সমললৈ যাওক

শাকচুন্নী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শাকচুন্নী (ইংৰাজী: Shakchunni) শব্দটো সংস্কৃত ভাষাৰ শব্দ শংকাচুৰ্ণী পৰা আহিছে। ইয়াক সাধাৰণতে এগৰাকী বিবাহিত মহিলাৰ আত্মা বুলি বৰ্ণনা কৰা হয়। ইহঁতে হাতত শামুকৰ খোলাৰে তৈয়াৰী বিশেষ ধৰণৰ পৰম্পৰাগত শাখা পোলা নতুবা শাখা পলা পিন্ধি থাকে, যিটো বঙালী হিন্দু বিবাহিত মহিলাৰ চিন। শাকচুন্নীসকল পেত্নীতকৈ পৃথক, ইহঁতে গছৰ ওপৰত বাস কৰে[1] আৰু তেওঁলোকক অশান্তি দিয়া পৰা মানুহক আক্ৰমণ কৰে বুলি কোৱা হয়। ইহঁতক অজেয় বুলিও বিশ্বাস কৰা হয়। কিয়নো, কেৱলমাত্ৰ নিদিষ্ট কিছুমান নীতি-নিয়মৰ জৰিয়তেহে ইহঁতক নিৰ্বাসিত কৰিব পৰা যায়।

শাকচুন্নীক জনশ্ৰুতিসমূহত সাধাৰণতে এগৰাকী সমৃদ্ধিশালী ব্যক্তিৰ সৈতে বিবাহত প্ৰৱেশ কৰা এগৰাকী যুৱতী হিচাপে বৰ্ণনা কৰা হয়। সেই অনুসৰি, বৈবাহিক সংগী তথা স্বামীয়ে তেওঁলোকৰ ওপৰত কৰা নিষ্ঠুৰতা আৰু নিৰ্যাতনৰ ফলত তেওঁলোকৰ অকাল মৃত্যু হয়। ভূতৰ দৰে পুনৰ উভতি আহি শাকচুন্নীয়ে নিজৰ পূৰ্বৰ পতিক খেদি ফুৰে বুলি বিশ্বাস কৰা হয়।[2] নিজৰ বৈবাহিক জীৱনৰ ভিতৰতে হোৱা দুখজনক অভিজ্ঞতাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ মনত ভাল সংগীৰ বাবে এক তীব্ৰ আকাংক্ষা আশ্ৰয় লয়। ফলস্বৰূপে, তেওঁলোকে বিবাহিত মহিলাসকলক লক্ষ্য কৰি লয়, আৰু তেওঁলোকৰ পৰিচয় লৈ কৰি সমাজত বাস কৰে।

স্থানীয় লোককথাত শাকচুন্নীক পৰম্পৰাগত বঙালী নাৰীৰ হুবহু বিপৰীত ৰূপত চিত্ৰিত কৰা হৈছে। নোমযুক্ত কাণ থকা দুষ্ট, প্ৰতিশোধ বিচৰা, তথা ভয়ংকৰ সত্তা হিচাপে তেওঁলোকক বৰ্ণনা কৰা হয়। লোককথাৰ গৱেষকসকলে ইয়াক এক সূক্ষ্ম পিতৃতান্ত্ৰিক বাৰ্তা বুলি কয় যে সমাজৰ নিৰ্দিষ্ট আশাৰ পৰা বিচ্যুত হোৱা নাৰীসকল শাকচুন্নীৰ দৰেই ঘৃণনীয়।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Chatterjee, Priyadarshini (2022-10-29). "What do ghosts in Bengal eat?". Scroll.in. https://scroll.in/magazine/1036017/what-do-ghosts-in-bengal-eat আহৰণ কৰা হৈছে: 2025-02-06.
  2. Gallego, R. (2024). Fear Terror And Anguish. Ricardo Gallego. পৃষ্ঠা. 27. https://books.google.co.in/books?id=EMoJEQAAQBAJ&pg=PA27 আহৰণ কৰা হৈছে: 2025-02-06.
  3. Rayhan, A. A. B. F. Haunters or Haunted?: A Feminist Anatomization of Female Ghosts (Shakchunni, Sheekol Buri, and Prapti) from Bengali Folk Tales through the Prism of Biological Essentialism.