শনি শিংগণাপুৰ
শনি শিংগণাপুৰ
সোণাই | |
|---|---|
গাঁও | |
![]() | |
| স্থানাংক: 19°24′00″N 74°49′00″E / 19.4000°N 74.8167°Eস্থানাংক: 19°24′00″N 74°49′00″E / 19.4000°N 74.8167°E | |
| দেশ | |
| ৰাজ্য | মহাৰাষ্ট্ৰ |
| জিলা | আহিল্যা নগৰ |
| তহচিল | নেভাসা |
| কালি † | |
• মুঠ |
৮২.৩৬ বৰ্গকিমি (৩১.৮০ বৰ্গমাইল) |
| উচ্চতা | ৪৯৯ মিটাৰ (১,৬৩৭ ফুট) |
| † Maharashtra Govt. gazetteer Website ‡Falling grain | |
শনি শিংগণাপুৰ[1] (ইংৰাজী: Shani Shingnapur) বা শনি শিংগনাপুৰ[2] বা শিংনাপুৰ[3] ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এখন গাঁও। এই গাঁওখন আহমেদনগৰ জিলাৰ নেভাসা তহচিলত অৱস্থিত। গাঁওখন শনিৰ জনপ্ৰিয় মন্দিৰৰ বাবে জনাজাত। শনি হৈছে হিন্দু ধৰ্মৰ সেই দেৱতা, যাক শনি গ্ৰহৰ সৈতে সম্পৰ্কিত বুলি গণ্য কৰা হয়। গাঁওখন আহমেদনগৰ চহৰৰপৰা ৩৫ কিলোমিটাৰ দূৰত অৱস্থিত।
বিৱৰণ
[সম্পাদনা কৰক]শিংনাপুৰ গাঁওখনত কোনো ঘৰতে দুৱাৰ নথকাৰ বাবেও বিখ্যাত। ঘৰসমূহত কেৱল দুৱাৰৰ চৌকাঠ থাকে। ইয়াৰ পিছতো চৰকাৰীভাৱে গাঁওখনত কোনো চুৰিৰ ঘটনা সংঘটিত হোৱা বুলি জনোৱা হোৱা নাছিল[4] যদিও ২০১০ আৰু ২০১১ চনত চুৰিৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি প্ৰকাশ পাইছিল।[5]
মন্দিৰটো "জাগ্ৰত দেৱস্থান" বুলি বিশ্বাস কৰা হয়। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে "জীৱন্ত মন্দিৰ।" ইয়াৰ অৰ্থ হ'ল দেৱতা এতিয়াও মন্দিৰটোত বাস কৰে। গাঁওবাসীয়ে বিশ্বাস কৰে যে কোনোবাই চুৰি কৰিবলৈ চেষ্টা কৰিলে ভগৱান শনিয়ে তেওঁক শাস্তি দিয়ে।[4] ইয়াত থকা দেৱতাক "স্বয়ম্ভু" (সংস্কৃত: নিজে উদ্ভৱ হোৱা দেৱতা) বুলি কোৱা হয়। তেওঁ মাটিৰপৰা নিজে ওলাই অহা ক'লা আৰু বিশাল শিলৰ ৰূপত আছে। ইয়াৰ সঠিক সময় কোনেও নাজানে যদিও বিশ্বাস কৰা হয় যে সেই সময়ৰ স্থানীয় সৰু গাঁৱৰ মেৰপালকসকলে এই স্বয়ম্ভু শনৈশ্বৰ মূৰ্তিটো বিচাৰি পাইছিল। ইয়াক অন্ততঃ কলিযুগৰ আৰম্ভণিৰপৰাই অস্তিত্বত থকা বুলি বিশ্বাস কৰা হয়।
গাঁওখনত এখন ডাকঘৰ আৰু শ্ৰী শনিশ্বৰ বিদ্যা মন্দিৰ নামৰ এখন উচ্চ মাধ্যমিক বিদ্যালয় আছে। ইয়াৰ উপৰি জিলা পৰিষদৰদ্বাৰা পৰিচালিত প্ৰাথমিক বিদ্যালয়ো আছে। গাঁওখনৰ পানী যোগানৰ মুখ্য উৎস হৈছে কুঁৱা।[4]
ঐতিহাসিক গুৰুত্ব
[সম্পাদনা কৰক]প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি মুখে মুখে প্ৰচলিত স্বয়ম্ভু মূৰ্তিটোৰ কাহিনীটো এনেধৰণৰ—এজন মেৰপালকে এডাল জোঙা লাঠিৰে ডাঙৰ ক'লা শিলটো স্পৰ্শ কৰাৰ সময়ত শিলটোৰপৰা তেজ ওলাবলৈ ধৰিলে। মেৰপালকসকল আচৰিত হৈ পৰিল। অলপ সময়ৰ ভিতৰতে সমগ্ৰ গাঁওখনৰ লোক এই অলৌকিক ঘটনা চাবলৈ তাত গোট খালে। সেই নিশা আটাইতকৈ ভক্তিশীল আৰু ধাৰ্মিক মেৰপালকজনৰ সপোনত ভগৱান শনৈশ্বৰ আবিৰ্ভাৱ হ'ল।
