শংকৰদেৱৰ নাট
| এই প্ৰবন্ধ বা অনুচ্ছেদ শংকৰদেৱ নামৰ প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |
মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱ কেৱল ধৰ্ম প্ৰচাৰকেই নহয়, তেওঁ আছিল কৰ্মনিষ্ঠ সাধক, সংস্কাৰক, সাহিত্যিক। কীৰ্তন, ভাগৱত, গীতাৱলী আদিত হাজাৰ হাজাৰ পদ ৰচনা কৰা উপৰিও তেখেতে কেইবাখনো নাট ৰচনা কৰে।[1] শংকৰদেৱে প্ৰথম ৰচনা কৰা প্ৰথম নাট চিহ্নযাত্ৰা। চৰিত পুথি মতে তেখেতে ছয়খন অংকীয়া নাট ৰচনা কৰাৰ আগতে চিহ্নযাত্ৰা নামেৰে এখন নাট ৰচনা কৰি সকলোকে চমৎকৃত কৰিছিল।[1] শংকৰদেৱে ৰচনা কৰা অংকীয়া নাট কেইখন হৈছে পত্নীপ্ৰসাদ, কালিয়দমন, কেলিগোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ আৰু ৰামবিজয়।[2]
পত্নীপ্ৰসাদ
[সম্পাদনা কৰক]ভাগৱতৰ দশম স্কন্ধৰ ত্ৰয়োবিংশ অধ্যায়ৰ ভেটিত এই নাটকৰ কথাবস্তু ৰচিত হৈছে। শংকৰদেৱ উজনি অসমত থকা কালছোৱাৰ শেষৰ ফালে নাটখন ৰচনা হোৱা বুলি বহুতে সমালোচকে মত পোষণ কৰে।[2]
কালিয়দমন
[সম্পাদনা কৰক]ভাগৱতৰ দশম স্কন্ধৰ ষোড়শ-সপ্তদশ অধ্যায়ৰ বিৱৰণৰ ভেটিত এই নাট ৰচনা কৰা হয়। নাটকখনত বৰ্ণনাত্মক ৰীতিৰ প্ৰাধান্য ঘটা দেখা যায়।[1]
কেলিগোপাল
[সম্পাদনা কৰক]ভাগৱতৰ দশমস্কন্ধৰ ঊনত্ৰিংশ অধ্যায়ৰ পৰা ত্ৰয় : ত্ৰিংশ অধ্যায়ত কৃষ্ণৰ ৰাসলীলা বৰ্ণনা কৰিছে। অধ্যায় পাঁচটাক সাধাৰণতে ৰাস পঞ্চাধ্যায় বোলা হয়। কেলিগোপাল নৃত্যগীতমুখৰ নাট।[2]
ৰুক্মিণীহৰণ
[সম্পাদনা কৰক]শংকৰদেৱৰ নাট ছয়খনৰ ভিতৰত ৰুক্মিণীহৰণেই কলেৱৰত ডাঙৰ। ৰুক্মিণীহৰণেৰ কথাবস্তু ভাগৱত পুৰাণৰ পৰা সংগ্ৰহ কৰা। হৰিবংশৰ প্ৰভাৱ ইয়াত নাই।[2]
পাৰিজাতহৰণ
[সম্পাদনা কৰক]পাৰিজাতহৰণৰ মূল কাহিনী ভাগৱত-পুৰাণ, হৰিবংশ আৰু বিষ্ণুপুৰাণত পোৱা যায়। শংকৰদেৱৰ ছখন নাটৰ ভিতৰত নাটধৰ্মত পাৰিজাতহৰণক শ্ৰেষ্ঠ বুলিব পাৰি। ৰামচৰণ ঠাকুৰৰ শংকৰ চৰিত মতে দ্বিতীয় বাৰ তীৰ্থ ভ্ৰমণৰ পৰা উভতি আহি শংকৰদেৱে পাৰিজাতহৰণ নাটখন ৰচনা কৰে।[2]
ৰামবিজয়
[সম্পাদনা কৰক]ৰামবিজয় শংকৰদেৱৰ শেষৰ নাট। ৰামবিজয় নাটখন যে শংকৰদেৱৰ শেষ ৰচনা সেই কথা নাটখনৰ সামৰণি শ্লোকৰ পৰা গম পোৱা যায়। নাটখনৰ কথাবস্তু ৰামায়ণৰ আদিকাণ্ডৰ পৰা লোৱা হৈছে।[1]