সমললৈ যাওক

শয়ন মন্দিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শয়ন মন্দিৰ বা নিদ্ৰা মন্দিৰ (Sleep temples) বা সপোন মন্দিৰ প্ৰাচীন কালৰ এটি চিকিৎসা পদ্ধতি আছিল, যাক কিছুমান লোকে প্ৰাচীন সম্মোহনৰ এটি উদাহৰণ বুলি গণ্য কৰে। প্ৰায় ৪০০০ বছৰৰ আগতে, ইমহোটেপৰ প্ৰভাৱত ই বিকশিত হৈছিল। ইমহোটেপ হেলিঅ'প'লিছত ৰ দেৱতাৰ উচ্চপদস্থ পুৰোহিত আৰু চান্সেলৰ আছিল। তেওঁৰ পিতৃ আছিল পথ, আৰু মাতৃ আছিল এটি মৰণশীল নাৰী, Khredu-ankh

শয়ন মন্দিৰ চিকিৎসালয়ৰ দৰে আছিল আৰু বিভিন্ন ৰোগ বিশেষকৈ মানসিক অসুখৰ চিকিৎসা কৰা হৈছিল। ৰোগীক এখন অন্ধকাৰ কক্ষত শুবলৈ দিয়া হৈছিল আৰু বিশেষ পদ্ধতিৰে চিকিৎসা কৰা হৈছিল। এই পদ্ধতিত মন্ত্ৰ পঢ়া, ৰোগীক সম্মোহন অৱস্থাত নিয়া আৰু সপোনৰ বিশ্লেষণৰ জৰিয়তে চিকিৎসাৰ দিশ নিৰ্ধাৰণ কৰা হৈছিল। ধ্যান, উপবাস, স্নান আৰু দেৱতাৰ বাবে বলিদানো অন্তৰ্ভুক্ত আছিল।

শয়ন মন্দিৰ প্ৰাচীন গ্ৰীচ আৰু মধ্য প্ৰাচ্যতো বিদ্যমান আছিল। গ্ৰীচত, এই মন্দিৰসমূহ আস্ক্লেপিঅ'ছৰ সন্মানত নিৰ্মাণ কৰা হৈছিল আৰু ই আস্ক্লেপিয়ন নামে জনাজাত। এই চিকিৎসা পদ্ধতিত ইনকিউবেচন (ধাৰ্মিক পদ্ধতি) অন্তৰ্ভুক্ত আছিল, য'ত আস্ক্লেপিঅ'ছৰ উদ্দেশ্যে প্ৰাৰ্থনা কৰা হৈছিল। এই শয়ন কক্ষত সাপ ৰখা হৈছিল, যি আস্ক্লেপিঅ'ছৰ প্ৰতীক আছিল। ইহুদী ধৰ্মত, কাৱানাহ নামৰ অনুৰূপ চিকিৎসা পদ্ধতি আছিল, য'ত হিব্ৰু বৰ্ণমালাৰ আধ্যাত্মিক ধ্যান কৰা হৈছিল।

১৯২৮ চনত, মৰ্টিমাৰ হুৱিলাৰে লিডনী পাৰ্ক, গ্ল'চেষ্টাৰশ্বায়াৰত এখন প্ৰাচীন ৰোমান শয়ন মন্দিৰ আৱিষ্কাৰ কৰিছিল, য'ত J. R. R. Tolkien সহায় কৰিছিল।[1]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]