শংকৰদেৱ শিশু নিকেতন, চিলাপথাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

শংকৰদেৱ শিশু নিকেতন,চিলাপথাৰ (Sankardev Sishu Niketon, Silapathar) ধেমাজি জিলাচিলাপথাৰ নগৰৰ দক্ষিণ পশ্চিম দিশৰ বামগাঁৱ (ৱাৰ্ড নং-১২) ত অৱস্থিত এখন বিদ্যালয়।

ইতিহাস[সম্পাদনা কৰক]

ভাৰতীয় আদৰ্শৰ অনুকূলে শিক্ষা পদ্ধতিৰ পৰিবৰ্তন অনাৰ মানসেৰে গঠিত অখিল ভাৰতীয় শিক্ষা প্ৰতিষ্ঠান "বিদ্যা ভাৰতী" ৰ তত্বাৱধানত অসমতো কেইগৰাকীমান শিক্ষানুৰাগীৰ জৰিয়তে "শিশু শিক্ষা সমিতি, অসম" নামেৰে এটা শৈক্ষিক সংস্থা গঠন হয়। এই সংস্থাৰ তত্বাৱধানত ১৯৭৯ চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনা অসমৰ প্ৰথম খন শিশু কুঞ্জ প্ৰতিষ্ঠিত হয় গুৱাহাটীৰ অম্বিকাগিৰি নগৰত। এই বিদ্যালয়ৰ পিছতে শংকৰদেৱ শিশু নিকেতন, বিষ্ণুপথ প্ৰতিষ্ঠা হয় আৰু ক্ৰমে সমগ্ৰ অসমৰ বিভিন্ন অঞ্চলত এই বিদ্যালয়সমূহ প্ৰতিষ্ঠা হয়৷

চিলাপথাৰৰ মাজ মজিয়াত ১৯৯৬ চনৰ ১ জানুৱাৰীত শংকৰদেৱ শিশু নিকেতন,চিলাপথাৰ প্ৰতিষ্ঠা কৰা হয়। প্ৰয়োজনীয় ব্যৱস্থাৰ অভাৱৰ বাবে দুবাৰকৈ স্থান সলনি কৰাৰ পাছত শংকৰদেৱ শিশু নিকেতনখনিৰ অৱশেষত চিলাপথাৰৰ বামগাঁৱত বৰ্তমান স্থায়ী ভাৱে গৃহ নিৰ্মাণ হয়। বিভিন্নজন শিক্ষানুৰাগী ব্যক্তিয়ে আৰ্থিক কায়িক আৰু মানসিক বৰঙণি আগবঢ়াই অগ্ৰগতিৰ দিশে নিকেতন খনি আগুৱাই যোৱাত সহযোগিতা কৰিছে। চিলাপথাৰৰ ব্যৱসায়ী সমাজকৰ্মী মোহন হিমানীয়ে নিকেতন খনৰ শিশু শাখাটোৰ বাবে প্ৰয়োজনীয় মাটি দান হিচাপে আগবঢ়োৱাৰ লগতে আৰু গৃহ নিৰ্মাণ কৰি দিয়ে৷ তেওঁৰ স্বৰ্গীয় পিতৃ-পুৰুষৰ স্মৃতিত নিকেতনখনক "লক্ষ্মীনাৰায়ন ৰামানন্দ হিমানী সোঁৱৰণী শংকৰদেৱ শিশু নিকেতন, চিলাপথাৰ" (LNRH memorial Sankardev Sishu Niketon, Silapathar) নামেৰে নামকৰণ কৰা হয়।

সা-সুবিধা[সম্পাদনা কৰক]

নিকেতনখনত উপলব্ধ ব্যৱস্থাসমূহ হৈছে-

  • নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰে সদাচাৰৰ নিয়মিত শিক্ষা আৰু বন্দনাৰ যোগেদি আধ্যাত্মিকতাৰ শিক্ষাদান।
  • সংগীত শিক্ষাৰ যোগে মানসিক প্ৰফুল্লতা অনা, দেশপ্ৰেমমূলক গীতৰ মাধ্যমেৰে শিশুৰ মনত স্বদেশ প্ৰেমৰ ভাৱ জগাই তোলা।
  • শিশুৰ শাৰীৰিক বিকাশৰ বাবে শাৰীৰিক শিক্ষাৰ ব্যৱস্থা।
  • নিৰোগী শৰীৰ গঠনৰ বাবে বিভিন্ন যোগাসনৰ শিক্ষা দান ব্যৱস্থা।
  • সংস্কৃত ভাষা শিক্ষাৰ মাধ্যমেৰে হেৰুওৱাৰ উপক্ৰম হোৱা অথচ বৰ্তমানেও প্ৰায়োগিক দিশত থকা জ্ঞান প্ৰদান আৰু সমাজ সংস্কাৰৰ ব্যৱস্থা প্ৰতিষ্ঠাৰ বিচাৰ ধাৰাৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা।
  • প্ৰায়োগিক ক্ষেত্ৰত কামত অহা চিত্ৰাংকণ আৰু বিভিন্ন হাতৰ কামৰ শিক্ষা।
  • কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থা।
  • শিক্ষনীয় বিষয়- অসমীয়া, সংস্কৃত, হিন্দী, ইংৰাজী, সমাজ বিদ্য়া, গণিত, বিজ্ঞান, সংগীত, শাৰীৰিক, যোগ, হস্তকলা, কম্পিউটাৰ, নীতি শিক্ষা, সাধাৰণ।
  • অতিৰিক্ত শিক্ষা জ্ঞান আহৰণৰ বাবে পুথিভঁৰাল ব্যৱস্থা।
  • ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিদ্য়ালয়, সংকুল, বিভাগ, প্ৰান্তীয় আৰু সৰ্ব ভাৰতীয় স্তৰত ক্ৰীড়া প্ৰতিযোগিতাত অংশ গ্ৰহণৰ সুবিধা।
  • প্ৰান্তীয় আৰু ৰাষ্ট্ৰীয় স্তৰত বিজ্ঞান মেলাত অংশ গ্ৰহণৰ সুবিধা।
  • প্ৰান্তীয় আৰু ৰাষ্ট্ৰীয় স্তৰৰ প্ৰশ্ন-মঞ্চত অংশগ্ৰহণৰ সুবিধা।
  • বিজ্ঞানাগাৰৰ সুবিধা।
  • বালিকা শিক্ষাৰ ব্যৱস্থা
  • নিকেতনৰ বাৰ্ষিক আলোচনী 'ভাৰতী' আৰু প্ৰাচীৰ পত্ৰিকা 'প্ৰকাশ' ৰ যোগে ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা বিকাশৰ সুবিধা।
  • তিনিমহীয়া বাৰ্তালোচনী "বিদ্যাভাৰতী সংবাদ" ৰ যোগেদি বিদ্যাভাৰতীৰ লগতে শিশু শিক্ষা সমিতি, অসমৰ নিকেতন সমূহৰ কৰ্মৰাজীৰ নিয়মীয়া বাৰ্তা আৰু জ্ঞান লাভৰ ব্যৱস্থা।

শিশু শিক্ষা সমিতি, অসমে সময়ে সময়ে উপলব্ধ কৰোৱা ব্যৱস্থা সমুহ তৎকালীন ভাবে নিকেতনতো উপলব্ধ কৰোৱা হয়।