সমললৈ যাওক

শক্তিশ্ৰী গোপালন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শক্তিশ্ৰী গোপালন এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, কম্পোজাৰ, গীতিকাৰ আৰু পৰিবেশক, যি এ.আৰ. ৰহমানৰ দৰে দক্ষিণ ভাৰতৰ শীৰ্ষ সংগীত পৰিচালকৰ সৈতে সহযোগিতাৰ বাবে জনাজাত।[1] চলচ্চিত্ৰীয় সংগীতৰ বাহিৰেও তেওঁ স্বতন্ত্ৰ সংগীত জগততো নিয়মীয়া অৱদান ৰাখিছে। যোৱা কিছু বছৰ ধৰি তেওঁ পপ, আৰ'এন'বি, ট্ৰিপ-হপ আৰু জাজ বিভিন্ন বেণ্ডৰ সৈতে প্ৰদৰশন কৰিছে।[2]

একাধিক ভাষাত স্বতন্ত্ৰভাৱে সংগীত পৰিবেশন আৰু মুক্তি দি আহিছে। পেছাত তেওঁ এগৰাকী স্থপতিবিদ, স্কুল অৱ আৰ্কিটেকচাৰ এণ্ড প্লেনিঙৰ স্নাতক।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

শক্তিশ্ৰী গোপালন কেৰেলাৰ কোচিত ডাঙৰ-দীঘল হয়। তেওঁ স্কুলীয়া শিক্ষা কালামছেৰীৰ ৰাজাগিৰি পাব্লিক স্কুলত সম্পন্ন হয়। স্কুলৰ পিছত চেন্নাইলৈ গুচি যায় আৰু আন্না বিশ্ববিদ্যালয়ৰ স্কুল অৱ আৰ্কিটেকচাৰ এণ্ড প্লেনিঙত স্থাপত্যত ডিগ্ৰী লয়।[3]

১৩ বছৰ ধৰি কৰ্ণাটকী সংগীতৰ প্ৰশিক্ষণ লৈছিল। একাদশ শ্ৰেণীত পঢ়ি থাকোঁতে এছ এছ মিউজিকে ভইচ হাণ্ট ১ আয়োজন কৰিছিল। যিহেতু তেওঁৰ বয়স ১৮ বছৰৰ তলৰ আছিল, সেয়েহে তেওঁ অডিচন দিয়ে ক্ষান্ত থাকিবলগীয়া হৈছিল। ২০০৮ চনত এছ এছ মিউজিকৰ ভইচ হাণ্টৰ দ্বিতীয় ছিজনত তেওঁ জয়ী হয়। ২০০৮ চনৰ নৱেম্বৰ মাহত তেওঁ প্ৰথমবাৰৰ বাবে অডিচন দিয়ে আৰু টেক্সি ৪৭৭৭ ছবিখনৰ বাবে প্ৰথম গীত গোৱাৰ সুযোগ পায়।[4][5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]