সমললৈ যাওক

শতজান পক্ষী উদ্যান (লখিমপুৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শতজান পক্ষী উদ্যান
—  সংৰক্ষিত পক্ষী উদ্যান  —
স্থানাঙ্ক
দেশ  ভাৰত
ৰাজ্য অসম
জিলা লখিমপুৰ
নিকটৱৰ্তী চহৰ লখিমপুৰ
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি >৩৯ একৰ km (এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৩" mi)>

শতজান পক্ষী উদ্যান ( ইংৰাজী: Satajaan Bird Sanctuary) লখিমপুৰ চহৰৰ পৰা প্ৰায় ৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত। পহুমৰা-কিমিন ৰাজ্যিক ঘাইপথ আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত তথা ৰঙানৈৰ কাষত অৱস্থিত এই জলাশয়টোলৈ প্ৰতি বছৰে বিশাল প্ৰজাতিৰ চৰাইৰ আগমন ঘটে। জলাশয়টোত অক্টোবৰ মাহৰ আৰম্ভণিৰ পৰা মাৰ্চ মাহৰ শেষৰ ফালে বা এপ্ৰিল মাহৰ আৰম্ভণিলৈকে বিভিন্ন চৰাইৰ প্ৰজাতিৰ ভিৰ থাকে।[1] এই জলাশয়টোৰ সংৰক্ষণৰ ক্ষেত্ৰত প্ৰয়াত বালিৰাম গগৈৰ নাম আজিও জিলিকি আছে। যাক 'Birdman of Lakhimpur' নামেৰে জনা যায়।[2] তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ লক্ষ্মীধৰ গগৈ আৰু সমাজৰ অন্যান্য সদস্যই এই ভূমিকা পালন কৰি আহিছে। যিয়ে ইয়াত অবৈধ মাছ ধৰা আৰু চোৰাং চিকাৰৰ পৰা জলাশয়টো ৰক্ষা কৰিছে।

ভৌগোলিক বিৱৰণ

[সম্পাদনা কৰক]

১৯৫০ চনৰ ভূমিকম্পত সৃষ্টি হোৱা জলাশয়টো ২৭°১২'২৩.৭"ৰ পৰা ২৭°১২'৪০.০০ উত্তৰ অক্ষাংশ আৰু ৯৪°০৩'০৮.৫"ৰ পৰা ৯৪'০৩'০৮.৮" পূৱ দ্ৰাঘিমাংশৰ ভিতৰত অৱস্থিত। ৩৯ একৰ মাটিকালিৰে এই জলাশয়টো সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১০১ মিটাৰ উচ্চতাত অৱস্থিত। পহুমৰা-কিমিন ৰাজ্যিক ঘাইপথ আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত তথা অসমৰ গুৱাহাটীৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ দূৰত্ব আৰু লখিমপুৰৰ পৰা ৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত।[3]

জলবায়ু

[সম্পাদনা কৰক]

লখিমপুৰ জিলাৰ বাৰ্ষিক বৰষুণৰ পৰিমাণ গড়ে প্ৰায় ৩০০ চে.মি., সৰ্বোচ্চ আৰু সৰ্বনিম্ন উষ্ণতা সাধাৰণতে ক্ৰমে ৩১ ডিগ্ৰী চেলছিয়াছ আৰু ৭ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হয় (NWAA,2010)। বৰষুণৰ পৰিমাণ আৰু ঋতুভিত্তিক উষ্ণতাৰ তাৰতম্যৰ বৈশিষ্ট্যপূৰ্ণ এই জলবায়ু পৰিস্থিতিয়ে শতজান জলাশয়ৰ পৰিৱেশ গতিশীলতাক গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জলাশয়টোৱে বহল জিলাখনৰ দৰেই গ্ৰীষ্মমণ্ডলীয় বাৰিষাৰ জলবায়ুৰ অভিজ্ঞতা লাভ কৰে, য’ত চাৰিটা সুকীয়া ঋতু থাকে: শীতকাল, প্ৰাক-মৌচুমী, বাৰিষা আৰু পিছুৱাই যোৱা বাৰিষা। প্ৰতিটো ঋতুয়েই জলাশয়ৰ পৰিৱেশ তন্ত্ৰ আৰু ইয়াৰ জৈৱ বৈচিত্ৰ্যক গোটেই বছৰটো প্ৰভাৱিত কৰে।

শতজান পক্ষী উদ্যানত প্ৰধানকৈ ঘাঁহনি আৰু জলজ উদ্ভিদ দেখা পোৱা যায়। ইয়াত পোৱা বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ ভিতৰত শিমলু, ভৃংগৰাজ, লাজুকী লতা, মাটিকান্দুৰী, টেঙেচী টেঙা, দুৰোণ বণ,কলা কচু, ঢেঁকীয়া, মানিমুনি, ববচা বন, বন জালুক, চেচু,, ঔটেঙা, ভেট, মেটেকা, কলমৌ, পুণী, শিঙৰী, এৰালি, ইকৰা, উলুখেৰ, নল, খাগৰি, কঁহুৱা, লকচা ইত্যাদিয়েই প্ৰধান।

যাতায়াত

[সম্পাদনা কৰক]

পক্ষী উদ্যানখন যিহেতু পহুমৰা আৰু কিমিনলৈ যোৱা পথৰ মাজত অৱস্থিত, সেয়ে লখিমপুৰ চহৰৰ পৰা স্থলপথেৰে অহা-যোৱা কৰিব পাৰি। লখিমপুৰৰ পৰা গাড়ীৰে আহিলে গন্তব্য স্থান পাব পাৰি।

পৰিভ্ৰমী আৰু দেশীয় পক্ষীসমূহ

[সম্পাদনা কৰক]
পানী কাউৰী

শতজান পক্ষী উদ্যানত দেখিবলৈ পোৱা চৰাইসমূহৰ ভিতৰত কিছুমান হৈছেঃ

জলজ প্ৰাণী

[সম্পাদনা কৰক]

পক্ষী কুলৰ বাহিৰেও জলাশয়টো বিভিন্ন জলজ প্ৰাণী যেনে বিভিন্ন থলুৱা মাছ, কাছ, সাপ আদি আৰু বিভিন্ন জলজ উদ্ভিদৰ জৈৱ বৈচিত্ৰ্যৰে ভৰপুৰ।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Satajaan Wetland". Satajaan Wetland. https://satajaanwetland.netlify.app/। আহৰণ কৰা হৈছে: 24 July 2025. 
  2. "Satajaan Bird Sanctuary – A Threatened Wetland". The Sentinel Assam. 27 February 2021. https://www.sentinelassam.com/more-news/editorial/satajaan-bird-sanctuary-a-threatened-wetland-511524। আহৰণ কৰা হৈছে: 24 July 2025. 
  3. A Case Study of Satajaan Beel, North Lakhimpur, Assam