সমললৈ যাওক

শকিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শকিলা

২০১৭ চনত শকিলা
স্থানীয় নাম شکیلا
জন্ম শকিলা মহছেনী চেদাঘাট
৩ মে', ১৯৬২ (৬৪ বছৰ)
তেহৰাণ, ইৰান
শিক্ষানুষ্ঠান পালোমাৰ কলেজ
পদবী গ্ৰেমী বঁটাৰ এগৰাকী ভোটদানকাৰী সদস্য
সন্তান [1]
'সঙ্গীত যাত্ৰা'
উৎসস্থান ইৰান
সংগীতৰ ধৰণ
  • ইৰানৰ পপ সংগীত
  • পৰম্পৰাগত
  • ৱৰ্ল্ড মিউজিক
পেচা
  • কণ্ঠশিল্পী
  • গীতিকাৰ
সক্ৰিয়তাৰ বছৰ ১৯৯০–বৰ্তমান
লেবেল
  • কেলটেক্স ৰেকৰ্ডছ
  • তাৰানেহ এণ্টাৰপ্ৰাইজছ
ৱেবছাইট shakila.com

শকিলা মহছেনী চেদাঘাট (ফাৰ্চী: شکیلا محسنی صداقت), এককভাৱে শকিলা (ফাৰ্চী: شکیلا; জন্ম ৩ মে', ১৯৬২) নামেৰে পৰিচিত, হৈছে কেলিফৰ্নিয়াৰ ছান ডিয়েগোত বাস কৰা এগৰাকী ইৰানী কণ্ঠশিল্পী আৰু গীতিকাৰ।[2] তেওঁ এগৰাকী আন্তঃৰাষ্ট্ৰীয় শিল্পী যিয়ে ফাৰ্চী, কুৰ্দী, ইংৰাজী, তুৰ্কী, হিন্দী আৰু স্পেনিছকে ধৰি বিভিন্ন ভাষাত সংগীত পৰিৱেশন কৰিছে। তেওঁ ২০০৬ চনত ফাৰ্চী সংগীত একাডেমী বঁটা আৰু ২০১৫ চনত গ্ল’বেল মিউজিক এৱাৰ্ড লাভ কৰিছিল।[3][4][5] শকিলা ই ফাৰ্চী ভাষাত ২০টাতকৈও অধিক এলবামৰ লগতে ইংৰাজী ভাষাতো বহুকেইটা এলবাম মুকলি কৰিছে। তেওঁ মূলতঃ আধ্যাত্মিকতা, প্ৰেম, শান্তি আৰু জাগৰণৰ বিষয়ে গান গায়। তেওঁৰ গীতৰ কথা ৰুমী আৰু অন্যান্য প্ৰধান কবিসকলৰদ্বাৰা অনুপ্ৰাণিত।[6] ইয়াৰ উপৰি তেওঁ গ্ৰেমী বঁটাৰ এগৰাকী চৰকাৰী ভোটদানকাৰী সদস্য।[7]

কৰ্মজীৱন

[সম্পাদনা কৰক]

শকিলা ই মাত্ৰ ন বছৰ বয়সতে তেওঁৰ পেছাদাৰী কৰ্মজীৱন আৰম্ভ কৰিছিল, যেতিয়া তেওঁক এটা ইৰানী দূৰদৰ্শন অনুষ্ঠানত সংগীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল।

পৰৱৰ্তী সময়ত তেওঁ ছান ডিয়েগোলৈ স্থানান্তৰিত হয় আৰু তাত থকা পালোমাৰ কলেজত সংগীত অধ্যয়ন কৰে। শকিলা ই ১৯৯০ চনত তেওঁৰ প্ৰথমটো এলবাম কামী বা মান মোদাৰা কোন মুকলি কৰে।[8] তেওঁৰ দ্বিতীয়টো এলবাম গেৰিয়াহ দৰ ৰাগবাৰ ১৯৯২ চনত মুক্তি পাইছিল।[9] ১৯৯৩ চনত শকিলা ই ফাৰ্চী ৰেকৰ্ড লেবেল তাৰানেহ ৰেকৰ্ডছৰ সৈতে চুক্তিবদ্ধ হয় আৰু তেওঁৰ তৃতীয়টো এলবাম ঘেইবাটে নুৰ মুকলি কৰে।[10]

