শকুন্তলা মজুমদাৰ
| শকুন্তলা মজুমদাৰ | |
|---|---|
| জন্ম | চি ১৯৬৪ |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | পশু অধিকাৰ কৰ্মী animal rights activist |
শকুন্তলা মজুমদাৰ (ইংৰাজী: : Shakuntala Majumdar জন্ম ১৯৬৪); এগৰাকী ভাৰতীয় পশু অধিকাৰ কৰ্মী যিয়ে থানেৰ " প্ৰাণীৰ ওপৰত নিষ্ঠুৰতা প্ৰতিৰোধ সমাজ"ৰ বাবে উচৰ্গিত মনোভাবেৰে কৰা কামৰ বাবে নাৰী শক্তিপুৰস্কাৰ বঁটা লাভ কৰিছিল।
জীৱন
[সম্পাদনা কৰক]১৯৬৪ চনৰ ওচৰা-ওচৰিকৈ তেওঁৰ জন্ম হৈছিল।[1]
২০০২ চনত মজুমদাৰ আৰু আন ছয়জন ব্যক্তিয়ে থানেত ছ’চাইটি ফৰ প্ৰটেকচন অৱ ক্ৰুৱেলটি টু এনিমেলছ (SPCA) শাখা গঠন কৰে।
২০১৬ চনত মজুমদাৰক আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা নাৰী শক্তিৰ সন্মান লাভ কৰিবলৈ নিৰ্বাচিত কৰা হয়।[2] নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে এই বঁটা প্ৰদান কৰে। সেইদিনা আন চৈধ্যগৰাকী মহিলা আৰু সাতখন প্ৰতিষ্ঠানক সন্মান জনোৱা হয়।[3]
২০১৭ চনত তেওঁ আৰু থানে এছ পি চি এৰ মাজত স্থানীয় কৰ্তৃপক্ষৰ সৈতে দুটা ৰাষ্টাত ঘুৰি ফুৰা কুকুৰক লৈ বিবাদ হৈছিল। কুকুৰকেইটাই আক্ৰমণাত্মক আচৰণ কৰাৰ লগতে একাংশ নাগৰিকক ভয় দেখুৱাই থকাৰ বাবে কৰ্তৃপক্ষই বিচাৰিছিল যে কুকুৰকেইটাক ৰাজপথৰ পৰা আঁতৰাই দিয়া হওক। মজুমদাৰে কুকুৰ দুটাক উদ্ধাৰ কৰি চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাৰ প্ৰস্তাব দিলে, আৰু কলে যে সম্পূৰ্ণ সুস্থ হোৱাৰ পিছত কুকুৰ দুটাক পুনৰ সিহতৰ প্ৰাকৃতিক পৰিবেশ ৰাস্তাতে ৰখা হ'ব। কুকুৰ দুটাৰ অধিকাৰ সন্দৰ্ভত বিতৰ্ক চলি আছিল। মজুমদাৰে উচচতম ন্যায়ালয়ে ৰাষ্টাত চৰিফুৰা কুকুৰৰো অধিকাৰ আছে বুলি কোৱা এখন আইনৰ সম্পৰ্কে অৱগত নাছিল যদিও, তেওঁ কুকুৰবোৰক উদ্ধাৰ কৰি বীজাণুমুক্ত আৰু প্ৰজনন নিয়ন্ত্ৰণ (স্টেৰিলাইজ) কৰাৰ ব্যৱস্থা কৰিব পাৰিছিল, কিন্তু তাৰ পিছত সিহঁতক পুনৰ প্ৰাকৃতিক পৰিবেশত এৰি দিয়াৰ ব্যৱস্থা কৰিছিল।[4]
২০২০ চনৰ ফেব্ৰুৱাৰী মাহত কৰ’না মহামাৰীৰ প্ৰাৰম্ভিক সপ্তাহকেইটাত ইয়াৰ ফলত ক’ৰ’না ভাইৰাছ বিয়পিব পাৰে বুলি ভয়ত পথৰ জীৱ-জন্তু স্পৰ্শ নকৰিবলৈ উৎসাহিত কৰা পোষ্টাৰ উলিওৱা হৈছিল। তেওঁ আৰু মনেকা গান্ধীয়ে পোষ্টাৰবোৰ আঁতৰাবলৈ কৈছিল। তেওঁলোকে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শ পুনৰবাৰ উল্লেখ কৰি এই ভয় যে ভিত্তিহীন তাক বুজাইছিল।[5] পিছলৈ তেওঁ আৰু এছ পি চি এ গোটে ঘোঁৰাৰ কল্যাণক সংগঠিত কৰাৰ ভূমিকা গ্ৰহণ কৰে। [6]ঘোঁৰাৰ সহায়ত পৰ্যটকক অনা নিয়াৰ সুবিধা কৰি দিয়া হৈছিল যদিও লকডাউনৰ বাবে এই অনুজ্ঞাপত্ৰবিহীন ঘোঁৰাবোৰে কোনো পইচা লোৱা নাছিল। কোনো উপাৰ্জন নোহোৱাৰ ফলত মালিকসকলে তেওঁলোকক খুৱাব নোৱাৰা সময়ত এছপিচিএই সহায় কৰিছিল।[7]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "Mumbai's Dr Dolittle". https://www.pressreader.com/india/mid-day/20161009/282059096509665। আহৰণ কৰা হৈছে: 2020-07-10.
- ↑ "International Women's Day: Give women freedom to exercise choices at home, workplace says President Pranab Mukherjee" (en ভাষাত). India News, Breaking News, Entertainment News | India.com. 2016-03-08. https://www.india.com/news/india/international-womens-day-give-women-freedom-to-exercise-choices-at-home-workplace-says-president-pranab-mukherjee-1016243/। আহৰণ কৰা হৈছে: 2020-07-10.
- ↑ "Give women freedom to exercise choices at home, workplace: President Pranab Mukherjee". The Economic Times. 2016-03-08. https://economictimes.indiatimes.com/news/politics-and-nation/give-women-freedom-to-exercise-choices-at-home-workplace-president-pranab-mukherjee/articleshow/51312597.cms?from=mdr.
- ↑ "Give women freedom to exercise choices at home, workplace: President Pranab Mukherjee". The Economic Times. 2016-03-08. https://economictimes.indiatimes.com/news/politics-and-nation/give-women-freedom-to-exercise-choices-at-home-workplace-president-pranab-mukherjee/articleshow/51312597.cms?from=mdr.
- ↑ "Trouble brewing between civic body, Thane SPCA" (en ভাষাত). The Times of India. February 12, 2017. https://timesofindia.indiatimes.com/city/thane/trouble-brewing-between-civic-body-thane-spca/articleshow/57101322.cms। আহৰণ কৰা হৈছে: 2020-07-10.
- ↑ Sukhi, Shrutika (February 26, 2020). "Posters stoke Coronavirus Disease 2019 bias, urge people to avoid pets and strays" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/thane/posters-stoke-coronavirus-disease-2019-bias-urge-people-to-avoid-pets-and-strays/articleshow/74310627.cms। আহৰণ কৰা হৈছে: 2020-11-21.
- ↑ "NGOs turn saviour for horses, give them food" (en ভাষাত). Free Press Journal. https://www.freepressjournal.in/mumbai/ngos-turn-saviour-for-horses-give-them-food। আহৰণ কৰা হৈছে: 2020-07-10.