সমললৈ যাওক

শম্ভূ সিংহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এইচ এইচ মহাৰাণা ছাৰ শম্ভূ সিংহ
মেৱাৰৰ মহাৰাণা

মহাৰাণ শম্ভূ সিংহই জেভলিন নিক্ষেপ কৰি থকা, দৰবাৰৰ চিত্ৰশিল্পী তাৰাৰ দ্বাৰা (সক্ৰিয় ১৮৩৬-১৮৭০), মেৱাৰ ১৮৬৬
উদয়পুৰ ৰাজ্যৰ মহাৰাণা
ৰাজত্ব ১৮৬১-৭৪
পূৰ্বসূৰী স্বৰূপ সিংহ
উত্তৰাধিকাৰী সজ্জন সিংহ
দাম্পত্য সঙ্গী HH Maharaniji Sa Chauhanji Shri Indra Kanwarji Saheba of Garhi in Banswara State


HH Maharaniji Sa Jhaliji Shri Daulat Kanwarji Saheba of Bari Sadri in Udaipur State

সন্তান
No Issue
বাসগৃহ Ranawat-Sisodia
মাতৃ Rathorji (Bikawatji) Nand Kanwarji Maji Saheba d.of Rajvi Sagat/Shakti Singh of Chatragarh in Bikaner State
পিতৃ Sher Singh of Bagore

এইচ এইচ মহাৰাণা ছাৰ শম্ভূ সিংহ জিচিএছআই GCSI(en:Order of the Star of India) (২২ ডিচেম্বৰ ১৮৪৭ – ৭ অক্টোবৰ ১৮৭৪), ১৮৬১ চনৰ পৰা ১৮৭৪ চনলৈকে উদয়পুৰ ৰাজ্যৰ ছিছোদিয়া বংশৰ ৰাজপুত শাসক আছিল। তেওঁ বাগুৰৰ পুত্ৰ কুঁৱৰ শ্বেৰ সিং[1] আৰু নিঃসন্তান মোমায়েক আৰু পূৰ্বপুৰুষ মহাৰাণা স্বৰূপ সিংহৰ ভাগিন আছিল।

ইংৰাজে ব্যৱসায়ী হিচাপে ভৰি দি লাহে লাহে ভাৰতীয় মূল ভূমিৰ আধিপত্য দখল কৰাৰ আগতে ভাৰতৰ চহকী আৰু বৈচিত্ৰ্যপূৰ্ণ ভূমিয়ে অসংখ্য আক্ৰমণ আৰু লুটপাতৰ সন্মুখীন হৈছিল। ১৮৫৭ চনৰ মহান ভাৰত বিদ্ৰোহৰ লগে লগে ভাৰতৰ শাসন ব্যৱস্থা ইংলেণ্ডৰ ৰাণীৰ হাতলৈ হস্তান্তৰ হয় আৰু মহাৰাণা শম্ভূ সিংহই মেৱাৰৰ সিংহাসনত আৰোহণ কৰাৰ লগে লগে এক নতুন যুগ আৰম্ভ হৈছিল।

তেওঁ দ্বিতীয় মহাৰাণা সংগ্ৰাম সিংহৰ বংশধৰ;[2] মহাৰাণা স্বৰূপ সিংহই তেওঁক মনোনীত উত্তৰাধিকাৰী হিচাপে গ্ৰহণ কৰে। মহাৰাণা শম্ভূ সিংহ নাবালক হিচাপে সিংহাসনত আৰোহণ কৰি যুৱ মহাৰাণাক পথ প্ৰদৰ্শন কৰিবলৈ এজন ব্ৰিটিছ ৰাজনৈতিক এজেণ্ট নিযুক্তি দিয়া হয়। সেই সময়ৰ আৰ্থিক অৱস্থা আগতকৈ তুলনামূলকভাৱে সুস্থিৰ আৰু প্ৰগতিশীল আছিল আৰু মেৱাৰৰ শাসক হিচাপে তেওঁক সম্পূৰ্ণ ক্ষমতা প্ৰদান কৰাৰ পিছতো তেওঁ ৰাজ্যৰ কোষাগাৰ পুনৰ ভৰাই ৰাখিছিল।

সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰাৰ পিছত তেওঁ প্ৰশাসনিক সম্পদৰ উন্নতিৰ বাবে বিভিন্ন নতুন নিয়ম আৰু কাৰ্যালয় স্থাপন কৰি মন্দিৰ আৰু পবিত্ৰ স্থানৰ প্ৰশাসন আৰু আয়ৰ সংগঠিত কৰি মেৱাৰৰ বাবে নতুন আইনী সংহিতা প্ৰৱৰ্তন কৰে। তেওঁৰ অধীনত সামৰিক বাহিনী পুনৰ সংগঠিত হয়, বিভিন্ন কাৰাগাৰ সংস্কাৰ প্ৰৱৰ্তন কৰা হয় আৰু নতুনকৈ পথ আৰু ৰেলপথ নিৰ্মাণ আৰম্ভ কৰা হয়। আনুষ্ঠানিকভাৱে অশিক্ষিত হোৱাৰ পাছতো তেওঁ শিক্ষাক সৰ্বোচ্চ গুৰুত্ব দি বৰ্তমানৰ বিভিন্ন বিদ্যালয় সম্প্ৰসাৰণ কৰি অসংখ্য নতুন বিদ্যালয়ৰ প্ৰৱৰ্তন কৰে। আটাইতকৈ ডাঙৰ কথাটো হ’ল, তেওঁ প্ৰথমে ছোৱালীৰ বাবে এখন বিদ্যালয় স্থাপন কৰিছিল আৰু এইদৰে সকলোৰে বাবে শিক্ষাৰ সুযোগৰ প্ৰসাৰ ঘটাইছিল। তেওঁ সতী প্ৰথা ৰোধৰ বাবে বিশেষ ব্যৱস্থা বলবৎ কৰাৰ লগতে অপৰাধীক বৃহৎ আৰ্থিক জৰিমনা বিহিছিল।

এইদৰে ৰাজহুৱা সা-সুবিধা আৰু আন্তঃগাঁথনিৰ বিভিন্ন সংস্কাৰৰ সৈতে শম্ভু সিংহক তেওঁৰ সময়ৰ এজন উদাৰ আৰু সু-পৰিচালিত ৰজা হিচাপে গণ্য কৰা হৈছিল। কিন্তু ২৭ বছৰ কম বয়সতে তেওঁৰ অকাল মৃত্যুৰ লগে লগে তেওঁৰ জন্মভূমিক প্ৰাচীন সোণালী যুগলৈ পুনৰুজ্জীৱিত কৰাৰ সপোন স্তব্ধ হৈ পৰিল। তেওঁৰ কোনো উত্তৰাধিকাৰী নাছিল আৰু তেওঁৰ ভাগিন সজ্জন সিংহ, যিজন তেওঁৰ মৃত্যুৰ সময়ত নিজেই নাবালক আছিল; তেওঁৰ উত্তৰাধিকাৰীত্ব লাভ কৰিছিল আৰু তেওঁৰ পূৰ্বৰ সংস্কাৰসমূহ ধাৰাবাহিকভাৱে আগবাঢ়িছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Bagore (Thikana)". http://members.iinet.net.au/~royalty/ips/b/bagore.html. 
  2. "Bagore (Thikana)". http://members.iinet.net.au/~royalty/ips/b/bagore.html.