সমললৈ যাওক

শলগুৰি সত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শ্ৰীশ্ৰী আইভেটি শলগুৰি সত্ৰ হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ নিকটৱৰ্তী তথা দক্ষিণ পূব দিশত অৱস্থিত এখন সত্ৰ। এইখন সত্ৰ গুৰুজনাৰ নাতি বোৱাৰী আই কনকলতাই স্থাপন কৰিছিল।[1]

শলগুৰি সত্ৰৰ বিভিন্ন ঠালসমূহ

[সম্পাদনা কৰক]

আইভেটি ন সত্ৰ

[সম্পাদনা কৰক]

কনকলতা বা লক্ষ্মী আয়ে বৰদোৱা থান আৱিষ্কাৰ কৰিবৰ মানসেৰে‍ ভকত সহ আহি​ যি‍ ঠাইত ৰৈছিলহি‍ সেই ঠাইক আইভেটি বা লক্ষ্মী আই থান বোলে। ​ দুজোপা বেলগছ সহ ভেটি এতিয়াও আছে। ভেটিটিত এটি কীৰ্তনঘৰ আছে আৰু ভক্তসকলে দৈনিক নাম-প্ৰসঙ্গ কৰে‍। থানখন ন সত্ৰই চলায়।

অনন্ত আতাৰ পৰি‍নাতি হৰি‍চৰণ সৰুহিছাৰ অধিকাৰ হয়। তেৰাৰ পুত্ৰ শশধৰ আতা আইভেটিত আছিল। উত্তৰ কালত শশধৰদেৱে‍ আইভেটিত এখন নতুনকৈ সত্ৰ পাতে। এই সত্ৰখনকে‍ আইভেটি ন সত্ৰ বোলে। চন্দ্ৰকান্ত সিংহই হেনো শশধৰ আতাত শৰণ লৈছিল। আৰু এই সূত্ৰতে ৰজাৰপৰা বাৰ কুৰি‍ পূৰা ভূমি লাভ কৰে। ইয়াৰ উপৰি শশধৰ আতাৰ​​ ককাক সৰু হিছাৰ অধিকাৰ লক্ষ্মীকান্তই গৌৰনাথ সিংহৰপৰা প্ৰায় চৈধ্য শ বিঘা নিষ্কৰ ভূমি পাইছিল। এই নিষ্কৰ ভূমি বৰ্তমান নিষ্পিখেৰাজত পৰিণত হৈছে আৰু ন সত্ৰৰ অধিকাৰসকলে সত্ৰৰ নামত ভোগ কৰে।

শুকদল শলগুৰি‍ সত্ৰ (বৰবৰী)

[সম্পাদনা কৰক]

অনন্তৰায় আতা পুৰুষৰ দ্বিতীয় ভাৰ্যাৰ দ্বিতীয় পুত্ৰ হৰি ৰায় উজনিৰপৰা বৰদোৱালৈ‍ আহে। এওঁ পণ্ডিত আছিল, ভাগৱত ব্যাখ্যা কৰি‍সকলকে মুহিছিল দেখি এওঁক ভাগৱতী​ আতা বুলিছিল। ৰাজেশ্বৰ সিংহই এওঁৰ ভাগৱত ব্যাখ্যা শুনি পৰম পৰিতুষ্টি‍ হৈ বৰদোৱাৰ ওচৰৰ শুকদলত বহুত মাটি দান কৰে। এৱেঁই শুকদল সত্ৰৰ প্ৰতিষ্ঠাতা। ইংৰাজ আমোলত ফলি দেখুৱাব নোৱৰাত কেৱল ১০৫ বিঘা মাটি সত্ৰৰ নামত থাকে। ৰাজেশ্বৰ সিংহই দিয়া সমস্ত মাটি এতিয়া নাই।

শুকদল শলগুৰি‍ সত্ৰ (সৰু-বৰী)

[সম্পাদনা কৰক]

হৰিৰায়ৰ তিনি পুত্ৰ-- প্ৰদ্যুম্ন, সুদ্যুম্ন আৰু ইন্দ্ৰদ্যুম্ন। প্ৰদ্যুম্ন শুকদল (বৰবৰিৰ) অধিকাৰ হয় আৰু সুদ্যুম্নই সৰু-বৰিত সত্ৰ পাতে।

ইটাকুলি সত্ৰ

[সম্পাদনা কৰক]

এই সত্ৰ হৰি‍ৰায়ৰ পুত্ৰ ইন্দ্ৰদ্যুম্নই পাতে। সত্ৰৰ অৱস্থা ভাল নহয়। বৰ্তমান সত্ৰৰ গয়াকী পেহীয়েকৰ মঠৰবৰীয়া গোসাঁয়ে বিয়া কৰায়। মঠীয়া গোসাঁই আৰু ভকতসকলে সত্ৰখন চলাইছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "আইভেটি" (as ভাষাত). অসমীয়া প্ৰতিদিন. https://www.asomiyapratidin.in/assam/batadrawa-news-আইভেটি আহৰণ কৰা হৈছে: 12 আগষ্ট 2025.