তেওঁ ভক্ত মেৰপালকজনক ক'লে যে তেওঁ "শনৈশ্বৰ" আৰু সেই অনন্য ক'লা শিলটো তেওঁৰ স্বয়ম্ভু ৰূপ। মেৰপালকজনে ভগৱানক সুধিলে যে তেওঁৰ বাবে এটা মন্দিৰ নিৰ্মাণ কৰিব লাগে নেকি। ইয়াৰ উত্তৰত ভগৱান শনিয়ে ক'লে যে মন্দিৰটোৰ ওপৰত ছাদৰ কোনো প্ৰয়োজন নাই, কাৰণ সমগ্ৰ আকাশেই তেওঁৰ ছাদ আৰু তেওঁ মুকলি আকাশৰ তলত থাকিবলৈ পছন্দ কৰে। তেওঁ মেৰপালকজনক প্ৰতিদিনে পূজা আৰু প্ৰতি শনিবাৰে 'তেল অভিষেক' কৰিবলৈ ক'লে। তেওঁ লগতে প্ৰতিশ্ৰুতি দিলে যে সমগ্ৰ গাঁওখনৰ লোক ডকাইত, ঘৰফলা চোৰ বা চোৰৰপৰা নিৰ্ভয় হৈ থাকিব।
সেইবাবেই আজিও ভগৱান শনৈশ্বৰক কোনো ছাদ নথকা মুকলি চোতালত দেখা যায়। আজিলৈকে কোনো ঘৰ, দোকান বা মন্দিৰতে দুৱাৰ নাই।[6] ভগৱান শনিৰ ভয়ৰ বাবে এই মন্দিৰৰ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা কোনো বাসগৃহ, জুপুৰি, দোকান আদি কোনো গাঁথনিতে দুৱাৰ বা তলা নাই।[7] ২০১০ চনলৈকে কোনো চুৰি বা ঘৰফলা চুৰিৰ ঘটনা সংঘটিত হোৱা বুলি জনোৱা হোৱা নাছিল। সেই বছৰত প্ৰথম চুৰিৰ ঘটনা সংঘটিত হয় আৰু ২০১১ চনত পুনৰ আন এটা ঘটনা সংঘটিত হয়। শনি শিংগণাপুৰলৈ প্ৰতিদিনে হাজাৰ হাজাৰ ভক্ত ভগৱান শনেশ্বৰৰ আশীৰ্বাদ বিচাৰি আহে। শনিবাৰে এই স্থান আটাইতকৈ ব্যস্ত হৈ পৰে। শনি ত্ৰয়োদশীকো ভগৱানৰ প্ৰিয় দিন বুলি গণ্য কৰা হয়। একেদৰে 'অমাৱস্যা'ৰ সৈতে মিলি যোৱা শনিবাৰকো ভগৱান শনৈশ্বৰৰ প্ৰিয় দিন বুলি গণ্য কৰা হয়। সেই দিনসমূহত আশীৰ্বাদ বিচৰা ভক্তসকল বৃহৎ সংখ্যাত এই মন্দিৰলৈ আহে। গাঁওখনৰ ইতিহাসত কোনো দাংগা, হত্যা বা ধৰ্ষণৰ ঘটনা সংঘটিত হোৱা নাই। বিশ্বাস কৰা হয় যে গাঁওখনৰ কোনো লোকেই কেতিয়াও বৃদ্ধাশ্ৰমলৈ যোৱা নাই আৰু কোনো আৰক্ষী থানাতো কোনো অভিযোগ দাখিল হোৱা নাই।[8]


শনিৰ উপাসনাস্থল
[সম্পাদনা কৰক]শনিৰ উপাসনাস্থলত মুকলি আকাশৰ তলত থকা এখন বেদীৰ ওপৰত পাঁচ ডেৰ ফুট ওখ ক'লা শিল স্থাপন কৰা আছে। এই শিলটোৱে ভগৱান শনিক প্ৰতিনিধিত্ব কৰে। মূৰ্তিটোৰ কাষত এটা ত্ৰিছূল স্থাপন কৰা হৈছে আৰু দক্ষিণফালে নন্দীৰ এটা প্ৰতিমূৰ্তি আছে। সন্মুখত শিৱ আৰু হনুমানৰ সৰু সৰু প্ৰতিমূৰ্তি আছে।
সাধাৰণতে মন্দিৰটোলৈ প্ৰতিদিনে ৩০,০০০–৪৫,০০০জন লোক আহে। অমাৱস্যাৰদিনা এই সংখ্যা প্ৰায় তিনি লাখলৈ বৃদ্ধি পায়। অমাৱস্যাক শনিদেৱক সন্তুষ্ট কৰাৰ বাবে আটাইতকৈ মংগলময় দিন বুলি বিশ্বাস কৰা হয়।[1] এই দিনা গাঁওখনত দেৱতাৰ সন্মানত এখন মেলা অনুষ্ঠিত হয়। শনিবাৰেপৰা হোৱা অমাৱস্যাৰ দিনত ইয়াত অধিক ডাঙৰ উৎসৱ অনুষ্ঠিত হয়। ভক্তসকলে শনিৰ মূৰ্তিটো পানী আৰু তেলেৰে স্নান কৰোৱায় আৰু তেওঁক ফুল আৰু উড়িদ অৰ্পণ কৰে। মেলাৰদিনা শনিদেৱৰ পাল্কী শোভাযাত্ৰা অনুষ্ঠিত হয়।[4] আন এটা উৎসৱ হৈছে শনিদেৱৰ জন্মদিন, শনি জয়ন্তী।[1]
