শব্দ প্ৰদূষণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শব্দ প্ৰদূষণ (ইংৰাজী: Noise pollution) শব্দ হৈছে অণুৰ সংঘৰ্ষত সৃষ্টি হোৱা এক কম্পন বা তৰঙ্গ,যি কোনো মাধ্যমৰ দ্বাৰা আহি আমাৰ কাণত অনুভূত হয়৷ বায়ু,তৰল,কঠিন এই তিনিওটা মাধ্যমৰ মাজেৰে শব্দ তৰঙ্গ পাৰ হৈ যাব পাৰে৷ এই তৰঙ্গ এক জটিল প্ৰক্ৰিয়াৰ দ্বাৰা মস্তিষ্কই গ্ৰহন কৰিলে আমি শব্দ শুনা বুলি কওঁ৷ মানুহৰ শ্ৰৱণ ইন্দ্ৰিয়ই ২০ ৰ পৰা ২০,০০০ হাৰ্টজৰ তৰঙ্গ শব্দ গ্ৰহণ কৰি অনুধাৱন কৰিব পাৰে৷ শব্দৰ প্ৰাৱল্য জোখা আন্ত:ৰাষ্টীয় একক হৈছে ‘ডেচিবল’৷ টেলিফোনৰ আৱিষ্কাৰক আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ সন্মানাৰ্থে এই একক প্ৰচলিত হৈ আহিছে৷ বেল এককৰ এক-দশমাংশই হ’ল ‘ডেচিবল’৷ অৰ্থাৎ নি:শব্দ অৱস্থাত হোৱা সামান্যতম শব্দৰ অনুভূতিয়েই হ’ল এক ‘ডেচিবল’৷ মানুহৰ শৰীৰ আৰু শ্ৰৱন ইন্দ্ৰিয়ত কোনো ক্ষতি নকৰা শব্দৰ সৰ্বোচ্চ প্ৰাৱল্য মান ৬৫ ডেচিবল৷ শুনিবলৈ আমনিদায়ক অবাঞ্চিত শব্দবোৰক কোলাহল বোলা হয়৷ এই কোলাহলে যেতিয়া জীৱৰ স্বাভাৱিক জীৱন যাত্ৰাত আমনি দিয়াৰ উপৰিও শাৰীৰিক আৰু মানসিক দিশত ব্যাপক ক্ষতি কৰে তেতিয়া তাক শব্দ প্ৰদূষণ(Noise pollution) বুলি কোৱা হয়৷ [1]


প্ৰদূষণৰ কাৰক(Causes of Noise pollution)