১৯৯৭ চনৰপৰা ২০০৮ চনলৈ শকিলা ই লছ এঞ্জেলছস্থিত ৰেকৰ্ড লেবেল কেলটেক্স ৰেকৰ্ডছৰ সৈতে চুক্তিবদ্ধ হৈ কাম কৰিছিল আৰু তেওঁলোকৰ বেনাৰত আঠটাতকৈও অধিক এলবাম মুকলি কৰিছিল। ২০১৩ চনত শকিলা ই নিজাকৈ ৰেকৰ্ড লেবেল ‘শকিলা এণ্টাৰপ্ৰাইজছ’ প্ৰতিষ্ঠা কৰে। তেওঁ নিজৰ এই ৰেকৰ্ড লেবেলৰ অধীনত ১০টাতকৈও অধিক একক গীত মুকলি কৰিছে।[10]

২০১৪ চনত শকিলা ই তেওঁৰ একক গীত ট্ৰেজাৰ উইদিন মুকলি কৰে, যিয়ে বিভিন্ন বিলবোৰ্ড চাৰ্টৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।[10] ২০১৫ চনত তেওঁৰ এলবাম ১১:১১ চিটি অৱ লাভ মুক্তি পায়। এই এলবামটোৱে বিলবোৰ্ডৰ একাধিক চাৰ্টত ৪৩ সপ্তাহতকৈও অধিক সময় ধৰি প্ৰথম স্থান দখল কৰি আছিল।[11] ২০১৬ চনত শকিলা ই তেওঁৰ স্প্লেচিং টিয়াৰ্ছ নামৰ এলবামটো মুকলি কৰে আৰু য়ো কেইবা সপ্তাহ ধৰি বিলবোৰ্ড চাৰ্টৰ শীৰ্ষ স্থানত আছিল।[12][13] শকিলা ই ২০০৬ চনত ফাৰ্চী সংগীত একাডেমী বঁটা আৰু ২০১৫ চনত গ্ল’বেল মিউজিক এৱাৰ্ড লাভ কৰিছে। ইয়াৰ উপৰি তেওঁ হলিউড মিউজিক ইন মিডিয়া এৱাৰ্ডছৰ বাবে দুবাৰকৈ মনোনীত হৈছে।[14]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • ফাৰ্চী সংগীত একাডেমী বঁটা (২০০৬)
  • গ্ল’বেল মিউজিক এৱাৰ্ডছ (২০২৫)[5]
  • হলিউড মিউজিক ইন মিডিয়া এৱাৰ্ডছ দুবাৰকৈ মনোনীত
  • ৱান ৱৰ্ল্ড মিউজিক এৱাৰ্ডছ মনোনীত (২০২৫)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "بیوگرافی شکیلا (خواننده) +عکس فرزندانش". http://saten.ir/115887/بیوگرافی-شکیلاخواننده-عکس-فرزندانش/ আহৰণ কৰা হৈছে: 13 February 2021.
  2. Persian American singer based in California Retrieved December 24, 2016
  3. دانلود-آهنگ-از-شکیلا Retrieved December 24, 2016
  4. Persian Traditional Music- Shakila Persian Music Academy Awards Winner Retrieved December 24, 2016
  5. 1 2 Global Music Award Winner Archived December 25, 2018, at the Wayback Machine Retrieved December 24, 2016
  6. زندگیهشکیلادرسایتآفتاب Retrieved December 24, 2016
  7. Shakila is an official voting member of Grammy Awards Retrieved December 24, 2016
  8. Became a professional singer in 1990, by releasing her first album "Kami Ba Man Modara Kon"[usurped] Retrieved December 24, 2016
  9. tag/Shakila-Geryeh-Dar-Ragbar-Traditional Geryeh Dar Ragbar Traditional Retrieved December 24, 2016
  10. 1 2 3 Shakila's discography at Allmusic.com Retrieved December 24, 2016
  11. [0=ts_chart_artistname%3AShakila&f[1]=ss_bb_type%3Achart_item&type=2&artist=Shakila "Billboard Charts"]. Billboard. http://www.billboard.com/biz/search/charts?f[0]=ts_chart_artistname%3AShakila&f[1]=ss_bb_type%3Achart_item&type=2&artist=Shakila আহৰণ কৰা হৈছে: December 24, 2016.
  12. [0=ss_chart_search_title%3A%22Splashing%20Tears%22&f[1]=itm_field_chart_id%3A353&refine=1 "Splashing Tears at the Billboard Charts"]. Billboard. http://www.billboard.com/biz/search/charts?f[0]=ss_chart_search_title%3A%22Splashing%20Tears%22&f[1]=itm_field_chart_id%3A353&refine=1 আহৰণ কৰা হৈছে: December 27, 2016.
  13. Persian Billboard #1 Artist SHAKILA sings about ocean's mass extinction Retrieved December 27, 2016
  14. Shakila has received two Hollywood Music in Media Awards nominations Archived December 28, 2016, at the Wayback Machine Retrieved December 27, 2016

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]