চলচ্চিত্ৰ নিৰ্মাতা গুলশন কুমাৰে নিৰ্মাণ কৰা সূৰ্য পুত্ৰ শনিদেৱ চলচ্চিত্ৰখনৰ জৰিয়তে এই উপাসনাস্থলটোৱে জনপ্ৰিয়তা লাভ কৰে।[1] চলচ্চিত্ৰখনত পুনীত ইছাৰ, মহেশ ঠাকুৰ, ধৰ্মেশ তিৱাৰী আৰু অনুৰাধা পৌডৱালে অভিনয় কৰিছিল।[9]
মহিলাৰ প্ৰৱেশ
[সম্পাদনা কৰক]
৪০০বছৰীয়া পৰম্পৰা অনুসৰি মহিলাসকলক গৰ্ভগৃহত প্ৰৱেশ কৰিবলৈ বাধা দিয়া হৈছিল। ২০১৬ চনৰ ২৬ জানুৱাৰীত ত্ৰুপ্তি দেশাইৰ নেতৃত্বত ৫০০ৰো অধিক মহিলাৰ এটা দলে "ভূমাতা ৰণৰাগিনী ব্ৰিগেড" নামৰ সংগঠনৰ অধীনত মন্দিৰলৈ সমদল কৰি গৰ্ভগৃহত প্ৰৱেশৰ দাবী জনায়। আৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে।[10]
২০১৬ চনৰ ৩০ মাৰ্চত এক গুৰুত্বপূৰ্ণ ৰায়ত বোম্বে উচ্চ ন্যায়ালয়ে মহাৰাষ্ট্ৰ চৰকাৰক কোনো মন্দিৰত যাতে মহিলাক প্ৰৱেশৰপৰা বঞ্চিত কৰা নহয়, সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।[11] ২০১৬ চনৰ ৮ এপ্ৰিলত শনি শিংগণাপুৰ ন্যাসে অৱশেষত মহিলা ভক্তসকলক গৰ্ভগৃহত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়ে।[12][13][14]
ইউচিঅ' বেংক
[সম্পাদনা কৰক]২০১১ চনৰ জানুৱাৰী মাহত ইউনাইটেড কমাৰ্চিয়েল বেংকে গাঁওখনত এখন 'তলাবিহীন' শাখা মুকলি কৰে। এইটো দেশখনত ইয়াৰ ধৰণৰ প্ৰথম শাখা আছিল। অঞ্চলটোত প্ৰায় শূন্য অপৰাধৰ হাৰ লক্ষ্য কৰি এই শাখা স্থাপন কৰা হৈছিল। স্থানীয় আৰক্ষীয়ে এই সিদ্ধান্তত অসন্তুষ্ট হোৱা বুলি বাতৰি প্ৰকাশ পাইছিল। ইয়াৰ কাৰণ আছিল যে এই ব্যৱস্থাই নিয়ম ভংগ কৰিছিল, কিয়নো ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে সকলো বেংকতে উচ্চ নিৰাপত্তা ব্যৱস্থা থকাটো বাধ্যতামূলক কৰিছে। বেংকটোত দুৱাৰ আছে, কিন্তু সেই দুৱাৰ সদায় খোলা থাকে। অৱশ্যে স্থানীয় বিধায়ক আৰু বেংকৰ বিষয়াসকলে জনোৱা মতে, লকাৰ আৰু তাত থকা গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ সুৰক্ষাৰ বাবে পৰ্যাপ্ত সাৱধানতা গ্ৰহণ কৰা হৈছিল।[15]
ষাঁড়ৰ গাড়ী চলোৱা
[সম্পাদনা কৰক]শিংনাপুৰ গাঁওখনলৈ যোৱা পথৰ দুয়োকাষে কুঁহিয়াৰৰ খেতি আছে। স্থানীয় লোকসকলে যন্ত্ৰৰ সলনি ষাঁড় ব্যৱহাৰ কৰি কুঁহিয়াৰৰপৰা ৰস উলিয়ায়। এই ধৰণৰ ৰস উলিওৱা কেন্দ্ৰসমূহক ৰসৱন্তী বুলি কোৱা হয়।[16]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 Sanger, Vasundhara (2008-06-03). "TOI". Timesofindia.indiatimes.com. http://timesofindia.indiatimes.com/articleshow/3096822.cms.
