শকুন্তলম (চলচ্চিত্ৰ)
| শকুন্তলম | |
|---|---|
| পৰিচালক | দুষ্যন্ত শ্ৰীধৰ |
| প্ৰযোজক | দুষ্যন্ত শ্ৰীধৰ শ্ৰীনিবাস কান্না দেশিকা দয়া প্ৰডাকচনছৰ অধীনত |
| অভিনয়ত | পায়ল বিজয় শেট্টী শুভম জয়বীৰ সাহৰাৱট ওৱাই জি মহেন্দ্ৰন টি ভি বৰদাৰঞ্জন মোহন ৰমন |
| চিত্ৰগ্ৰহণকাৰী | মেগি নাটেশ |
| সম্পাদনা | বি লেনিন |
| সংগীত পৰিচালক | ৰাজকুমাৰ ভাৰতী (সংগীত পৰিচালক), চাই শ্ৰৱণম (সংগীত প্ৰযোজক) |
প্ৰযোজনা কোম্পানী |
দেসিকা দায়া প্ৰডাকচনছ |
মুক্তি |
১২ আগষ্ট ২০২২ |
দৈৰ্ঘ্য |
৯৬ মিনিট |
| দেশ | ভাৰত |
| ভাষা | সংস্কৃত |
শকুন্তলম' (ইংৰাজী: Sakuntalam ) ভাৰতীয় শাস্ত্ৰৰ বিখ্যাত বক্তা, সাহিত্যিক আৰু গৱেষক দুষ্যন্ত শ্ৰীধৰ পৰিচালিত সংস্কৃত ভাষাৰ এখন ঐতিহাসিক ছবি। এইখন কালিদাসৰ অভিজ্ঞান শকুন্তলম গ্ৰন্থৰ অভিযোজন।[1][2] দেশিকা দয়া প্ৰডাকচনৰ অধীনত ছবিখন দুষ্যন্ত শ্ৰীধৰ আৰু শ্ৰীনিবাস কান্নাই প্ৰযোজনা কৰিছে। অভিষেককাৰী শুভম চাৰাৱাট আৰু পায়ল শ্বেট্টীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। শুভমৰ শকুন্তলমৰ যোগেদি অভিষেক ঘটিছিল।[3]এইখন ১২ আগষ্ট ২০২২ তাৰিখে বিশ্ব সংস্কৃত দিৱস উপলক্ষে বুক-মাই-শ্বো ষ্ট্ৰীম OTT প্লেটফৰ্মত মুক্তি লাভ কৰিছিল।
সমালোচনা
[সম্পাদনা কৰক]যোধপুৰত অনুষ্ঠিত হোৱা ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২২ত ছবিখনে শ্ৰেষ্ঠ আঞ্চলিক পূৰ্ণদৈৰ্ঘ্য ছবিৰ বিশেষ দৰ্শকৰ পছন্দৰ বঁটা লাভ কৰিছিল।[4] বলীউড লোচাত তেজস পুনিয়াই ছবিখনক ৪ তাৰকাৰ বঁটা প্ৰদান কৰাৰ লগতে কয় যে, "শ্ৰীধৰে নিজৰ প্ৰথম ছবিখন অতি সুন্দৰভাৱে নিৰ্মাণ কৰিছে, আপুনি যিমানেই শকুন্তলম নপঢ়ক কিয়, এই ছবিখন চাবলৈ মন যাবই"।[5]
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ Ramanujam, Srinivasa (3 November 2021). "If you can watch 'Squid Game', you can watch a Sanskrit film: Dushyanth Sridhar on 'Sakuntalam'" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/entertainment/movies/now-a-sanskrit-film-on-kalidasas-sakuntalam/article37319369.ece.
- ↑ "Dushyanth Sridhar helms a Sanskrit film based on Kalidasa's Sakuntalam - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/dushyanth-sridhar-helms-a-sanskrit-film-based-on-kalidasas-sakuntalam/articleshow/87314242.cms.
- ↑ Vijaykumar, Vaishali (27 October 2021). "Stepping up for Sanskrit on the sliver screen". The New Indian Express. https://www.newindianexpress.com/cities/chennai/2021/oct/27/stepping-up-for-sanskrit-on-the-sliver-screen-2376089.html। আহৰণ কৰা হৈছে: 1 January 2022.
- ↑ "RIFF | Rajasthan International Film Festival, RIFF Jaipur, Jaipur RIFF, riff 2023, 1st to 5th Feb 2023 at Jaisalmer, Rajasthan largest Film Festival in JAIPUR, JODHPUR, JAISALMER, Rajasthan, INDIA". https://www.riffjaipur.org/festival2022.htm.
- ↑ "गौरवशाली इतिहास की गाथा 'शाकुन्तलम' में". 17 August 2022. Archived from the original on 11 September 2022. https://web.archive.org/web/20220911142704/https://www.bollywoodlocha.com/shakuntalam-sanskrit-movie-download-leaked-on-telegram-and-tamilrockers/?fbclid=IwAR0vwyrk7DAIQSZcOEUJY9rVDyYmM8dhHz9UWiG5_KUHV5OKgIAVQ55X-cE। আহৰণ কৰা হৈছে: 16 February 2025.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- শকুন্তলম (চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।