সমললৈ যাওক

শংকৰ মিশ্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহামহোপাধ্যায়

শংকৰ মিশ্ৰ
शंकर मिश्र
ব্যক্তিগত
ধৰ্ম হিন্দু
পিতৃ-মাতৃ ভবনাথ মিশ্ৰ (আয়াছী মিশ্ৰ)
যুগ ১৫শ শতিকা
অঞ্চল মিথিলা অঞ্চল
বিদ্যালয় বৈশেষিক
মুখ্য আগ্ৰহ বৈশেষিক সূত্ৰ, ন্যায় শাস্ত্ৰ
মাতৃশিক্ষায়াতন প্ৰাচীন মিথিলা বিশ্ববিদ্যালয়
জনা যায় উপস্কাৰ ( বৈশেষিক সূত্ৰৰ ওপৰত মন্তব্য)
অন্য নাম শংকৰ মিশ্ৰ
জীৱিকা দাৰ্শনিক, শিক্ষক

শংকৰ মিশ্ৰ, পঞ্চদশ শতিকাৰ সময়ছোৱাত মিথিলাত এজন ভাৰতীয় বৈদিক পণ্ডিত আছিল। তেওঁ ভাৰতীয় দৰ্শনৰ বৈশেষিক চিন্তাধাৰাৰ পণ্ডিত আছিল।[1][2][3][4] বৈশেষিক দৰ্শন ভাৰতীয় দৰ্শনৰ ছয়টা ধাৰাৰ ভিতৰত অন্যতম।

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

ভাৰতবিহাৰৰ মিথিলা অঞ্চলৰ মধুবনী জিলাৰ সৰিসব পাহি[5] (অসমীয়া উচ্চাৰণ “চৰিচব পাহি’’) গাঁৱত এক মৈথিল ব্ৰাহ্মণ পৰিয়ালত শংকৰ মিশ্ৰৰ জন্ম হৈছিল। তেওঁ ন্যায় শাস্ত্ৰৰ পণ্ডিত আয়াছী মিশ্ৰ ( ভৱনাথ মিশ্ৰ)ৰ পুত্ৰ।[1] কিংবদন্তি অনুসৰি ভগৱান শিৱ নিজেই পণ্ডিত আয়াছী মিশ্ৰৰ পুত্ৰ হিচাপে শংকৰ মিশ্ৰৰ ৰূপত অৱতাৰ লোৱা বুলি কোৱা হয়।[5] কোৱা হয় যে শংকৰ মিশ্ৰই মিথিলাৰ ৰজা ভৈৰৱসিংহৰ দৰবাৰত সংস্কৃত শ্লোকত নিজৰ পৰিচয় দিছিল, যেতিয়া তেওঁৰ বয়স মাত্ৰ পাঁচ বছৰ আছিল।[6][7]

সংস্কৃত শ্লোকটো আছিল,

बालोऽहं जगदानन्द नमे बाला सरस्वती।
अपूर्णे पञ्चमे वर्षे वर्णयामि जगत्त्रयम्॥[8]

শিশু ল’ৰাটোৰ অদ্ভুত কাব্য প্ৰতিভাৰদ্বাৰা ৰজা প্ৰভাবিত হৈছিল। তাৰ পাছত ৰজাই কণমানি ল’ৰা শংকৰ মিশ্ৰক পুৰস্কাৰ হিচাপে এডাল সোণৰ হাৰ প্ৰদান কৰিলে। ইয়াৰ পিছত সৰু ল’ৰাটোৰ পিতৃ আয়াছী মিশ্ৰই ল’ৰাটোৰ জন্মৰ সময়ত ল’ৰাটোৰ মাকক সহায় কৰা চামাইন[9] বুলিও কোৱা ধাইগৰাকীক সোণৰ হাৰডাল উপহাৰ দিলে। কোৱা হয় যে, শংকৰ মিশ্ৰৰ জন্মৰ সময়ত তেওঁৰ পিতৃ-মাতৃৰ হাতত ধাইক মাননি বা উপহাৰ দিবলৈ টকা নাছিল, সেয়েহে ধাইগৰাকীক প্ৰতিশ্ৰুতি দিছিল যে, তেওঁলোকে পুত্ৰৰ প্ৰথমটো উপাৰ্জন প্ৰসূতিৰ সেৱাৰ মাননি হিচাপে উপহাৰ দিব। ইয়াৰ উপৰি কোৱা হয় যে, ধাইগৰাকীয়ে উপহাৰস্বৰূপে পোৱা সোণৰ হাৰৰ ধনেৰে গাঁওখনত এটা পুখুৰী খনন কৰিছিল।[2]

শৈক্ষিক জীৱন আৰু বৃত্তি

[সম্পাদনা কৰক]