  1. জনবহুল অঞ্চল তথা মহানগৰ বিলাকত হোৱা কোলাহলে শব্দ প্ৰদূষণত যথেষ্ট অৰিহনা যোগায়৷ বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন অনুসৰি কোনো এখন মহানগৰৰ কোলাহলৰ মান দিনৰ ভাগত ৫০ ডেচিবল আৰু ৰাতিৰ ভাগত ৪৫ ডেচিবল৷ পৃথিৱীৰ ভিতৰত কোলাহলৰ ক্ষেত্ৰত তৃতীয় স্থান অধিকাৰ কৰা মুম্বাই মহানগৰৰ কোনো কোনো অঞ্চলৰ কোলাহলৰ মান প্ৰায় ১০৫ ডেচিবল পৰ্যন্ত হোৱা দেখা যায়৷ গুৱাহাটী মহানগৰীতো অঞ্চল বিশেষে কোলাহলৰ মান ৮৫-৯০ ডেচিবল হয়৷
  2. বিভিন্ন যান-বাহন চলাচল কৰা সময়ত হোৱা শব্দ আৰু এইবিলাকে বজোৱা হৰ্ণ আৰু চাইৰেণৰ শব্দই শব্দ প্ৰদূষণত ভাগ লয়৷ এইক্ষেত্ৰত উৰাজাহাজৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি৷ উৰাজাহাজ এখন উৰিবৰ সময়ত বা অৱতৰণৰ সময়ত শব্দৰ মান ১৪০-১৫০ ডেচিবল পৰ্যন্ত হয়৷
  3. কল-কাৰখানা,উদ্যোগ সমূহৰ পৰা সৃষ্টি হোৱা যান্ত্ৰিক শব্দই শব্দ প্ৰদূষণত ভাগ লয়৷ তাৰোপৰি দলং,বাট-পথ,ঘৰ আদি নিৰ্মাণৰ সময়ত হোৱা শব্দয়ো শব্দ প্ৰদূষণ ঘটায়৷
  4. বিজ্ঞানৰ উন্নতিৰ লগে লগে নানা ধৰণৰ মনোৰঞ্জনৰ আহিলাৰ আবিৰ্ভাৱ হব ধৰিছে যেনে-ৰেডিঅ’,টেলিভিছন,লাউডস্পিকাৰ,টেপৰেকৰ্ডাৰ ইত্যাদি৷ উচ্চ স্বৰত এইবোৰ ব্যৱহাৰ কৰিলেও শব্দ প্ৰদূষনৰ সৃষ্টি হয়৷
  5. কৃষি প্ৰধান প্ৰদেশ সমূহ যেনে-পঞ্জাৱ,হাৰিয়ানা আদিত কৃষিৰ সজুলি হিচাপে ব্যৱহাৰ কৰা যন্ত্ৰ বিলাকেও শব্দ প্ৰদূষণৰ সৃষ্টি কৰে৷
  6. বোমা বিস্ফোৰণৰ সময়ত হোৱা শব্দই প্ৰদূষণৰ সৃষ্টি কৰে৷ তাৰোপৰি দীপাৱলী,বিয়াসবাহ,বিভিন্ন উৎসৱ আদিত নানা ধৰণৰ ফটকা আদি ফুটোৱা হয়৷ এইবোৰৰ পৰা হোৱা শব্দয়ো শব্দ প্ৰদূষণ সৃষ্টি হোৱাত অৰিহণা যোগায়৷
  7. নানা ধৰণৰ প্ৰাকৃতিক দূৰ্ঘটনা যেনে-ভূমিকম্প,বিজুলী ঢেৰেকনি,আগ্নেয়গিৰি আদি ঘটাৰ সময়তো শব্দ প্ৰদূষণৰ সৃষ্টি হয়৷[1]

শব্দ প্ৰদূষণৰ প্ৰভাৱ(Effects of sound pollution)

  1. মানুহৰ শ্ৰৱণ ইন্দ্ৰিয়ই এক নিৰ্দিষ্ট মাত্ৰাৰ শব্দহে গ্ৰহণ কৰিব পাৰে৷ সেয়েহে শব্দ প্ৰদূষণে মানুহৰ কাণৰ ওপৰত আটাইতকৈ বেছি পেলায়৷ ইয়াৰ ফলত মানুহৰ নানা ধৰণৰ কাণৰ ৰোগ হয় আৰু কেতিয়াবা কাণৰ শ্ৰৱণ শক্তি সম্পূৰ্ণৰূপে লোপ পায়৷
  2. বিভিন্ন ধৰণৰ শাৰিৰীক ভাৰসাম্যহীনতা বৃদ্ধি কৰিব পাৰে৷
  3. অবিৰাম শব্দই মানুহৰ ৰক্তপ্ৰবাহ সংকুচিত কৰে,তেজত এড্ৰিনেলিন হৰ’মনৰ ক্ষৰণ বৃদ্ধি কৰি ৰক্তচাপ বৃদ্ধি কৰে৷
  4. মানুহৰ কাৰ্যক্ষমতা হ্ৰাস পায়,স্নায়ৱিক বিকলতা দেখা যায়,নিউৰছিছ অনিদ্ৰা ৰোগ হয়৷
  5. শব্দ প্ৰদূষণৰ ফলত মূৰ কামোৰণী,মানসিক উত্তেজনা আৰু নানা ধৰণৰ মানসিক ৰোগ হয়৷
  6. অবিচ্ছিন্ন শব্দৰ মাজত সোমাই থকা সকলৰ হৃৎস্পন্দন বঢ়াৰ উপৰি খিঙখিঙীয়া স্বাভাৱৰ হয়৷
  7. মানুহৰ পাচনযন্ত্ৰৰ বিভিন্ন অংশ ক্ষতিগ্ৰস্ত হয়৷
  8. শিশুৰ ক্ষেত্ৰত স্নায়ৱিক প্ৰতিক্ৰিয়া ঘটায়৷
  9. প্ৰব্ৰজনকাৰী চৰাইবিলাকৰ বাসস্থান পৰিৱৰ্ত্তন হয়৷
  10. জৈৱ বৈচিত্ৰতাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে৷[1]

শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ উপায়(Control of noise pollution)

ব্যাপক হাৰত বৃদ্ধি হোৱা জনসংখ্যা আৰু তাৰ আনুপাতিক ভাৱে গঢ়ি উঠা ঔদ্যোগিক প্ৰতিস্থান,যান-বাহনৰ ব্যৱস্থা আদিয়ে শব্দ প্ৰদূষণ ব্যাপক হাৰত বৃদ্ধি কৰিছে যদিও কিছুমান প্ৰতিকাৰৰ দ্বাৰা ইয়াৰ প্ৰাৱল্য কমাব পৰা যায়৷

অভিযান্ত্ৰিক পদক্ষেপ(Engineering approach)
  1. জনবসতিপূৰ্ণ অঞ্চলৰ ওচৰত কল-কাৰখানা, উদ্যোগ আদি স্থাপন কৰা অনুচিত৷ কল-কাৰখানাবোৰৰ যন্ত্ৰপাতি উন্নতধৰণৰ কৰি তাৰপৰা অধিক শব্দ ওলোৱা বন্ধ কৰিব লাগে৷ দৰকাৰ অনুসৰি মেচিনবোৰত শব্দ ৰোধক (Silencers)ব্যৱহাৰ কৰিব লাগে৷
  2. যান-বাহনবোৰে অযথা হৰ্ণ,চাইৰেন আদি বজাব নালাগে৷
  3. ৰেডিঅ’,লাউডস্পিকাৰ আদি কম শব্দত বজাব লাগে৷ লগতে প্ৰতিবেশীৰ যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে৷
  4. বৃক্ষৰোপন কৰি শব্দ প্ৰদূষণ ৰোধ কৰিব পৰা যায়৷ পৰিবেশ বিজ্ঞানীৰ মতে গছ-গছনিৰ সেউজীয়া আৱৰণে ১০-২০ ডেচিবল পৰ্যন্ত শব্দধ্বনি শোষণ কৰিব পাৰে৷ সেয়েহে জনবসতিপূৰ্ণ অঞ্চল,ৰাষ্ট্ৰীয় ঘাইপথ,উদ্যোগ প্ৰতিস্থান আদিৰ কাষত বৃক্ষৰোপন কৰিব লাগে৷
  5. বিভিন্ন সামাজিক অনুস্থানত হোৱা অপ্ৰয়োজনীয় কোলাহল,হাই-উৰুমি আদি বন্ধ কৰিব লাগে৷[1]
আইনসঙ্গত পদক্ষেপ(Legislative approach)
  1. শব্দ প্ৰদূষণৰ উৎসবিলাক চিনাক্তকৰণ কৰি উলিয়াব লাগে৷
  2. জনসাধাৰণৰ মাজত শব্দ প্ৰদূষণৰ ভয়াবহতাৰ বিষয়ে প্ৰচাৰ কৰিব লাগে৷
  3. দীপাৱলীৰ সময়ত ফুটোৱা ফটকা বা আন আতচবাজীৰ শব্দৰ প্ৰাৱল্যৰ মান ১২৫-১৪৫ ডেচিবল হোৱাটো বাঞ্চনীয়৷[1]




তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 1.3 1.4 দীপালী দাস (২য় সংস্কৰণ ২০১২). পৰিবেশ অধ্যয়ন. ISBN 81-85-916-100-4.