শাগুতি
কুকুৰা আৰু আলুৰ শাগুতি | |
| প্ৰকাৰ | তৰকাৰী |
|---|---|
| উৎপত্তিৰ স্থান | ভাৰত |
| অঞ্চল | গোৱা (পূৰ্বৰ Estado da Índia Portuguesa)। |
| মুখ্য উপাদান | কেঁকোৰা, কুকুৰা, ভেড়া বা গৰুৰ মাংস; বগা পপি গুটি; ৰোষ্ট কৰা নাৰিকল; শুকান ৰঙা জলকীয়া |
শাগুতি (ইংৰাজী: Xacuti; কোংকণী: शागोती) হৈছে ভাৰতৰ গোৱাত প্ৰস্তুত কৰা এবিধ তৰকাৰী, য'ত বগা পপি গুটি, টুকুৰা টুকুৰ কৰা পিঁয়াজ, টোষ্ট কৰা নাৰিকল, আৰু ডাঙৰ শুকান ৰঙা জলকীয়া আদি জটিল মছলাৰ সৈতে প্ৰস্তুত কৰা হয়।[1] ইয়াক সাধাৰণতে কেঁকোৰা, কুকুৰাৰ মাংস, ভেড়াৰ মাংস বা গোমাংসৰ সৈতে প্ৰস্তুত কৰা হয়।[2][3] ইয়াক পৰ্তুগীজ ভাষাত চাকুটি বুলিও জনা যায়।
গোৱাত সাধাৰণতে জনাজাত চাকুটি বা শাগুতিৰ উৎপত্তি গোৱাৰ পেৰ্নেম তালুকাৰ হৰমল গাঁৱত (বৰ্তমান আৰম্বোল) হোৱা বুলি ধৰা হয়। ঐতিহাসিকভাৱে স্থানীয় মাছমৰীয়াসকলে ক’লা জলকীয়া (মেৰিয়া), জলকীয়া, হালধি, পিঁয়াজ, জাইফল, ডালচেনি আৰু নিমখৰ দৰে মছলাৰ সৈতে চাটনি বা জোল প্ৰস্তুত কৰিছিল। ইয়াৰ লগত যোগ কৰা হয় লঘুকৈ টোষ্ট কৰা নাৰিকল আৰু বগা পপি গুটি। এই চাটনি তাৰ পিছত সদ্য ধৰা মাছ বা কুকুৰাৰ সৈতে পৰিৱেশন কৰা হয়। পৰ্তুগীজসকলে দক্ষিণ ভাৰতত এই অঞ্চলত উপনিৱেশ স্থাপন কৰাৰ সময়ত তেওঁলোকে নিজৰ লগত লৈ আহিছিল শাগুতিকে ধৰি বহু বস্তু।