- ↑ Hoiberg, Dale (2000). Students' Britannica India By Dale Hoiberg, Indu Ramchandani. Popular Prakashan. ISBN 9780852297605. https://books.google.com/books?id=Kpd9lLY_0-IC&q=SHINGaNAPUR&pg=PA26। আহৰণ কৰা হৈছে: 2010-08-30.
- ↑ "Census – India". Censusindia.gov.in. http://www.censusindia.gov.in/Census_Data_2001/Village_Directory/List_of_Villages/List_of_Villages_Alphabetical.aspx?State_Code=27&SearchKey=Shinganapur। আহৰণ কৰা হৈছে: 2010-08-30.
- 1 2 3 4 "Maharashtra Govt. gazetteer Website". Maharashtra.gov.in. http://www.maharashtra.gov.in/english/gazetteer/Ahmadnagar/places_Sonai.html। আহৰণ কৰা হৈছে: 2010-08-30.
- ↑ Jain, Swati (31 May 2016). "The Village With No Locks or Doors". BBC. http://www.bbc.com/travel/story/20160526-the-village-with-no-locks-or-doors। আহৰণ কৰা হৈছে: 13 June 2017.
- ↑ "No front doors in village of Shani Shingnapur". The Times of India. 6 January 2015. http://timesofindia.indiatimes.com/india/Why-this-village-including-its-bank-has-no-front-doors/articleshow/45779747.cms.
- ↑ "Village with no locks and doors". BBC.com. 31 May 2016. http://www.bbc.com/travel/story/20160526-the-village-with-no-locks-or-doors.
- ↑ "Shani Shingapur". Archived from the original on 28 May 2019. https://web.archive.org/web/20190528231910/http://www.shanidev.com/an-unique-devasthan.html। আহৰণ কৰা হৈছে: 10 June 2019.
- ↑ सूर्यपुत्र शनि देव Surya Putra Shani Dev I Hindi Devotional Full Movie I Hindi Film Bollywood (in ইংৰাজী). Retrieved 2024-05-10 – via www.youtube.com.
- ↑ Women marching to Shani temple stopped
- ↑ "Shani Shingnapur row: Allow women entry to temples, says Bombay HC". The Indian Express. 2016-03-31. http://indianexpress.com/article/india/india-news-india/women-cant-be-barred-from-entering-shani-shinganapur-temple-bombay-hc/। আহৰণ কৰা হৈছে: 2016-04-08.
- ↑ "Shani Shingnapur temple allows women inside inner sanctum". indiatoday.intoday.in. 8 April 2016. https://www.indiatoday.in/india/story/shani-shingnapur-temple-trust-allows-women-devotees-inside-inner-sanctum-316951-2016-04-08। আহৰণ কৰা হৈছে: 2016-04-08.
- ↑ "Religious head's statement receives flak all round". 12 April 2016. https://www.asianage.com/mumbai/religious-head-s-statement-receives-flak-all-round-656.
- ↑ "Meeting on Shani temple row fails to resolve issue". 7 February 2016. https://www.asianage.com/mumbai/meeting-shani-temple-row-fails-resolve-issue-056.
- ↑ "God as guard: Bank opens 'lockless' branch". The Times of India. January 17, 2010. http://timesofindia.indiatimes.com/india/God-as-guard-Bank-opens-lockless-branch/articleshow/7300436.cms.
- ↑ "A village with no doors, no thefts". The New Indian Express. https://www.newindianexpress.com/cities/hyderabad/2017/mar/17/a-village-with--no-doors-no-thefts-1582603.html.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত শনি শিংগণাপুৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