শংকৰ মিশ্ৰই তেওঁৰ গ্ৰন্থসমূহত উল্লেখ কৰিছিল যে, তেওঁৰ পিতৃ আয়াছী মিশ্ৰই কন্ঠ বিদ্যা পৰম্পৰাৰ অধীনত সকলো জ্ঞান দিছিল। কণ্ঠ বিদ্যা মানে মৌখিক আবৃত্তিৰ দ্বাৰা লাভ কৰা জ্ঞান। তেওঁ উল্লেখ কৰিছিল যে, তেওঁ লিখা সকলো গ্ৰন্থ পিতৃৰ পৰা পোৱা জ্ঞানৰ পৰা সৃষ্ট। পিতৃৰ মুখৰ পৰা মৌখিক আবৃত্তি শুনি তেওঁ গ্ৰন্থবোৰ লিখিছিল।[6] তেওঁ ঊনৈশখন গ্ৰন্থ লিখিছিল।[5]

শংকৰ মিশ্ৰ বৈদিক ঋষি মহৰ্ষি কণাদৰ বৈশেষিক সূত্ৰৰ ওপৰত লিখা টীকা উপস্কাৰৰ বাবে সুপৰিচিত। কোৱা হয় যে তেওঁ হয়তো ১৪৬২ খ্ৰীষ্টাব্দৰ আগতে উপস্কাৰ টীকা গ্ৰন্থখন ৰচনা কৰিছিল।[4]

একেদৰে তেওঁ ৰসৰ্ণৱ নামেৰে জনাজাত সংস্কৃত গ্ৰন্থ ৰচনা কৰিছিল, যিখন সংস্কৃত সাহিত্যৰ অতি বিখ্যাত গ্ৰন্থ। পিছলৈ ১৯২০ চনত পণ্ডিত অমৰনাথ ঝাই ইয়াৰ সম্পাদনা কৰে।[10]

সংস্কৃত সাহিত্য আৰু ভাৰতীয় দৰ্শনলৈ আগবঢ়োৱা অৱদানৰ বাবে শংকৰ মিশ্ৰক মহামহোপাধ্যায় সন্মানীয় উপাধিৰে সন্মানিত কৰা হয়।[10]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 www.wisdomlib.org (2020-11-08). "Śaṅkara Miśra's Introduction" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/vaisheshika-sutra-commentary/d/doc427550.html। আহৰণ কৰা হৈছে: 2024-10-27. 
  2. 2.0 2.1 Ajit Gargeshwari. Vada Vinoda San Mishra Sankara Ed. Ganganath Jha. https://archive.org/details/VadaVinodaSanMishraSankaraEd.GanganathJha. 
  3. Pritha Sundaram. Vaisesika Aphorisms Of Kanada Upaskara Of Sankara Mishra & Vivritti Of Jayanarayana Archibald Edward Gough. https://archive.org/details/vaisesikaaphorismsofkanadaupaskaraofsankaramishravivrittiofjayanarayanaarchibaldedwardgough_202_11_d. 
  4. 4.0 4.1 www.wisdomlib.org (2024-08-20). "3. Authors of Vaisheshika (g): Sankara Misra (1462 A.D.)" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/essay/nyaya-vaisheshika-critical-and-historical-study/d/doc1455895.html। আহৰণ কৰা হৈছে: 2024-10-27. 
  5. 5.0 5.1 5.2 "भगवान शंकर खुद अयाची मिश्र के पुत्र के रूप में अवतार लिए". Hindustan. https://www.livehindustan.com/bihar/muzaffarpur/story-lord-shankar-himself-incarnated-as-the-son-of-ayyachi-mishra-1478260.html. 
  6. 6.0 6.1 "जब भवनाथ मिश्र बने अयाची". Hindustan. https://www.livehindustan.com/bihar/madhubani/story-when-bhagwan-mishra-became-the-ayachi-1429085.html. 
  7. Jhā, Lakṣmīnātha (1999) (hi ভাষাত). Mithilā kī sāṃskr̥tika lokacitrakalā. Mitranātha Jhā. পৃষ্ঠা. 28. https://books.google.com/books?id=5GkcAAAAMAAJ. 
  8. झा, शिवनाथ (2022-04-26). "मिथिला के धरोहर पुरुष 'अयाची मिश्र' : बालोऽहं जगदानन्द नमे बाला सरस्वती। अपूर्णे पञ्चमे वर्षे वर्णयामि जगत्त्रयम्॥" (en-US ভাষাত). आर्यावर्तइण्डियननेशन - aryavartaindiannation. https://www.aryavartaindiannation.com/archaeology/mithila-and-heritage-of-sarisab-pahi#। আহৰণ কৰা হৈছে: 2024-11-03. 
  9. "CM hails Ayachi study model". The Telegraph Online. https://www.telegraphindia.com/bihar/cm-hails-ayachi-study-model/cid/1661551. 
  10. 10.0 10.1 (en ভাষাত) Modern Gujarati Poetry: A Selection. Sahitya Akademi. 1998. ISBN 978-81-260-0294-8. https://books.google.com/books?id=G0b71SNQ5CQC&q=Ayachi+Mishra.