শংকৰদেৱ শিশু নিকেতন, কৰৰা
শংকৰদেৱ শিশু নিকেতন, কৰৰা Shankardev Shishu Niketan, Karara | |
স্বয়মেৱ মৃগেন্দ্ৰতা নিজ গুণ আৰু কৰ্মৰে বলীয়ান হোৱা
| |
অৱস্থান | |
---|---|
ননৰা, বাইহাটা চাৰিআলি,কামৰূপ, অসম ৭৮১৩৮১, ভাৰত | |
প্ৰাথমিক তথ্যসমূহ | |
প্ৰকাৰ | ব্যক্তিগত |
প্ৰতিষ্ঠাকাল | ১৯৯৫ চন |
বিদ্যালয়ৰ বিভাগ | প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিক শ্ৰেণী |
অধ্যক্ষ | দ্বিজেন কুমাৰ শৰ্মা |
লিঙ্গ | সহশিক্ষা |
মাধ্যম | অসমীয়া |
কেম্পাছ | গ্ৰাম্য |
অন্তৰ্ভূক্তি | SEBA |
আচাৰ্য্য-আচাৰ্য্যা | ২৫-৩০ গৰাকী |
শংকৰদেৱ শিশু নিকেতন, কৰৰা (ইংৰাজী : Shankardev Shishu Niketan, Karara) অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী ননৰাত অৱস্থিত এখন বিদ্যালয়। সৰ্বভাৰতীয় সংস্থা বিদ্যা ভাৰতী পৰিষদৰ অন্তৰ্গত শিশু শিক্ষা সমিতি, অসমৰ যোগেৰে স্থাপিত হোৱা শংকৰদেৱ শিশু/বিদ্যা নিকেতনসমূহৰ অংশস্বৰূপে এই বিদ্যালয়খন ১৯৯৫ চনৰ ৫ জানুৱাৰীত স্থাপিত হৈছিল। বিদ্যালয়খন স্থাপন হোৱাৰ পিছত প্ৰথম কেইবছৰমান কৰৰা মিনি ষ্টেডিয়ামৰ সন্মুখৰ স্থান এটাত অস্থায়ীভাৱে পাঠদান চলিছিল যদিও পিছত স্কুলখন ওচৰৰ ননৰাস্থিত নিজা মাটিলৈ স্থানান্তৰিত হয়। বিদ্যালয়খনত শিশুৰ বাবে অংকুৰ, মুকল শ্ৰেণীৰ উপৰি প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ মুঠ বাৰটা শ্ৰেণী আছে।
বিদ্যালয়খনৰ পৰা ২০০৫ চনত প্ৰথমটো শ্ৰেণীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱত্তীৰ্ণ হৈছিল। ইতিমধ্যে ২০০৭ আৰু ২০১০ চনত বিদ্যালয়খনৰ পৰা দুজন ছাত্ৰই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।
বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে ২৫টা গৌৰৱময় বৰ্ষ অতিক্ৰম কৰিবলৈ লোৱা বিদ্যালয়খনত ২০১৯ চনৰ ৫ জানুৱাৰীৰ পৰা ২০২০ চনৰ ৫ জানুৱাৰীলৈ বছৰজোৰা কাৰ্য্যসূচীৰে "ৰূপালী জয়ন্তী"ৰ কাৰ্য্যসূচী হাতত লোৱা হৈছে।