Psychoanalytic Psychology খণ্ড 24 (4): 641–657. doi:10.1037/0736-9735.24.4.641. https://archive.org/details/sim_psychoanalytic-psychology_2007-10_24_4/page/641.
- ↑ Weisskopf-Joelson, Edith (1975). "Logotherapy: Science or faith?". Psychotherapy: Theory, Research & Practice খণ্ড 12 (3): 238–240. doi:10.1037/h0086435. https://archive.org/details/sim_psychotherapy_fall-1975_12_3/page/238.
- ↑ Reitinger, Claudia (July 2015). "Viktor Frankl's Logotherapy from a Philosophical Point of View". Existential Analysis: Journal of the Society for Existential Analysis খণ্ড 26 (2): 344–357.
- 1 2 Frankl, Viktor (10 August 2000). Man's search for ultimate meaning. Perseus Pub.. ISBN 978-0-7382-0354-6. https://books.google.com/books?id=_hcQAQAAMAAJ। আহৰণ কৰা হৈছে: 10 May 2012.
- ↑ Ameli, Matti; Dattilio, Frank M. (2013). "Enhancing cognitive behavior therapy with logotherapy: Techniques for clinical practice." (en ভাষাত). Psychotherapy খণ্ড 50 (3): 387–391. doi:10.1037/a0033394. ISSN 1939-1536. PMID 24000857. https://archive.org/details/sim_psychotherapy_2013-09_50_3/page/387.
- ↑ Sharp, William G.; Wilson, Kelly G.; Schulenberg, Stefan E. (December 2004). "Use of Paradoxical Intention in the Context of Acceptance and Commitment Therapy". Psychological Reports খণ্ড 95 (3): 946–948. doi:10.2466/pr0.95.3.946-948. ISSN 0033-2941. PMID 15666933.
- ↑ Riethof, Norbert; Bob, Petr (2019-06-14). "Burnout Syndrome and Logotherapy: Logotherapy as Useful Conceptual Framework for Explanation and Prevention of Burnout". Frontiers in Psychiatry খণ্ড 10. doi:10.3389/fpsyt.2019.00382. ISSN 1664-0640. PMID 31258490.
- ↑ Kissane, David W.; Clarke, David M.; Street, Annette F. (March 2001). "Demoralization Syndrome — a Relevant Psychiatric Diagnosis for Palliative Care". Journal of Palliative Care খণ্ড 17 (1): 12–21. doi:10.1177/082585970101700103. ISSN 0825-8597. PMID 11324179. https://archive.org/details/sim_journal-of-palliative-care_spring-2001_17_1/page/n13.
- ↑ Clarke, David M.; Kissane, David W. (December 2002). "Demoralization: Its Phenomenology and Importance". Australian & New Zealand Journal of Psychiatry খণ্ড 36 (6): 733–742. doi:10.1046/j.1440-1614.2002.01086.x. ISSN 0004-8674. PMID 12406115.
- ↑ Cohen, Randy; Bavishi, Chirag; Rozanski, Alan (2016). "Purpose in Life and Its Relationship to All-Cause Mortality and Cardiovascular Events". Psychosomatic Medicine খণ্ড 78 (2): 122–133. doi:10.1097/psy.0000000000000274. ISSN 0033-3174. PMID 26630073.
- ↑ Rodriguez, L. (January 1939). "Additions à la flore des Antilles françaises". Bulletin de la Société Botanique de France খণ্ড 86 (2): 175–177. doi:10.1080/00378941.1939.10834168. ISSN 0037-8941.
- ↑ "Life expectancy at birth: women". OECD Factbook 2006: Economic, Environmental and Social Statistics. doi:10.1787/530655752103. http://dx.doi.org/10.1787/530655752103.
- ↑ Koizumi, M. (2008). "Effect of having a sense of purpose in life on the risk of death from cardiovascular diseases.". Journal of Epidemiology খণ্ড 18 (5): 191–196. doi:10.2188/jea.JE2007388. PMID 18753736.
- ↑ Kim, Eric S.; Sun, Jennifer K.; Park, Nansook; Kubzansky, Laura D.; Peterson, Christopher (2012-02-23). "Purpose in life and reduced risk of myocardial infarction among older U.S. adults with coronary heart disease: a two-year follow-up". Journal of Behavioral Medicine খণ্ড 36 (2): 124–133. doi:10.1007/s10865-012-9406-4. ISSN 0160-7715. PMID 22359156.
- ↑ Yu, Lei; Boyle, Patricia A.. Stroke খণ্ড 46 (4): 1071–1076. doi:10.1161/strokeaha.114.008010. ISSN 0039-2499. PMID 25791714.
- ↑ Wong, P. T. P. (1997). Meaning-centered counselling: A cognitive-behavioral approach to logotherapy. The International Forum for Logotherapy, 20(2), 85–94.
- ↑ Wong, P. T. P. (2012). From logotherapy to meaning-centered counseling and therapy. In P. T. P. Wong (Ed.), The human quest for meaning: Theories, research, and applications (2nd ed., pp. 619–647). New York, NY: Routledge.
- ↑ Wong, P. T. P. (2016). Integrative meaning therapy: From logotherapy to existential positive interventions. In P. Russo-Netzer, S. E. Schulenberg, & A. Batthyany (Eds.). To thrive, to cope, to understand: Meaning in positive and existential psychotherapy (pp. 0–0). New York, NY: Springer.
- ↑ Wong, P. T. P. (2014). Viktor Frankl's meaning seeking model and positive psychology. In A. Batthyany & P. Russo-Netzer (Eds.), Meaning in existential and positive psychology (pp. 149–184). New York, NY: Springer.
- ↑ Breitbart, W. S. & Poppet, S. R. (2014). Meaning-centered group psychotherapy for patients with advanced cancer: A treatment manual. New York, NY: Oxford.
- ↑ Breitbart, W. S. & Poppet, S. R. (2014). Individual meaning-centered psychotherapy for patients with advanced cancer: A treatment manual. New York, NY: Oxford.
- ↑ Breitbart, William; Heller, Karen S. (2003). "Reframing Hope: Meaning-Centered Care for Patients Near the End of Life". Journal of Palliative Medicine খণ্ড 6 (6): 979–988. doi:10.1089/109662103322654901. ISSN 1096-6218. PMID 14733692.
- ↑ Batthyany, A., & Russo-Netzer, P. (2014). Meaning in positive and existential psychology. New York, NY: Springer.