শশীকলা সিনহা
শশীকলা সিনহা | |
---|---|
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | ভাৰতীয় মিছাইল বিজ্ঞানী |
নিয়োগকৰ্তা | ৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO), ভাৰত চৰকাৰ |
জনা যায় | ভাৰতীয় বেলিষ্টিক মিছাইল প্ৰতিৰক্ষা কাৰ্যসূচীৰ প্ৰকল্প সঞ্চালক |
শশীকলা সিনহা (ইংৰাজী: Shashikala Sinha) এগৰাকী ভাৰতীয় বিজ্ঞানী। ভাৰতীয় বেলিষ্টিক মিছাইল প্ৰতিৰক্ষা কাৰ্যসূচীৰ অংশ এণ্ডো-এটম’স্ফেৰিক ইন্টাৰচেপ্টৰ মিছাইল এডভান্সড এৰিয়া ডিফেন্স প্ৰগ্ৰেমত প্ৰজেক্ট ডাইৰেক্টৰ হিচাপে ভূমিকা লোৱাৰ বাবে তেওঁ পৰিচিত। ২০১৯ চনলৈকে তেওঁ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’)ত ‘বিজ্ঞানী এইচ’ হিচাপে গ্ৰেড লাভ কৰিছে আৰু প্ৰায় ৩০০ বিজ্ঞানীৰ এটা দলৰ নেতৃত্ব দিয়ে।
জীৱন
[সম্পাদনা কৰক]শশীকলা সিনহাৰ জন্ম হৈছিল তামিলনাডুৰ মাদুৰাইত।[1] তেওঁৰ দেউতাক আছিল মিলিটাৰী ইঞ্জিনিয়াৰ, ফলত তেওঁ কৰ্তব্য অনুসৰি সমগ্ৰ ভাৰত ভ্ৰমণ কৰিছিল। তেওঁ চেকেণ্ডৰাবাদৰ ছেইণ্ট এন হাইস্কুল, ছেইণ্ট ফ্ৰান্সিছ কলেজ ফৰ উইমেন আৰু তাৰ পাছত হায়দৰাবাদৰ ওছমানিয়া বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে।।[2] তেওঁ ডি আৰ ডি অ’ত যোগদান কৰে, কিন্তু এবছৰৰ ভিতৰতে গুচি যায় যাতে ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি খৰগপুৰৰ পৰা অভিযান্ত্ৰিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিব পাৰে, য’ত তেওঁ স্বামীকো লগ পায়।[1] ইইয়াৰ পিছত তেওঁ ছ’চাইটি অৱ মাইক্ৰৱেভ ইঞ্জিনিয়াৰিঙত যোগদান কৰে যদিও ১৯৮৯ চনত প্ৰথম কন্যাৰ জন্মৰ পিছত চাকৰি এৰি যায়। তেওঁৰ স্বামী এজন ভাৰতীয় নৌ সেনাৰ বিষয়া আছিল। তেওঁলোকৰ দুগৰাকী কন্যা। ১৯৯৭ চনত তেওঁৰ স্বামীৰ এক গাড়ী দুৰ্ঘটনাত মৃত্যু হৈছিল।[2]
১৯৯৭ চনত চুক্তিৰ ভিত্তিত ডি আৰ ডি অ’ৰ ক্ষেপণাস্ত্ৰ গৱেষণা কেন্দ্ৰ ৰিচাৰ্চ চেণ্টাৰ ইমাৰাটত যোগদান কৰে আৰু ২০০১ চনলৈকে তেওঁ এগৰাকী পূৰ্ণকালীন বিজ্ঞানী হৈ পৰে।[3] তেওঁ 'আৰ. এফ. চেন্সৰ উপ-প্ৰণালী'ত কাম কৰিবলৈ আৰম্ভ কৰিছিল যাৰ বাবে তেওঁৰ দলটোক ২০০৭ চনত উৎকৃষ্টতাৰ বাবে অগ্নি বঁটা প্ৰদান কৰা হৈছিল। ২০১২ চনলৈকে তেওঁ এডভান্সড এয়াৰ ডিফেন্স কাৰ্যসূচীৰ প্ৰকল্প সঞ্চালক আছিল আৰু ২০১৭ চনলৈকে প্ৰায় ৩০০ গৰাকী বিজ্ঞানীৰ এটা দলৰ নেতৃত্ব দি আছিল।[1] বিমান, ৰেডম আৰু ৰাডাৰ ক্ৰছ ছেক্সনৰ বিকাশত তেওঁৰ দক্ষতা আছে।[4] ২০১৭ চনলৈকে তেওঁক বিজ্ঞানী জি (লেভেল ১৪) হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 (en-IN ভাষাত). 2017-03-09. https://www.thehindu.com/news/national/telangana/at-the-vanguard-of-the-interceptor-missile-success/article17433260.ece.
- ↑ 2.0 2.1 2.2 Isaac, Christopher (2017-03-09). "Meet Shashikala, The missile woman" (en ভাষাত). Deccan Chronicle. https://www.deccanchronicle.com/lifestyle/viral-and-trending/090317/meet-shashikala-the-missile-woman.html। আহৰণ কৰা হৈছে: 2020-06-01.
- ↑ "Dr Shashikala Sinha – ET Women's Forum" (en-GB ভাষাত). https://etwomensforum.com/dr-shashikala-sinha/। আহৰণ কৰা হৈছে: 2020-06-01.[সংযোগবিহীন উৎস]
- ↑ (en ভাষাত). 13 January 2018. https://www.thehindubusinessline.com/news/national/shashikala-sinha-the-scientist-behind-the-ballistic-missile-shield/article9576103.ece.